Rahul Gandhi : ‘ডায়েট’ পৰিৱৰ্তনে, ৰাহুলক সলনি কৰিছে নেকি ?

Rahul Gandhi :

ভাৰত জ’ৰ’ যাত্রাত পুৱতি নিশাই শোই উঠি কংগ্রেছ নেতাসকলে পাঁচ বাজি ৪৫ মিনিটৰ পৰা পদযাত্রা আৰম্ভ কৰে । ইয়াতকৈও আগত যাত্ৰা আৰম্ভ কৰিব বিচাৰিছে ৰাহুল গান্ধীয়ে । পুৱা পাঁচ বাজি ৩০ মিনিটৰ পৰাই পদযাত্ৰা আৰম্ভ কৰিব লাগে ।

দৈনন্দিন ভাৰত জ’ৰ’ যাত্রা গড়ে ২০ৰ পৰা ২১ কিলোমিটাৰকৈ চলিছে । ৰাহুলে এই দূৰত্ব আৰু বৃদ্ধি কৰিব বিচাৰিছে । নিতৌ ২৫ কিলোমিটাৰ পদযাত্ৰা কৰা হ‌ওক ।

কংগ্রেছ নেতাসকলে ধাৰণা কৰিছে, ইয়াতকৈও গুৰুত্বপূর্ণ যে, বিগত ডেৰ মাহত ভাৰত জ’ৰ’ যাত্রাই ৰাহুল গান্ধীৰ আমূল পৰিৱৰ্তন আনিছে । ফেব্রুৱাৰীৰ শেষত ভাৰত জ’ৰ’ যাত্রাৰ অন্ত পৰিব । কংগ্রেছ নেতাসকলৰ আশা, কন্যাকুমাৰীৰ পৰা কাশ্মীৰ পর্যন্ত চাৰে তিনি হেজাৰ কিলোমিটাৰ পথ যাত্ৰা কৰাৰ পাছত অন্য এছন ৰাহুল গান্ধী দেখা যাব ।

কংগ্রেছৰ এগৰাকী প্রবীণ নেতাৰ দাবী, ‘‘ৰাহুলৰ ৰাজনীতিৰ পথাৰত অভিজ্ঞতা নাছিল । ভাৰত জ’ৰ’ যাত্রাই সেই অভাৱ পূৰণ কৰি দিছে । বিজেপিয়ে এই ৰাহুলক পুনৰ পাপ্পু বুলি কোৱা কঠিন‌ হ’ব । এইবাৰ এক নতুন ৰাহুল গান্ধীৰ উত্থান হৈছে ।’’

বুধবাৰে পুৱা কংগ্রেছৰ নৱনির্বাচিত সভাপতি মল্লিকার্জুন খৰ্গে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰে । তেওঁৰ হাতত সভাপতি পদত নির্বাচনত জয়ৰ প্ৰমাণপত্ৰ তুলি দিয়া হয় । কংগ্রেছ সভানেত্রী পদত ছোনিয়া গান্ধীৰ কামৰ বাবে তেওঁক ধন্যবাদ জনায়ো প্রস্তাৱ পাঠ কৰে ।

কংগ্রেছৰ মুখ্য অৱশ্যে ৰাহুল গান্ধীয়েই থাকিব । বুধবাৰৰ অনুষ্ঠানৰ পাছতেই তেলংগানালৈ উভতি যায় তেওঁ । বৃহস্পতিবাৰে ভাৰত জ’ৰ’ যাত্রাৰ ৫০তম দিন । পুনৰ মেহবুবনগৰৰ পৰা যাত্রা আৰম্ভ হ’ব ।

কংগ্রেছৰ জনসংযোগ দপ্তৰৰ নেতা জয়ৰাম ৰমেশে কয়, ‘‘তামিলনাডু, কেৰালা, কর্নাটক আৰু অন্ধ্র — এই চাৰি ৰাজ্যত ১,২৭০ কিলোমিটাৰ পথত এই পর্যন্ত ৫০টা সংগঠনে ৰাহুল গান্ধীক দেখা কৰিছে । এতিয়া এই ৫০টা সংগঠনেই ৰাহুলৰ স’তে পথত খোজকাঢ়িছে । তেওঁলোকৰ স’তে ৰাহুলৰ কথা-বার্তা হৈছে ।

