Cm Conrad Sangma:মুক্ৰ’ কাণ্ডৰ পিছত অসম-মেঘালয় সীমান্ত আলোচনা ‘অলপ জটিল’: মুখ্যমন্ত্ৰী কনৰাড চাংমা

download 1 8

Cm Conrad Sangma:
মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই মঙলবাৰে কয় , মুক্ৰ’ গাঁৱত ২২ নৱেম্বৰত সংঘটিত হিংসাত্মক ঘটনাত ৬ জন লোক নিহত হোৱাৰ পিছত সীমান্ত বিবাদ সমাধানৰ বাবে অসম আৰু মেঘালয়ৰ মাজত দ্বিতীয় পৰ্যায়ৰ আলোচনাৰ প্ৰক্ৰিয়া “অলপ জটিল” হৈ পৰিছে।

সেয়েহে এতিয়া আলোচনাৰ বাবে উপযুক্ত সময় নহয় বুলি মন্তব্য কৰে চুবুৰীয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

অসম আৰু মেঘালয়ে আন্তঃৰাজ্যিক সীমান্তত ১২ টা বিতৰ্কিত অঞ্চল চিনাক্ত কৰিছে। ২০২১ চনৰ জুলাইত প্ৰথম পৰ্যায়ৰ আলোচনা আৰম্ভ কৰা উত্তৰ-পূবৰ দুয়োখন ৰাজ্যই এই বছৰৰ মাৰ্চত ছয়টা ক্ষেত্ৰত মতভেদ সমাধানৰ বাবে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰে।

“পৰিস্থিতি (সীমান্ত আলোচনাৰ বাবে) অলপ জটিল আৰু আমি তৎক্ষণাত আগবাঢ়িব নোৱাৰিবও পাৰোঁ। এইটো পলম হ’ব পাৰে,” চাংমাই কয়।

আন্তঃৰাজ্যিক সীমাৰ কাষৰ বিতৰ্কিত খণ্ড-১ অঞ্চলৰ মুক্ৰ’ গাঁৱত সংঘটিত হিংসাত্মক ঘটনাৰ ফলত ৰাজ্যখনৰ ৰাজধানী শ্বিলং আৰু খাচী জয়ন্তীয়া পাহাৰ অঞ্চলৰ ছয়খন জিলাত এক অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷

উল্লেখ্য যে বাকী ছয়টা বিতৰ্কিত ক্ষেত্ৰৰ মতভেদ সমাধানৰ বাবে দ্বিতীয় পৰ্যায়ৰ আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল আৰু আঞ্চলিক সমিতিও গঠন কৰা হৈছে।

আমি দৃঢ়ভাৱে অনুভৱ কৰোঁ যে আন্তঃৰাজ্যিক সীমান্তত মতভেদ সমাধানৰ ক্ষেত্ৰত এইটোৱেই আগবাঢ়ি যোৱাৰ উপায়,” মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে , তেওঁৰ চৰকাৰে অতি সোনকালে সীমান্ত বিবাদ সমাধান হোৱাটো বিচাৰে।

ছেপ্টেম্বৰত মেঘালয় চৰকাৰে বিষয়টো পৰীক্ষা কৰিবলৈ তিনিখন আঞ্চলিক সমিতি গঠন কৰিছিল, আৰু এই পেনেলবোৰক ৪৫ দিনৰ ভিতৰত বাকী ছয়টা অঞ্চলৰ বৰ্তমানৰ স্থিতিৰ ওপৰত প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা কৈছিল।

উত্তৰ-পূবৰ দুখন ৰাজ্যৰ মাজত বাকী ছয়খন বিতৰ্কিত সীমান্ত অঞ্চল পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ ব্লক-১, ৰিভয়ৰ ব্লক-২ আৰু পশ্চিম খাচীৰ লাংপিত আছে।

মনকৰিবলগীয়া যে অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই দুয়ো ৰাজ্যৰ সীমা সমস্যা সন্দৰ্ভত আলোচনাৰ বাবে কনৰাড চাংমালৈ বাৰ্তা প্ৰেৰণ কৰাৰ পিছত চুবুৰীয়া মুখ্যমন্ত্ৰী গৰাকীয়ে মুক্ৰ’ কাণ্ডৰ পিছত অসম-মেঘালয় সীমান্ত আলোচনা ‘অলপ জটিল‘বুলি মন্তব্য কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ৷

আগন্তুক সময়চোৱাত নেডাৰ অংশীদাৰ এন পি পি মুৰব্বী চাংমাৰ ভূমিকা কেনে হয় সেইয়া হ’ব লক্ষণীয়

স্মতৰ্ৱ্য যে পাহাৰীয়া ৰাজ্য খনৰ বিধানসভা নিৰ্বাচনলৈ কিছুমাহ থকা সময়তে শাসকীয় এন পি পি দলৰ দুজনকৈ বিধায়ক ক্ৰমে ব্ৰেনডিক আৰ মাৰাক আৰু ফাৰলিন চি এ চাংমাই ত্যাগ কৰিছে বিধায়ক পদ ৷

Exit mobile version