Winter :
যিসকলৰ ব্রংকাইটিছৰ সমস্যা আছে তেওঁলোকে মটৰ চাইকেল আদি কম ব্যৱহাৰ কৰাটোৱে মংগলজনক। কাৰণ বুকুত ঠাণ্ডা লাগিলে সংক্রমণ বৃদ্ধিৰ আশংকা থাকে।
ADVERTISEMENT
- প্ৰাতঃভ্ৰমণ আৰু সান্ধ্য ভ্ৰমণলৈ যাওঁতে সতর্ক হ’ব লাগিব। বিশেষকৈ বয়স্ক লোকসকলে ভালদৰে গৰম কাপোৰ, জোতা, মোজা আদি পিন্ধিব লাগে। তদুপৰি নিয়ৰ দি থাকিলে মূৰত টুপি পিন্ধিলে সহজে ঠাণ্ডা নালাগে।
- শীতৰ সময়ত কাণ, ডিঙি আদিত ঠাণ্ডা যাতে বেছিকৈ লাগিব নোৱাৰে তাৰ বাবে সতর্ক হ’ব লাগিব। কাৰণ এই দুই ঠাইত বেছি বতাহ বা ঠাণ্ডা লাগিলে শৰীৰটোৱে বেছিকৈ ঠাণ্ডা অনুভৱ কৰে।
- ঘৰৰ পৰা বাহিৰলৈ ওলালে ফ্লাক্সত ‘গৰম পানী নিবলৈ নাপাহৰিব। যিসকলৰ হাওঁফাঁও আছে সংক্রমণজনিত ৰোগ তেওঁলোকে এইখিনি সময়ত অধিক সতর্ক হ’ব লাগিব।
- যিসকলৰ ব্রংকাইটিছৰ সমস্যা আছে তেওঁলোকে মটৰ চাইকেল আদি কম ব্যৱহাৰ কৰাটোৱে মংগলজনক। কাৰণ বুকুত ঠাণ্ডা লাগিলে সংক্রমণ বৃদ্ধিৰ আশংকা থাকে।
- এই সময়ত কোষ্ঠকাঠিন্যৰ সমস্যাই গা কৰি উঠে। সেইবাবে শাক নিয়মীয়াকৈ খোৱা উচিত। যিসকলে নিয়মীয়াকৈ শাক-পাচলি খায় আদি তেওঁলোকৰ কোষ্ঠকাঠিন্যৰ সমস্যাই সহজে গা কৰি উঠিব নোৱাৰে।
- এই সময়ত নিশা বেছি পৰিমাণে তেজাল মাছ, মাংস নোখোৱাটোৱে মংগলজনক।
- গা ধোৱাৰ আগে আগে তেল ঘঁহি ৰ’দত বহাৰ পৰিৱৰ্তে পুৱাই কমেও এঘণ্টা ৰ’দত থাকিলে মুকলি পোৱা যায়। কাৰণ পুৱাৰ ৰ’দত বেছি সময় থাকিলে শৰীৰে ভিটামিন ‘ডি’ লাভ কৰে। সুস্থ আৰু হাড় শক্তিশালী কৰিবলৈ এইবিধ হাড়ৰ অতিকৈ প্রয়োজন৷