Indian Medical Students :
ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত অব্যাহত থকা যুদ্ধৰ মাজতে ইউক্ৰেইনত শিক্ষা গ্ৰহণ কৰি থকা কে’বা সহস্ৰাধিক ভাৰতীয় শিক্ষাৰ্থী উভতিছিল ভাৰতলৈ ৷ ইয়াৰে অধিক সংখ্যক আছিল মেডিকেলৰ শিক্ষাৰ্থী ৷
এই শিক্ষাৰ্থী সকলে ভাৰতত পঢ়িবলৈ হ’লে ভাৰতীয় মেডিকেল কাউন্সিলৰ এক পৰীক্ষাত অৱতীৰ্ণ হোৱা চৰ্চা চলি থকাৰ মাজতে এটা ভাল খবৰ আহিছে ৰাছিয়াৰ পৰা ৷
ইউক্ৰেইনৰ পৰা পঢ়া আধৰুৱা কৰি দেশলৈ ঘূৰি অহা শিক্ষাৰ্থীসকলক এইবাৰ অধ্যয়নৰ সুযোগ দিয়াৰ কথা ঘোষণা কৰিছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ ৰাছিয়াই। আনকি ভাৰতীয় মেডিকেল শিক্ষাৰ্থীসকলক শিক্ষাগ্ৰহণ কৰিবলৈ সুযোগ দিয়াৰ কথা ঘোষণা কৰে ৰাছিয়াই ৷
এই সন্দৰ্ভত ভাৰতস্থ ৰাছিয়াৰ ৰাষ্ট্ৰদূত ওলেগ আদিভে বৃহস্পতিবাৰে চেন্নাইত অনুষ্ঠিতএক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল ৷
অনুষ্ঠানত ভাগ লৈ ৰাষ্ট্ৰদূত গৰাকীয়ে কয় যে, ‘‘যুদ্ধজৰ্জৰ ইউক্ৰেইনৰ পৰা যিসকল ভাৰতীয় শিক্ষাৰ্থীয়ে পঢ়া- শুনা আধাতে এৰি প্ৰাণৰ মমতাত উভতি আহছে৷ তেওঁলোকৰ বাবে বিশেষ সুযোগ দিবলৈ প্ৰস্তুত হৈছে ৰাছিয়া ।
তেওঁ আৰু কয় যে ,ইউক্ৰেইন আৰু ৰাছিয়াৰ চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম প্ৰায় একে পৰ্যায়ৰ। সেয়ে ৰাছিয়াত শিক্ষা গ্ৰহণত শিক্ষাৰ্থী সকল কোনো অসুবিধা সন্মুখীন নহ’ব । সেইবাবে তেওঁলোকে বিনাদ্বিধাই ৰাছিয়াত নিশ্চিতভাৱে তেওঁলোকৰ আধৰুৱা মেডিকেল পাঠ্যক্ৰম সমাপ্ত কৰিব কৰিব পাৰিব। শিক্ষাৰ্থী সকলক আমি ৰাছিয়ালৈ জনাইছো স্বাগতম ।’’
এনে ক্ষেত্ৰত ভাৰতৰ বন্ধ ৰাষ্ট্ৰখনৰ পৰা অহা এই সিদ্ধান্ত শিক্ষাৰ্থী সকলৰ পৰিয়াল বা ভাৰত চৰকাৰে কিদৰে গ্ৰহণ কৰে সেইয়া হ’ব লক্ষণীয় ৷