Bokajan : বোকাজানৰ ডিলাইত পোন্ধৰ কোটি টকাৰ মূল্যৰ মৰফিন সহ আটক দুই সৰৱৰাহকাৰী 

WhatsApp Image 2022 10 29 at 16.26.34

Bokajan :

এক গোপন খবৰৰ ভিত্তিত কাৰ্বি আংলংৰ ডিলাই আৰক্ষীয়ে ডিলাই তিনি আলিত চলোৱা বিশেষ তালাচীত এখন বাহনৰ পৰা চাৰি কেজি মৰফিন সহ আটক কৰে দুই সৰৱৰাহকাৰীক ৷

আৰক্ষীৰ সুত্ৰ অনুসৰি মণিপুৰৰ পৰা ইউ.পি১৪ভি৪২৩৪ নম্বৰৰ এখন ডাষ্টাৰৰ পাছফলে লুকুৱাই আনিছিল ৷ আৰক্ষীয়ে গাড়ীখনত অহা দুই সৰৱৰাহকাৰী মণিপুৰৰ হেমখ’লাল লানকিন আৰু জাঙমিনাল হাউকিপক আটক কৰে ৷

মৰফিনখিনি মণিপুৰৰ পৰা শিলিগুৰিলৈ নিছিল বুলি জানিব পৰা গৈছে ৷ সুত্ৰ অনুসৰি জব্দকৃত মৰফিন খিনিৰ মূল্য পোন্ধৰ কোটি টকা বুলি জানিব পৰা গৈছে ৷

Exit mobile version