Russia-Ukraine War : ‘ইউক্রেইনৰ মহিলাক ধর্ষণত উৎসাহ যোগাইছে ৰুছ সেনাৰ পত্নীয়ে’ !

দাবী জেলেনস্কি পত্নী অ'লেনাৰ

Russia-Ukraine War :

ইউক্রেইনৰ মহিলাসকলক ধর্ষণ কৰক, কিন্তু গর্ভনিৰোধক ব্যৱহাৰ কৰি !” কিছু মাহ পূৰ্বে সামাজিক মাধ্যমত বিয়পি পৰা এটা অডিঅ’ ক্লিপত, ইউক্রেইন যুদ্ধত অংশগ্ৰহণ কৰা এজন ৰুছ সেনাক উদ্দেশ্যি তেওঁৰ পত্নীয়ে কোৱা শুনা গৈছিল এই কথা । ইয়াকে লৈ হৈছিল বিতর্কও ।

এইবাৰ ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনস্কিৰ পত্নী অ’লেনাই প্ৰত্যক্ষভাৱে ধর্ষণত উৎসাহ যোগোৱাৰ অভিযোগ উত্থাপন কৰিলে ৰুছ মহিলাৰ বিৰুদ্ধে ।

ব্রিটেইনত এক আন্তর্জাতিক আলোচনাত ইউক্রেইনৰ ফাৰ্ষ্ট লেডিয়ে কয়, ‘‘ইউক্রেইনৰ মহিলাসকলক ধর্ষণ আৰু যৌন অতিশয্যাৰ ‘অস্ত্র’ হিচাপে ব্যৱহাৰ কৰিছে ৰুছ সেনাসকলে । এই কাৰ্যত তেওঁলোকৰ পত্নীয়ে উৎসাহ যোগাইছে ।’’

দ্বিতীয় বিশ্বযুদ্ধৰ নাৎছি বাহিনীৰ দৰেই ইউক্রেইনত আক্ৰমণকাৰী ফৌজে পৰিকল্পিতভাৱে প্রকাশ্যত যৌন হিংসাৰ ঘটনা সংঘটিত কৰি আহিছে বুলি অভিযোগ কৰিছে তেওঁ ।

আমেৰিকাৰ সংবাদ সংস্থা ৰেডিঅ’ লিবার্টিয়ে কিছু মাহ পূৰ্বে এই বিতর্কিত অডিঅ’ প্রকাশ কৰি জনাইছিল, ইউক্রেইনত যুদ্ধৰত ৰাছিয়াৰ সেনা ৰোমান বাইকোভস্কিক, ইউক্রেইনৰ মহিলাসকলক ধর্ষণ কৰিবৰ বাবে উৎসাহ দিছে তেওঁৰ পত্নী ওলগা বাইকোভস্কাৱাই । সেই সময়ত দক্ষিণ ইউক্রেইনৰ খেৰছন অঞ্চলত আক্ৰমণকাৰী ৰুছ বাহিনীৰ সদস্য আছিল বাইকোভস্কি ।

ঘটনাচক্রে, সম্প্রতি এই অঞ্চল ৰুছ দখলমুক্ত হোৱাৰ পাছত ৰুছ সেনাৰ বিৰুদ্ধে ধর্ষণ আৰু যৌন অতিশয্যাৰ একাধিক অভিযোগ পোৱা গৈছে ।

Exit mobile version