নিবনুৱা, উপাৰ্জন, কৃষকৰ সমস্যা, সৰু-মজলীয়া উদ্যোগৰ সমস্যাৰ দৰে বিষয় উত্থাপন হৈছে ।’’ কংগ্রেছ নেতাসকলৰ বক্তব্য, ইয়াৰ ফলত সাধাৰণ লোকে ক’ত কি সমস্যাত আছে, পৰ্যবেক্ষণ কৰিছে ৰাহুলে ।

কিছুদিন পূৰ্বে ৰাহুলৰ স’তে যাত্রাত যোগ দিছিল এআইচিচি-ৰ সচিব ৰণজিৎ মুখোপাধ্যায়ে । ৰণজিতৰ মতে, ‘‘পাঁচ মাহ ধৰি নিতৌ ২০ৰ পৰা ২১ কিলোমিটাৰ পথ খোজকঢ়া সহজ কথা নহয় । ইয়াৰ মাজতে ৰাহুল গান্ধীয়ে খোজকাঢ়ি থাকোতে যি য’ত চকুত পৰিছে, তেওঁক কাষত মাতি আনিছে । কথা পাতিছে ।

ৰাহুলক এতিয়া অধিক দৃঢ়প্রতিজ্ঞ আৰু উৎসাহিত যেন লাগিছে । বিজেপিয়ে তেওঁক যি নামেৰে নামাতক কিয়, তাৰ একো প্রভাৱ নপৰিব ।’’

কংগ্রেছৰ অন্তৰ্ৱতী মহলত প্রশ্ন, কেৱল পদযাত্রা কৰিলেই নির্বাচনত সফলতা আহিব নেকি ? অনাগত গুজৰাট-হিমাচল বা আগন্তুক বছৰত কর্নাটকসহ বিভিন্ন ৰাজ্যত ইয়াৰ কি প্রভাৱ পৰিব ?

দলৰ নেতাসকলৰ দাবী, ৰাহুলে পথত নামি প্রাথমিক কামটো কৰি পেলাইছে । মানুহৰ মাজত কংগ্রেছ সম্পর্কে পুনৰ আগ্রহ আৰম্ভ হৈছে ।

কর্নাটকৰ দৰে বিজেপি শাসিত ৰাজ্য, অন্ধ্রপ্রদেশৰ দৰে যি ৰাজ্যত কংগ্রেছৰ চিন-চাপ প্রায় নোহোৱা হৈছে, তাতো ভাৰত জ’ৰ’ যাত্রাত বিপুল সহযোগিতা দেখা গৈছে । ইয়াৰ পাছৰ নির্বাচনত যুঁজৰ কাম কংগ্রেছ সংগঠনে কৰিব লাগিব ।

প্রবীণ কংগ্রেছ নেতাসকলৰ মতে, ছোনিয়া গান্ধীৰ আমোলত কংগ্রেছৰ সংগঠন অধিকাংশ ৰাজ্যতেই দুর্বল হৈ পৰিছে । বুধবাৰে নতুন দায়িত্ব লোৱাৰ পাছৰ পৰাই মল্লিকার্জুনৰ কাম হ’ব, সেই সংগঠনক পুনৰ শক্তিশালী কৰা ।

দলৰ তৃণমূল স্তৰৰ পৰা উঠি অহা মল্লিকার্জুনৰ অভিজ্ঞতা এই ক্ষেত্রত সহায়ক হ’ব । ৰাহুলে যে সাত ছেপ্টেম্বৰৰ পৰা এই পর্যন্ত একেৰাহে ভাৰত জ’ৰ’ যাত্রাত অংশগ্ৰহণ কৰিব, সেয়া কংগ্রেছৰ কোনেও আশা কৰা নাছিল ।

ৰাহুলে কেৱল নিতৌ খোজকাঢ়িছে সেয়াই নহয় । দিনৰ শেষত অন্যান্য সকলৰ স’তে লোহাৰ কন্টেনাৰতেই নিশা কটাইছে ।

ইমান দিনে ৰাহুলৰ বিৰুদ্ধে অভিযোগ আছিল, তেওঁ হঠাৎ বিদেশ গুচি যায় । কংগ্রেছ নেতাসকলৰ মনত এটাই শংকা, বৰদিন-বর্ষশেষৰ বন্ধত ৰাহুলে অন্যবাৰৰ দৰে বিদেশ গুচি নাযায়তো !

ৰাহুল-ঘনিষ্ঠ এগৰাকী নেতাৰ উত্তৰ, ‘‘কোনো প্রশ্নই নাই । এইবাৰ কন্টেনাৰতেই বর্ষবৰণ‌ হ’ব ।’’

Exit mobile version