Himanta Biswa Sarma: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং ঘটনা

আৰক্ষীৰ তদন্তত কতৃৰ্পক্ষকো আওতালৈ অনাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ,'কোনো লোককে ৰেহাই দিয়া নহ’ব'

Himanta Biswa Sarma presser 750x430 1

Himanta Biswa Sarma:

ছেপ্তেম্বৰ মাহত সংঘটিত ঘটনা এটাৰ তদন্ত প্ৰতিবেদন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত চুড়ান্ত ব্যৰ্থতা প্ৰদৰ্শন কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষ ৷ ইয়াৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে হ’ব তদন্ত। একেদৰে তদন্ত হ’ব পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ অধীক্ষকৰ বিৰুদ্ধে ৷ এই মন্তব্য মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ ।

মঙলবাৰে শিলচৰত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ শিক্ষানুষ্ঠানত ৰেগিং সহ্য কৰা নহ’ব। ৰেগিং ৰোধত গাপ দিয়াৰ চেষ্টা কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ ই।

কেবিনেটে ৰেগিং ৰোধৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ কতৃৰ্পক্ষৰ সোপাঢিলা স্থিতিক তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে ৷

ডিব্ৰুগড় আৰক্ষীৰ বিশেষ টিমৰ দ্বাৰা তদন্ত কৰা হ’ব সমগ্ৰ ঘটনা । ৰেগিং কাণ্ড ডিব্ৰুগড় বিশ্ববিদ্যালয়ত চূড়ান্ত প্ৰশাসনিক ব্যৰ্থতা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় এই ঘটনাক গাপ দিয়াৰ চেষ্টা কৰা সকলোকে তদন্তৰ আওতালৈ আহিব ৷

শিলচৰত অনুষ্ঠিত কেবিনেটত ৰেগিংৰ ঘটনাটো গুৰুত্বসহকাৰে লৈ তদন্তৰ বাবে আৰক্ষীক নিৰ্দেশ দিয়ে ৰাজ্যৰ কেবিনেটে।

সংবামেলত মুখ্যমন্ত্ৰীয়ে আৰু কয়, ‘‘ৰেগিংৰ বিৰুদ্ধে চৰকাৰৰ শূন্য সহনশীলতা অব্যাহত থাকিব। ঘটনাৰ স’তে জড়িত বৰ্তমান পলাতক অৱস্থাত থকা অভিযুক্তসকলক শীৰ্ঘে গ্ৰেপ্তাৰ কৰা হ’ব বুলি সদৰি কৰে।

আনহাতে তদন্তৰ গাফিলতি বা বিপথে পৰিচালিত কৰা কোনো লোককে ৰেহাই দিয়া নহ’ব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ৰেগিংৰ বলি হৈ বৰ্তমান ডিব্ৰুগড়ৰ আদিত্য হাস্পতালত চিকিৎসাধীন হৈ থকা আনন্দ শৰ্মাৰ চিকিৎসা ব্যয় অসম চৰকাৰে বহন কৰিব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

Exit mobile version