Nagaon Paper Mill : নগাঁও কাগজ কল বিক্ৰীৰ নিবিদা আহ্বান এআইডিচিৰ

৩০ বছৰলৈ কাছাৰ কাগজ কলৰ সম্পত্তি লীজত দিবলৈ উদ্যোগ গ্রহণ

WhatsApp Image 2022 11 21 at 17.37.49 1

Nagaon Paper Mill :

নগাঁও কাগজ কল বিক্ৰীৰ প্রক্রিয়া অব্যাহত ৰখাৰ সময়তে কাছাৰ কাগজ কলৰ সমগ্ৰ প্ৰকল্পটো অতিৰিক্ত ভূমিসহ ৩০ বছৰলৈ লীজত দিয়াৰ উদ্যোগ গ্ৰহণ কৰিছে চৰকাৰে ।

অসম চৰকাৰৰ অধীনস্থ অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেডৰ (এআইডিচি)ৰ জৰিয়তে তিনিটা শিতানত প্ৰকল্পটোৰ সম্পূৰ্ণ সম্পত্তি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান অথবা ব্যক্তিগত খণ্ডক উক্ত সময়ছোৱাৰ বাবে লীজত দিয়াৰ আনুষ্ঠানিকতাও ৰূপায়ণ কৰা হৈছে ।

সমগ্ৰ সম্পত্তিৰ হিচাপত লীজত দিব বিচৰা শিতানকেইটা হ’ল প্ৰকল্প আৰু যন্ত্রাংশ অঞ্চল সামৰি থকা ৬৫৯ বিঘা ভূমি, ৯২৪ বিঘা ভূমি সামৰি থকা টাউনশ্বিপ আৰু খালী হৈ পৰি থকা উদ্যোগটোৰ ১.৩৩৩ বিঘা ভূমি। আগ্রহী প্রতিষ্ঠানে অহা ন জানুৱাৰীৰ বিয়লি চাৰি বজাৰ ভিতৰত নিবিদা জমা কৰিব লাগিব।

উল্লেখ্য যে কাছাৰ কাগজ কলটো পুনৰ সক্ৰিয় কৰা হ’ব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল। তাৰ অংশ হিচাপে লীজ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। তাৰ সমান্তৰালকৈ নগাঁও কাগজ কল প্রকল্প আৰু যন্ত্রাংশ বিক্ৰীৰ নিবিদাও এআইডিচিয়ে আহ্বান কৰিছে।

এ আই ডি চিৰ জৰিয়তেই বিক্ৰীৰ নিবিদাৰ আহ্বান কৰা হৈছে। উল্লেখ্য যে বিগত ২০১৫ৰ জুলাইত বন্ধ হোৱা কাছাৰ কাগজ কলটো ২০১৪ত সক্ৰিয় হৈ থকা সময়ৰ পৰাই বিক্ৰীৰ চেষ্টা অব্যাহত আছিল ; কিন্তু কৰ্মচাৰী আৰু ৰাইজৰ প্ৰতিবাদত সেয়া সম্ভৱ নহ’লেও পৰৱৰ্তী বছৰৰ পৰা বন্ধ কৰি দিয়া হয় ৷

তাৰ লগতে বন্ধ কৰি দিয়া হয় কৰ্মচাৰীসকলৰ প্ৰাপ্য ধনো। ইয়াৰ ফলত তীব্র আর্থিক সংকটত ভুগি চাৰিজন কৰ্মচাৰীয়ে আত্মহত্যা কৰাৰো অভিযোগ উঠিছে ।

কাছাৰ কাগজ কলটো পুনৰুজ্জীৱিত কৰাৰ দাবীৰে কৰ্মচাৰী সন্থা তথা দুয়োটা কাগজ কলৰ কৰ্মচাৰীৰে গঠিত যৌথ সমিতিয়ে বৰ্তমানৰ অসম চৰকাৰৰ লগত কে’বালানি আলোচনাত মিলিত হয়। এই আলোচনাৰ ফলশ্রুতিত উদ্যোগটো পুনৰ সক্ৰিয় কৰাৰ আশ্বাস চৰকাৰে দিয়ে।

Exit mobile version