AAP Campaign : গুজৰাট বিধানসভা নিৰ্বাচনৰ কাউন্ট ডাউন আৰম্ভ

মাৰাথন ৰেলী অৰিবিন্দ কেজৰিৱালৰ, আপে কৰিলে তাৰকা প্ৰচাৰকৰ লিষ্ট

WhatsApp Image 2022 11 09 at 15.02.42

AAP Campaign :

গুজৰাট বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা পূৰ্বে কৰা আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে ৰাজ্য উখনত ব্যাপক ৰাজনৈতিক কুজকাৱাজ আৰম্ভ কৰাৰ মাজতে ইতিমধ্যে নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাত উৎসাহিত হৈ পৰিছে আপৰ কৰ্মকৰ্তাসকল ৷

ইতিমধ্যে গুজৰাটত ইখনৰ পিছত সিখনকৈ নিৰ্বাচনী ৰেলীত অংশ লৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়াল,উপ- মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান ৷

শেহতীয়াকৈ দুখন ৰাজ্যত শাসনৰ গাদীত থকা আপে বিধানসভা নিৰ্বাচনৰ বাবে আজি তাৰকা প্ৰচাৰকৰ এখন তালিকা প্ৰকাশ কৰিছে।

তালিকাখনত আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়া,দলৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সাংসদ সঞ্জয় সিং আৰু ৰাঘৱ চাধাৰ নাম শীৰ্ষত অন্তভুৰ্ক্ত কৰিছে ।

উল্লেখ্য পঞ্জাৱত দলটোৰ ৰাজকীয় উদ্থানত বিশেষ ভূমিকা লোৱা মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ লগতে গুজৰাটৰ নিৰ্বাচনী প্ৰচাৰত দিল্লী আৰু পঞ্জাৱৰ বাগ্মীবৰ নেতাসকলৰ ওপৰত বিশেষ দায়িত্ব অৰ্পন কৰা হৈছে একেদৰে দলটোৱে দুগৰাকী মহিলা নেতাকো তাৰকা প্ৰচাৰকৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে৷তেওঁলোক হ’ল পঞ্জাৱ চৰকাৰৰ দুই মহিলা মন্ত্ৰী আনমোল গগন মান আৰু বলজিন্দৰ কৌৰ ।

মনকৰিবলগীয়া যে দেশৰ প্ৰাক্তন ক্ৰিকেট তাৰকা তথা পঞ্জাৱৰ ৰাজ্যসভাৰ সাংসদ হৰভজন সিঙকো গুজৰাটত প্ৰচাৰৰ দায়িত্ব দিছে আপে ।

আপে প্ৰচাৰকৰ তালিকাত বিশেষ ষ্টাৰ কেম্পেনাৰ হিচাপে স্থান দিছে দলটোৰ গুজৰাট মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ইচুদান গঢ়ৱীৰ, দলৰ ৰাজ্যিক সভাপতি গোপাল ইটালিয়াৰৰ উপৰিও মনোজ সোৰথিয়া, অল্পেশ কথিৰিয়া আৰু যুৱৰাজ জাদেজা।

ৰাজ্য খনৰ দীৰ্ঘসময়ৰ পৰা সময়ৰ শাসনৰ গাদীত থকা ভাৰতীয় জনতা পাৰ্টিক উৎখাত কৰিবৰ বাবে ব্যাপক ৰণকৌশলৰে নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে যদিও ইতিমধ্যে প্ৰকাশ হোৱা নিৰ্বাচনী সমীক্ষাত কেইবাটাও ৰাষ্ট্ৰীয় নিউজ চেনেলে ভাজপাক পুনৰ সংখ্যা গৰিষ্ঠাৰে চৰকাৰ গঠনৰ কথা কোৱা হৈছে ৷

সমীক্ষাত আপক মাত্ৰ তিনিৰ পৰা সাত খন আসন পোৱা সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় নিউজ চেনেলে ৷

Exit mobile version