Perona Library :পুনৰ  শাখা মুকলি নলবাৰীৰ প্ৰেৰণা পুথিভঁৰালৰ

দাহুদীত হব চতুৰ্থটো ক্ষেত্ৰী ধৰ্মপুৰ শাখা

WhatsApp Image 2022 11 17 at 18.18.11

Perona Library :

সমগ্ৰ ৰাজ্যজুৰি চৰ্চিত নলবাৰীৰ এটা ব্যক্তিগত পুথিভঁৰালে পুনৰ এক শাখা মুকলি কৰিবলৈ প্ৰস্তুতি চলাইছে । ‘অধ্যয়ন, অনুশীলন, পৰিৱৰ্তন’ক মূলমন্ত্ৰ হিচাবে লৈ ২০০০ চনত নলবাৰীৰ বিহামপুৰত এগৰাকী শিক্ষক দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাৰ পৃষ্ঠপোষকতাত তেওঁৰ নিজ বাস ভৱনতে স্থাপন কৰা প্ৰেৰণা পুথিভঁড়ালৰ চতুৰ্থটো শাখা মুকলি কৰা হ’ব অহা দেওবাৰে।

নলবাৰীৰ বৃহত্তৰ ক্ষেত্ৰীধৰ্মপুৰ অঞ্চলক সামৰি ইয়াৰ দাহুদীত সুশীলা নাৰ্চাৰীত মুকলি কৰা হব উক্ত শাখাটো। প্ৰস্তাৱিত উক্ত শাখাটোৰ মুখ্য পৰিচালক হিচাবে থাকিব অসমৰ কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ড :মৃণাল বৰ্মন । দেশ তথা সমাজৰ ক্ৰমাৎ জটিল হৈ অহা পৰিস্থিতিত ‘প্ৰেৰণা পুথিভঁড়াল’ শীৰ্ষক এই প্ৰগতিশীল গ্ৰন্থ আন্দোলনটো অধিক শক্তিশালী ৰূপত আগবঢ়াই নিয়াটো জৰুৰী বুলি বিবেচনা কৰি তাৰেই অংশ হিচাবে নলবাৰী জিলাৰ ক্ষেত্ৰী ধৰ্মপুৰ অঞ্চলক সামৰি ‘প্ৰেৰণা পুথিভঁৰাল, ক্ষেত্ৰী ধৰ্মপুৰ শাখা’ নামৰ এই পুথিভঁৰালটো প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনা লোৱা হৈছে ।

এই কথা  প্ৰকাশ কৰিছে পুথিভঁৰালটোৰ মুখ্য পৰিচালক দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই। পৰিচালক শৰ্মাই সদৰী কৰামতে  সিদিনা ৰাতিপুৱা ৯ বজাত পুথিভঁৰালৰ পতাকা উত্তোলন কৰিব শাখাটোৰ মুখ্য পৰিচালক ড : মৃণাল বৰ্মনে । পুথিভঁৰালৰ শাখা মুকলি উপলক্ষে ৰাতিপুৱা ৯:১৫ বজাত গছপুলি ৰোপণ আৰু কৃষক সম্বৰ্ধনাৰো আয়োজন কৰা হৈছে ।

প্ৰকাশ অনুসৰি  কৃষক জয়দেৱ দাস, উমেশ দাস, জিতেন কলিতা, উপানন্দ দাস, ঘনশ্যাম মেধি আৰু নৰেশ্বৰ ৰাজবংশীক সম্বৰ্ধনা জনোৱা হব। ইয়াৰ পাছতে ৰাতিপুৱা ৯:৩০ বজাত অনুষ্ঠিত হ’ব বিজ্ঞান বিষয়ক লিখিত কুইজ প্ৰতিযোগিতা। দুটা শাখাত বিভক্ত এই প্ৰতিযোগিতাখনৰ ক শাখাত ৫ম, ৬ষ্ঠ আৰু ৭ম শ্ৰেণী তথা খ শাখাত ৮ম, ৯ম আৰু ১০ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব ।

ৰাতিপুৱা ১০:৩০ বজাত সমবেত সংগীতেৰে উদ্বোধনী সভাখন আৰম্ভ হ’ব । ১১ বজাত অনলাইনযোগে শুভেচ্ছামূলক ভাষণ দিব বিশিষ্ট চিন্তাবিদ তথা সমালোচক ড:হীৰেন গোহাঁয়ে । ইয়াৰ পাছতে পুথিভঁৰালটো উদ্বোধন কৰিব প্ৰেৰণা পুথিভঁৰালৰ মুখ্য পৰিচালক দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই । অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰিব বিশিষ্ট লেখক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অৱসৰী অধ্যাপক ড : অৱনী কুমাৰ ভাগৱতীয়ে ।

নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰিব বৰভাগ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক ড : ধনেশ্বৰ বৈশ্যই । আনহাতে বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকিব কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপক তিলক শৰ্মা আৰু ডি. এছ. আৰ. একাডেমীৰ প্ৰবক্তা কমল নয়ন মিশ্ৰ ।

উল্লেখযোগ্য যে প্ৰেৰণা পুথিভঁৰালৰ এই ক্ষেত্ৰীধৰ্মপুৰ শাখাতেই অসমৰ পৰম্পৰাগত জ্ঞান আৰু প্ৰযুক্তি সম্পৰ্কীয় এটি সংগ্ৰহালয় মুকলি কৰিব অসম বিজ্ঞান সমিতিৰ সভাপতি ড :মোহন চন্দ্ৰ কলিতাই ।

Exit mobile version