Kidney Stone :কিডনিত পাথৰ হ’লে কি কি উপসৰ্গই দেখা দিয়ে ?

download 24

Kidney Stone :
কিডনিৰ সমস্যা বৰ্তমান সকলোৰে বাবে এক চিনাকি নাম । ইয়াৰ মাজতে বহুতৰে আক’ কিডনিত পাথৰ হয় । প্ৰথমাৱস্থাত ধৰা নপৰা এই ৰোগ পৰৱৰ্তী সময়ত ৰোগীৰ বাবে ঘাতক হৈ পৰে ।

তেনেক্ষেত্ৰত আজি আমি কিডনিত পাথৰ হ’লে দেখা দিয়া উপসৰ্গৰ বিষয়ে কিছু কথা জ্ঞাত কৰিম ।

এই ক্ষেত্ৰত আনোৱাৰ খান মৰ্ডান মেডিকেল কলেজৰ ইউৰোলজি বিভাগৰ বিভাগীয় প্ৰধান অধ্যাপক ডা: আফজাৰ উদ্দীন শ্বেখে কয় যে , কিডনি ষ্ট’ন আৰম্ভ হোৱাৰ পূৰ্বে কিছু উপসৰ্গ দেখিবলৈ পোৱা যায় ।

অধিকাংশ ৰোগীৰে কিন্তু এচিমট’মেটিক থাকে । সেইসময়ত শৰীৰত কোনো বাধা আহিলে ৰুটিং স্ক্ৰিনিং আলট্ৰাচন’গ্ৰাফ কৰিলে পাথৰ ধৰা পৰাৰ লগতে সৰু পাথৰ হ’লে কোনো উপসৰ্গই দেখা নিদিয়ে যদিও সাধাৰণতে এক্সৰে অথবা আলট্ৰাচন’গ্ৰাফ কৰিলে ধৰা পৰা সম্ভাৱনা থাকে ।

অধ্যাপক ডা: উদ্দীন শ্বেখে আৰু এইবুলিও কৈছে যে , কিডনিত পাথৰ হ’লে বহুতৰে আক’ এনে কিছুমান উপসৰ্গই দেখা দিয়ে । যেনে- পেটৰ সমস্যা , পেটৰ ওপৰ অংশৰ বিষ হোৱা , পিঠি বিষ হোৱা , প্ৰস্ৰাৱৰ সমস্যা হোৱা , কিডনি থকা স্থানত বিষ হোৱা বা কেতিয়াবা প্ৰস্ৰাৱৰ লগত তেজ নিৰ্গত হোৱা আদি দেখা দিব পাৰে ।

অৱশ্যে বিভিন্ন সময়ত আক’ ৰোগীৰ শৰীৰত কোনো উপসৰ্গ দেখা নিদিবও পাৰে । তেনেক্ষেত্ৰত মাইক্ৰোস্কোপ বা ইউৰিন পৰীক্ষা কৰিলে কিডনিৰ ষ্টোন ধৰা পৰে ।

ভয়ংকৰ কথা যে , কেতিয়াবা কিডনিৰ পাথৰ প্ৰস্ৰাৱৰ নলীত লাগি ধৰাও দেখা যায় । প্ৰস্ৰাৱৰ নলীত পাথৰ লাগি ধৰিলে ইনফেকশ্যন হোৱাৰ লগতে কিডনি ব্লক হৈ যোৱাৰ উপক্ৰম হ’ব পাৰে ।

বহুতৰ আকৌ গ’ম নোপোৱাকৈ কিডনিৰ পাথৰ ডাঙৰ হৈ যায় । ফলত মানুহজনৰ কিডনি একেবাৰে নষ্ট হৈ যাব পাৰে । ষ্টোন যিমানেই ডাঙৰ হৈ গৈ থাকে ,সিমানেই কিডনি নষ্ট হৈ গৈ থাকে ।

আচলতে কোনো সমস্যা আৰম্ভ হোৱাৰ লগে লগে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ইউৰিন পৰীক্ষা কৰিলে কিডনিৰ ষ্টোন ধৰা পৰে । তেনেক্ষেত্ৰত নিজৰ স্বাস্থ্য সচেতনতাৰ ওপৰতে সকলো কথা নিৰ্ভৰ কৰে ।

বি : দ্ৰ : শৰীৰত কোনো অচিন উপসৰ্গই দেখা দিলে সময় নষ্ট নকৰি চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে । সচেতনাই ৰোগ নিৰ্মূলকৰণৰ মূলমন্ত্ৰ

Exit mobile version