Woman with Moustache : গোঁফৰ স’তেই অংশ লৈছিল সৌন্দর্য প্রতিযোগিতাত

বাহ্যিক সৌন্দৰ্যক লৈ প্রচলিত ধাৰণা ভংগ কৰিলে যুৱতীয়ে

1669295547 teenage

Woman with Moustache :

নাৰীৰ বাহ্যিক সৌন্দর্যক লৈ প্রচলিত কিছু ধাৰণা আছে । সেই ধাৰণা ভংগ কৰাৰ লক্ষ্মণৰেখা পাৰ কৰিলেই নানা সমস্যাৰ উৎপত্তি হয় । কিছু ক্ষেত্রত সেই প্রতিৰোধ আহে নিজৰ ঘৰৰ পৰাই । তাতো সলো সময়তে দমন কৰি ৰখা সম্ভৱ নহয় । সেই বাধাকো নেওচি ওলাই আহে কোনো কোনো ।

তেনেকোৱাই এগৰাকী ৩০ বছৰ বয়সীয়া মহিলা হৈছে ডাকোটা কুক । বহু দিনৰ পৰা পাতল গোঁফৰ ৰেখা দেখা গৈছিল তেওঁৰ মুখমণ্ডলত । কিন্তু কিছু বছৰৰ পৰা সেই গোঁফৰ ৰেখা ক্রমশ ডাঠ হ’বলৈ লয় । প্রথমাৱস্থাত স্ব‌ইচ্ছায় আৰু কিছু ঘৰৰ চাপত গোঁফ কম কৰিছিল ডাকোটাই । কিন্তু পিতৃ, ভাতৃৰ গোঁফ দেখি মাজে মাজে গোঁফ ৰখাৰ ইচ্ছা জাগে ।

ঘৰৰ অন্যসকলৰ কথা ভাবি, সেই ইচ্ছা বাস্তৱত পৰিণত কৰিব নোৱাৰে ডাকোটাই । কিন্তু বেছি দিন নিজৰ মনৰ বিৰুদ্ধে যাব নোৱাৰে ।

২০১৫ৰ পৰাই গোঁফ ৰখা আৰম্ভ কৰে ডাকোটাই । ইয়াৰ পূৰ্বে গোঁফৰ ৰেখা দেখা দিলেও কটা নাছিল । ইয়াৰ বাবে পৰিয়ালৰ লোকৰ ৰোষৰ বলিও হ’বলগীয়া হয় । লগতে প্রতিবেশীৰ ভ্রুকুটিতো আছিলেই । কিন্তু একোৱে বাধা দিব নোৱাৰে ডাকোটাক । সৰুৰ পৰাই মডেল হোৱাৰ স্বপ্ন দেখিছিল । কিন্তু তেওঁৰ চেহেৰাই স্বপ্নৰ লগ দিয়া নাছিল ।

ডাকোটাই এক সংবাদমাধ্যমক জনায়, সৰুৰ পৰা নিজৰ চেহেৰাক লৈ সন্তুষ্ট নাছিল তেওঁ । বিশেষকৈ তেওঁৰ গোঁফৰ ৰেখাই তেওঁক বাৰে বাৰে লজ্জাত পেলাইছিল । আত্মীয়স্বজনে তেওঁক কেৰাহিকৈ চাইছিল । আত্মবিশ্বাস কমিছিল ।

কিন্তু এদিন বন্ধুৰ কথামতে গোঁফৰ স’তেই এক সৌন্দর্য প্রতিযোগিতাত অংশ লৈছিল । তাত শীর্ষস্থান অধিকাৰ গ্ৰহণ কৰিব নোৱাৰিলেও তেওঁৰ সাহসক কুর্নিশ জনাইছিল সকলোৱে । তাৰ পাছৰ পৰা আত্মবিশ্বাসী হৈ উঠে ডাকোটা । তেওঁৰ উপলব্ধি হয়, বাহ্যিক সৌন্দর্যৰে কোনো লোকক বিচাৰ কৰিব পৰা নাযায় । প্ৰকৃততে সৌন্দর্য মনৰ ভিতৰত লুকাই থাকে ।

Exit mobile version