Rishi Sunak : শাসনত অহাৰ পাছতেই ইউ কে প্ৰধান মন্ত্ৰী ঋষি ছুনাকৰ ওপৰত মানসিক হেঁচা বৃদ্ধি

তদন্তৰ দাবী বিৰোধীৰ

1djp23g rishi sunak 10 downing street rishi sunak

Rishi Sunak :

ইউ কেত কনজাৰভেটিভ দলে চৰকাৰ গঠন কৰাৰ ঠিক পিছতেই ভাৰতীয় মূলৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকৰ মূৰৰ ওপৰত যেন ক’লা ডাৱৰে আৱৰি ধৰিছে । প্ৰথম পদক্ষেপ হিচাপে ঋষি চুনাকে সন্মুখীন হৈছে বৃহৎ প্ৰত্যাহ্বানৰ । সদ্য বৃটেইন চৰকাৰৰ মন্ত্ৰী এমিড বুলায়িঙে নিজ দলৰ প্ৰাৰ্থী উইলিয়ামচনছৰ ওপৰত অনা অভিযোগৰ ভিত্তিত শাসনাধিষ্ঠ দলটোৰ অন্যতম প্ৰাৰ্থী উইলিয়ামচনছে টুইটাৰ যোগে নিজৰ পদত্যাগ পত্ৰ দাখিল কৰিছে ।

অভিযোগ অনুসৰি উইলিয়ামচনছে নিজ দলৰ সতীৰ্থক অসৎ ব্যৱহাৰ কৰিছিল । সেইলৈ বিৰোধী দলে মন্ত্ৰীজনৰ ওপৰত ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰিছিল । যাৰ পৰিপ্ৰেক্ষিতত উইলিয়ামচনছে টুইটাৰ যোগে নিজৰ পদত্যাগ পত্ৰ দাখিল কৰে । প্ৰাপ্ত তথ্য অনুসৰি , ইতিমধ্যে ভাৰতীয় মূলৰ বৃটেইনৰ সদ্য নিৰ্বাচিত হোৱা প্ৰধানমন্ত্ৰী ঋষি ছুনাকে এমিডৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে ।

উল্লেখ্য যে , এমিডৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰাৰ পিছতো ক্ষান্ত হোৱা নাই বৃটেইনৰ বিৰোধী দল । এই ঘটনাক লৈ তদন্তৰ দাবী তুলিছে বিৰোধী দলে ।

ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী ছুনাকে কয় যে , তেওঁ উইলিয়ামচনছৰ পদত্যাগ পত্ৰ অতি দুখেৰে গ্ৰহণ কৰিছে আৰু এইটো এক দুখ: জনক ঘটনা বুলি আখ্যা দিছে লগতে তেওঁ সতীৰ্থসকলক তেওঁক কৰা সহযোগৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে ।

ইফালে বিৰোধী দলে অভিযোগ আনি কনজাৰভেটিভ চৰকাৰৰ প্ৰধানমন্ত্ৰী ছুনাকৰ নেতৃত্বৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছে আৰু দুৰ্বল নেতৃত্ব বুলি অভিহিত কৰিছে । কনজাৰভেটিভ দলৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈকে ইতিমধ্যে বিৰোধী লেৱাৰ পাৰ্টীৰ দলপতি চাৰ কেইৰ ষ্টেমাৰে এই ইচ্ছ্যুক লৈ কেবিনেটত প্ৰধানমন্ত্ৰী চুনাকক প্ৰশ্নবাণেৰে থকাসৰকা কৰি দলটোৰ ওপৰত অধিক হেঁচা দিয়া পৰিলক্ষিত হৈছে ।

তেনে ক্ষেত্ৰত পৰৱৰ্তী সময়ত চুনাকে কেনেধৰণে সমগ্ৰ বিষয়টো নিষ্পতি কৰে সেইয়া লক্ষণীয় হ’ব ।

Exit mobile version