Assam : অসম চিকিৎসা মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী

মহাৰজত জয়ন্তী উপলক্ষ্যত ডাক টিকট উন্মোচন

6d1990a8 e5ab 4858 a77d b0cbd214f627

Assam  :

উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম অগ্ৰণী আৰু পুৰণি চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত আজি উপস্থিত হয় মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ৷ মহাবিদ্যালয় খনৰ ৭৫ সংখ্যক জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথি ৰূপে অংশ লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে মহাৰজত জয়ন্তী বৰ্ষৰ স্মৃতিত এক স্মৃতিচাৰণ ডাকটিকট মুকলি কৰাৰ লগতে নখন এডভান্সড লাইফ ছাপ’ৰ্ট এম্বুলেন্সৰো ফ্লেগ অফ কৰে ৷

মুখ্য অতিথিৰ ভাষণত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ৰাজ্যৰ পুৰণি চিকিৎসা মহাবিদ্যালয়খনে বহু খ্যাতনামা চিকিৎসকৰ জন্ম দিছে আৰু ইয়াৰে বহুতেই বিশ্বজুৰি বিভিন্ন আগশাৰীৰ প্ৰতিষ্ঠানত নিজৰ সেৱা আগবঢ়াই আছে। ই অসমবাসীৰ বাবে গৌৰৱৰ কথা। এই ক্ষণতে মই অসমত চিকিৎসা শিক্ষাৰ বাটকটীয়া ছাৰ জন বেৰী হোৱাইটলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, লগতে গোপীনাথ বৰদলৈয়েও শিক্ষানুষ্ঠানখন প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে, ৰাজ্য চৰকাৰে ৩০০ কোটি টকা ব্যয়েৰে চিকিৎসকৰ বাবে আৱাসিক কোৱাৰ্টাৰ আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে হোষ্টেল নিৰ্মাণ কৰাৰ কথা সদৰি কৰে। ছাৰ জন বেৰী হোৱাইটৰ অপৰিসীম ভূমিকা বিবেচনা কৰি শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক ছাৰ জন বেৰী হোৱাইটৰ নামত এটা বঁটা প্ৰতিষ্ঠা কৰি প্ৰতি বছৰে এম বি বি এছৰ চূড়ান্ত পৰীক্ষাৰ প্ৰথম স্থানপ্ৰাপ্তগৰাকীক এই বঁটা প্ৰদানৰ বাবে অনুৰোধ জনায়।

গাম্ভীৰ্যপূৰ্ণ সভা খনত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড:ধ্ৰুৱজ্যোতি বৰা,কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰীদ্বয় কেশৱ মহন্ত, বিমল বড়া, সাংসদদ্বয় পৱিত্ৰ মাৰ্ঘেৰিটা আৰু কামাখ্যা প্ৰসাদ তাছা, বিধায়কসকল প্ৰশান্ত ফুকন, বিনোদ হাজৰিকা, তৰংগ গগৈ, চক্ৰধৰ গগৈৰ লগতে অন্যন্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।

Exit mobile version