Cricketer Jintimoni kalita : অসমবাসীৰ বাবে এটা গৌৰৱৰ খবৰ

ভাৰতীয় মহিলা ক্ৰিকেট দললৈ মঙলদৈৰ জীয়ৰী জিণ্টিমণি কলিতা

WhatsApp Image 2022 11 09 at 21.07.52

Cricketer Jintimoni kalita :

অসমৰ ৰাইজৰ বাবে এটা ভাল খবৰ ৷ ভাৰতীয় মহিলা ক্ৰিকেট দললৈ নিৰ্বাচিত হৈছে এগৰাকী অসম জীয়ৰীয়ে ৷ ১৯ অনুৰ্ধ্বৰ দলত স্থান পোৱা যুৱতী গৰাকী হ’ল মঙলদৈৰ তৰণ ক্ৰিকেটাৰ জিণ্টিমণি কলিতা ৷

জিণ্টিমণিয়ে ১৩ৰ পৰা ১৯ নৱেম্বৰলৈ অন্ধ প্ৰদেশৰ জাহাজ নগৰী বিশাখাপট্টনমত অনুষ্ঠিত হ’বলগীয়া ত্ৰিদেশীয় ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ অংশগ্ৰহণ কৰিব ৷

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ দ্বাৰা আয়োজিত টুৰ্নামেণ্ট খনত ভাৰতৰ উপৰিও ভাগ ল’ব শ্ৰীলংকা আৰু ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেট টিমে ৷ উল্লেখ্য যে আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতা খনত ভাৰতীয় মহিলা দলৰ ‘এ’ আৰু ‘বি’ ৰ দুয়োটা দলে ভাগ ল’ব যদিও জিন্টিমণিয়ে ভাৰতৰ ‘এ’ দলৰ খেলিব ৷

দৰং জিলাৰ মঙলদৈ চহৰৰ শান্তিপুৰ নিবাসী নকুল কলিতা আৰু শেৱালি কলিতাৰ সুযোগ্যা কন্যা জিন্টিমণিয়ে মঙলদৈ বালিকা বিদ্যালয়ৰ নৱম শ্ৰেণীত অধ্যয়নৰত হৈ থকা সময়তে১৯ অনূৰ্ধ্ব অসম ক্ৰিকেটৰ মহিলা দলটোৰ হৈ খেলাৰ বিপৰীতে শেহতীয়াকৈ ২৩ বছৰ অনূৰ্ধ্বৰ অসম দলৰ হৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি ক্ৰিকেট প্ৰশাসকৰ দৃষ্টিত পৰিছিল ৷

Exit mobile version