Bangladesh : বয়স কোনো বাধা নহয়, ৬৭ বছৰ বয়সত মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হ’ল এজন ব্যক্তি

1669711467 bangladesh madhyamick

Bangladesh :

অধ্যয়নৰ ক্ষেত্ৰত বয়স কোনো বাধা নহয়, প্রয়োজন ইচ্ছাশক্তিৰ । তাকেই প্রমাণ কৰিলে আবুল কালাম আজাদে । ৬৭ বছৰ বয়সত মাধ্যমিক পৰীক্ষা দি উত্তীৰ্ণ হ’ল তেওঁ । বাংলাদেশৰ শ্বেৰপুৰৰ বাসিন্দা আবুল । অৱশ্যে, অন্য এক নামেও বেচ পৰিচিত তেওঁ, ‘কবি কালাম’ ।

পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ খবৰ দি বাংলাদেশী সংবাদ মাধ্যম ‘প্রথম আলো’ক দিয়া সাক্ষাৎকাৰত তেওঁ জনায়, ২০২২ত চন্দ্রাবাজ ৰছিদা বেগম উচ্চ বিদ্যালয়ৰ পৰা মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হয় আবুল ।

সোমবাৰে বিয়লি ফলাফল প্রকাশিত হোৱাত জানিব পাৰে যে, ভাল নম্বৰেৰে উত্তীৰ্ণ হৈছে তেওঁ ।‘প্রথম আলো’ৱে লিখিছে, ১৯৫৫ত লংগৰপাৰা গাঁৱত জন্ম হয় আবুলৰ । দশম শ্রেণীলৈকে গাঁৱতেই পঢ়া-শুনা কৰিছিল তেওঁ।

সেই সময়ত তেওঁলোকৰ ঘৰত জুই লাগি যোৱাত পৰিয়ালসহ ঢাকালৈ গুচি যায় আবুল । তাৰ পাছত তেওঁ ঢাকা চহৰৰ ডকইয়ার্ডত চাকৰি পাইছিল ।

২২ বছৰ ঢাকাত থকাৰ পাছত বিয়া কৰে আবুলে । কর্মসূত্রে তেওঁ ছৌদি আৰবলৈ যাবলগীয়া হয় । ২০১৩ত ছৌদি আৰবৰ পৰা আকৌ গাঁৱৰ ঘৰত উভতি আহে তেওঁ ।  কিন্তু দশম শ্রেণীৰ পাছত আৰু শিক্ষা অব্যাহত ৰাখিব নোৱাৰাৰ বাবে তেওঁৰ আক্ষেপ আছিল ।

এই বয়সত আকৌ নতুনকৈ পঢ়া-শুনা আৰম্ভ কৰিব নে নাই বুলি চিন্তা কৰিছিল । অৱশেষত ২০২০ৰ পৰা মাধ্যমিক পৰীক্ষাৰ বাবে প্রস্তুতি আৰম্ভ কৰে আবুলে । ২০২২ত পৰীক্ষাত উত্তীৰ্ণ হয় ।

আবুলে কয়, ‘‘পঢ়া-লিখাৰ প্রতি মোৰ গভীৰ দুর্বলতা । সকলো সময়তে সংবাদপত্র আৰু কিতাপ পঢ়ো । গীত লিখো । কবিতা লিখো ।

কেইটামান উপন্যাস আৰু ছুটি গল্প লিখিছো । এইবোৰৰ পাণ্ডুলিপি সযত্নে সংৰক্ষণ কৰিছো ।’’নাৰীৰ শিক্ষা গ্রহণৰ বিষয়তো গুৰুত্ব দিয়ে তেওঁ । তেওঁৰ মতে, পঢ়া-শুনাৰ ক্ষেত্রত বয়স কোনো বাধা নহয় । ইচ্ছা থাকিলেই সকলো কৰিব পাৰি ।

Exit mobile version