Assam- Meghalaya Border Violence : পশ্চিম কাৰ্বি আংলং-মেঘালয় সীমান্তত চেপা উত্তেজনা অব্যাহত

মক্ৰত গুলীচালনাত তিনি খাচী দুৰ্বৃত্ত সহ গৃহৰক্ষী জোৱান নিহত,শ্বিলঙ অভিমুখে যোৱা যান-বাহন খানাপাৰাৰ পৰা উভতালে অসম আৰক্ষীয়ে

WhatsApp Image 2022 11 22 at 14.57.30

Assam- Meghalaya Border Violence :
দুয়ো ৰাজ্যৰ মাজত শেহতীয়াকৈ সীমা বিবাদ নিস্পত্তিৰ বাবে দুয়োখন চৰকাৰে উদ্যোগ গ্ৰহণৰ মাজতে পশ্চিম কাৰ্বি আংলং-মেঘালয় সীমান্তৰ মক্ৰত সংঘটিত হয় ভয়ংকৰ গুলীচালনাৰ ঘটনা। গুলীচালনাত নিহত হয় চাৰিজনকৈ খাচী দুৰ্বৃত্তৰ আৰু এজন বনকৰ্মী । নিহত বনকৰ্মীজন বিদ্যাছিং লেকথে বুলি চিনাক্ত কৰা হৈছে । আনহাতে এই ঘটনাত আহত হয় অভিমুন্য নামৰ আন এজন জোৱান ৷

প্ৰাপ্ত খবৰ মতে পশ্চিম কাৰ্বি আংলঙৰ জিৰিকিডিঙৰ মুক্ৰত আজি পুৱা ভাগত খাচী দুৰ্বৃত্তই চোৰাংভাৱে ট্ৰাক এখনত কাঠ সৰবৰাহ কৰি থকা অৱস্থাতে নিয়মীয়া টহলদাৰী আৰক্ষী দল এটা উপস্থিত হৈ ট্ৰাক খন জব্দ কৰে ৷ ইয়াৰ পিছতে সৃষ্টি হয় তীব্ৰ সংঘাতৰ ।

ট্ৰাকখন জব্দ কৰি জিন্মাত ল’ব যাওঁতেই হাতে হাতে যাঁঠি লৈ আৰক্ষী আৰু বন বিভাগৰ লোকক চাৰিওপিনৰ পৰা ঘেৰাও কৰি আক্ৰমণ কৰে শতাধিক লোকে ।

পৰিস্থিতি নিয়ন্ত্ৰণ আৰু আত্মৰক্ষাৰ বাবে বনকৰ্মী তথা আৰক্ষীয়ে গুলীচালনাত কৰাত থিতাতে নিহত হয় ৩ জনকৈ খাচী দুৰ্বৃত্ত। আনহাতে দুৰ্বৃত্তৰ আক্ৰমণত নিহত হয় এজন বনকৰ্মী ৷

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ বৃহৎ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও বৰ্তমানো অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে । কাৰ্বি আংলংৰ পৰা মেঘালয়লৈ যোৱা সকলো পথ বন্ধ কৰি দিছে জিলা প্ৰশাসনে ৷

এই ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মামেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ স’তে টেলিফোনিক বাৰ্তালাপ কৰে ৷ দুয়োজন মুখ্যমন্ত্ৰীয়ে সীমান্তৱৰ্তী ৰাইজক শান্তি সম্প্ৰীতি অটুত ৰাখিবলৈ আহ্বান জনায় ৷

মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে কিছু সময় পিছত শ্বিলংত এখন সংবাদমেল সম্বোধন কৰিব বুলি জানিব পৰা গৈছে ৷

আনপিনে পশ্চিম কাৰ্বি আংলং-মেঘালয় সীমান্তত চেপা উত্তেজনা অব্যাহত থকাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ লোক সকলক মেঘালয়য় নাযাবলৈ অসম আৰক্ষীয়ে আহ্বান জনাইছে ৷

শ্বিলং অভিমুখে যোৱা বহু বাহনক খানাপাৰাৰ পৰা অসম আৰক্ষীয়ে উভতাই পঠিয়াইছে ৷ স্মতৰ্ৱ্য যে পশ্চিম কাৰ্বি আংলং-মেঘালয় সীমান্তত গুলীয়াগুলী ঘটনাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰে অসম আৰক্ষীয়ে ৷

শেহতীয়া খবৰ মতে,মেঘালয় চৰকাৰে ৰাজ্য খনৰ ৭ খন জিলাত ইন্টাৰনেট সেৱা কৰ্তন কৰিছে ৷ জিলা কেইখন হ’ল ৰিভয়,ৱেষ্ট জয়ন্তীয়া হিলছ,ইষ্ট জয়ন্তীয়া হিলছ ৷

Exit mobile version