Taliban : খেল নহয় , ষ্টেডিয়ামত কৰা হৈছে প্ৰহাৰ ! তালিবানৰ নিৰ্দেশত আজৱ দৃশ্য আফগনিস্তানত

Taliban 1

Taliban :

বিগত বছৰ আগষ্টত নতুনকৈ আফগানিস্তান (Afghanistan) দখল কৰাৰ পাছত, তালিবানে আশ্বাস দিছিল যে এয়া তালিবান ২.০ । যিসকলে মহিলাৰ স্বাধীনতা, বাক স্বাধীনতাৰ দৰে বিষয়ত বিশ্বাস কৰে। কিন্তু কিছুদনৰ ভিতৰতে এইটো স্পষ্ট হৈ পৰিছিল যে এইটো কেৱল এটা মিছা প্ৰতিশ্ৰুতিহে আছিল।

তেনে এটা ঘটনা পুনৰ পোহৰলৈ আহিলে । ব্যভিচাৰ আৰু চুৰিৰ দৰে অপৰাধত দোষী সাব্যস্ত হোৱা ১২ জন লোকক তালিবান প্ৰশাসনৰ নিৰ্দেশত প্ৰহাৰ কৰি হত্যা কৰা হৈছে । তেওঁলোকৰ তিনিগৰাকী মহিলা। বাকীসকল পুৰুষ।

কাবুলৰ প্ৰশাসনিক কাৰ্যালয়ৰ এজন কৰ্মচাৰীয়ে , এই ঘটনাৰ বিস্তাৰিত বিৱৰণ দিয়ে । তেওঁ জনাইছে , “অপৰাধীসকলৰ ভিতৰত আছে শিক্ষা কৰ্মীৰ পৰা মুজাহিদীনলৈকে, জেষ্ঠাৰ পৰা জনজাতীয় নেতালৈকে।

যিসকলৰ বয়স ২১ ৰ পৰা ১৯ বছৰৰ ভিতৰত। পুৱা ন বজাৰ ভিতৰত খেলপথাৰত উপস্থিত হ’বলৈ কোৱা হয় দৰ্শকসকলক । শ শ দৰ্শনাৰ্থী গেলেৰীত উপস্থিত হোৱা বুলি তেওঁ জনাইছে । একে সময়তে, তেওঁ দাবী কৰে যে সংবাদ মাধ্যমৰ সন্মুখত মুখ খোলাটো সম্পূৰ্ণৰূপে নিষিদ্ধ।

গতিকে তেঁও নিজৰ নাম প্ৰকাশ নকৰাকৈ, এই বিষয়টো সকলোৰে ওচৰত উত্থাপন কৰিছে। তথ্য অনুসৰি জেহাদীসকলৰ কঠোৰ নিৰ্দেশনা আছিল যে ষ্টেডয়ামখনত ম’বাইল কেমেৰাত দোষীক প্ৰহাৰ কৰা দৃশ্য কোনো ফটো বা ভিডিঅ’ যাতে লোৱা নহয় । অৱশ্যে,ভিডিঅ’ আৰু ফটো নাথাকিলেও চৰকাৰী বিষয়াসকলৰ জৰিয়তে বিয়পি পৰিছে, শাস্তিৰ এই বাতৰি ।

এনে ধৰণৰ শাস্তিবোৰে বহুতক আফগানিস্তানত তালিবান শাসনৰ প্ৰথম পৰ্যায়ৰ কথা মনত পেলাই দিয়ে। ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ, ব্যভিচাৰ, চুৰিৰ দৰে ঘটনাত ৰাজহুৱাভাৱে মাৰপিট কৰা আৰু আনকি হত্যা কৰাটো স্বাভাৱিক আছিল।

সেই একেই দিনে পুনৰ ঘূৰি আহিল কাবুললৈ । তথ্য অনুসৰি, তালিবান শাসনৰ দ্বিতীয় পৰ্যায়ত ষ্টেডিয়ামত প্ৰহাৰ কৰাৰ ঘটনা এইটো প্ৰথম ঘটনা।

উলেখযোগ্য যে আফগানিস্তানত যুৱতীৰ ওপৰত এটাৰ পাছত আনটো কঠোৰ সামাজিক নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তেওঁলোকৰ শিক্ষাৰ অধিকাৰ ইতিমধ্যে কাঢ়ি লোৱা হৈছে। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, কিছুমান প্ৰদেশত কিশোৰী বয়স ছয় বছৰতকৈ অধিক হ’লে বিদ্যালয়লৈ যাবলৈ অনুমতি দিয়া নহয়। তেওঁলোক কৰ্মক্ষেত্ৰতো বঞ্চিত।

আনকি বাছ-টেক্সি চালকসকলেও তালিবানৰ ভয়ত ভাড়া পৰিশোধ কৰিলেও যুৱটিসকলক গাড়ীত উঠিবলৈ দিবলৈ অনিচ্ছুক । পৰিসংখ্যা অনুসৰি, তালিবান শাসনৰ সময়ত ৮০ শতাংশ মহিলা কৰ্মীয়ে আফগান সংবাদ মাধ্যমত চাকৰি হেৰুৱাইছিল।

Exit mobile version