Road Accident :নগাঁৱৰ চামগুৰিত ভয়াৱহ পথ দুৰ্ঘটনা

চলন্ত ডাম্পাৰৰ খুন্দাত নিহত দুই স্কুটি আৰোহী

WhatsApp Image 2022 11 19 at 11.59.35

Road Accident:
নগাঁৱৰ চামগুৰিৰ বাজিয়াগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা ৷ চলন্ত ড্ৰাম্পাৰৰ খুন্দাত নিহত দুই স্কুটি আৰোহী যুৱক ৷

শুক্ৰবাৰে নিশা দুই স্কুটি আৰোহী যুৱকে বাজিয়াগাঁও গড়কাপ্তানী পথেৰে গৈ থকা সময়তে বিপৰীতে দিশৰ পৰা দ্ৰতগতিত অহা ড্ৰাম্পাৰে স্কুটি সহ দুই যুৱকক মহতিয়াই নিয়ে ৷

দুৰ্ঘটনাটোৰ ফলত এজন যুৱক থিতাতে নিহত হোৱাৰ বিপৰীতে আন এজন গুৰুতৰভাৱে আহত যুৱক এজনক নগাঁৱৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ৷নিহত যুৱকদ্বয় হ’ল ছাহিনুৰ ইছলাম আৰু আব্বাছ আলী ৷

দুৰ্ঘটনা সংঘটিত কৰা ড্ৰাম্পাৰ খনৰ নম্বৰ এ এছ ০৯এচি ৩৩০৩ ৷আনহাতে দুৰ্ঘটনাগ্ৰস্ত হোৱা স্কুটি খনৰ নম্বৰ এএছ ০২ৱাই ১৪৯৪ । দুৰ্ঘটনা সংঘটিত কৰা ড্ৰাম্পাৰ খনৰ চালকজন ঘটনাটো হোৱাৰ পিছতে পলায়ন কৰে ৷

Exit mobile version