Bjp Reaction:বদৰুদ্দিন ঔৰংগজেৱৰ দ্বিতীয় সংস্কৰণ

মহাৰাজা পৃথুৱে খিলজীক পৰাজিত কৰাৰ দৰে ড: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমবাসীয়ে আজমল বাহিনীকো মষিমূৰ কৰিব:প্ৰদেশ বিজেপি

WhatsApp Image 2022 12 03 at 18.01.07

Bjp Reaction:
“খিলজী, দাস বংশ, চুলতান আৰু মোগল সকলৰ হামে সংস্কৃতিৰ আজমল হ’ল সমসাময়িক সংস্কৰণ। মধ্য যুগৰ ভাৰতৰ ওপৰত আক্রমণ চলোৱা মুছলমান আক্ৰমণকাৰী সকলে ভূ-খণ্ড দখল কৰাৰ পিছত হিন্দু পুৰুষক হত্যা কৰি মহিলা সকলক লৈ হামে তৈয়াৰ কৰিছিল।

মুছলমান শাসকৰ হাতে নাৰীক শাৰীৰিকভাৱে নিৰ্যাৰ্তন চলোৱাৰ লগতে সামহিকভাৱে যৌন উৎপীড়ন চলোৱা হৈছিল। ভাৰতীয় ইতিহাসৰ পৃষ্ঠাই পৃষ্ঠাই হামেত চলা এনে ববৰতাৰ কথা আমি সকলোৱে পঢ়িছো। খিলজী-মোগলৰ হাৰেম সংস্কৃতিৰ ধাৰাবাহিকতা ৰক্ষা কৰিব বিচাৰিছে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে”|

এই মন্তব্য ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ। দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয় ‘অটল বিহাৰী বাজপেয়ী ভৱন’ত অনুষ্ঠিত হোৱা এক সংবাদ মেলত শৰ্মাই আজমলৰ অসংসদীয় বক্তব্যৰ তীব্র প্রতিক্রিয়া প্ৰকাশ কৰি এনেদৰে মত পোষণ কৰে। আজি সংবাদমেলত বিধায়ক দিগন্ত কলিতা আৰু দলৰ সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলো উপস্থিত আছিল।

শমাই লগতে কয়, আজমল আৰু তেওঁৰ বাহিনীয়ে নাৰীক এতিয়াও পণ্য সামগ্ৰী হিচাপে গণ্য কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শমার্ক উদ্দেশ্যি আজমলে কৰা অশোভণীয় মন্তব্য সভ্য সমাজৰ বাবে এক প্রত্যাহ্বান বুলি শমাই
বর্ণনা কৰে। লগতে আজমলক ইছলামীয় সমাজে প্ৰদান কৰা মৌলবী উপাধি কাঢ়ি লবৰ বাবেও বিজেপিৰ মুখপাত্ৰজনে সংশ্লিষ্ট লোক সকলৰ প্রতি আহ্বান জনায় ৷
আনহাতে এ আই ইউ ডি এফৰ সভাপতি জনক ঔৰংগজেৱৰ লগত তুলনা কৰি অসমৰ সমাজে আৰৱীয় সংস্কৃতি কেতিয়াও মানি নলয় বুলি বিধায়ক দিগন্ত কলিতাই হুংকাৰ দিয়ে।

কলিতাৰ মতে আজমলৰ দৰে নিকৃষ্ট মানসিকতাৰ লোকক সামাজিক আৰু ৰাজনৈতিকভাৱে এঘৰীয়া কৰাৰ প্ৰয়োজন আছে। সমাজ জীৱনক কলুষিত কৰি বক্তব্য দিয়া আজমল সম্পর্কত মুছলমান চিভিল ছ’চাইটিয়েও কঠোৰ আৰু স্পষ্ট সিদ্ধান্ত লোৱাৰ সময় সমাগত বুলি বিজেপিৰ বিধায়কজনে কয়।

উল্লেখযোগ্য যে বাশ শতিকাত নালান্দা বিশ্ববিদ্যালয় ধ্বংস কৰি বতিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিল। সেই সময়ত অসমৰ ৰজা আছিল পৃথু। মহাৰাজা পৃথুৰ নেতৃত্বত অসমৰ সকলো জাতি জনগোষ্ঠীৰ হাজাৰ হাজাৰ লোক একত্ৰিত হৈ বখতিয়াৰ খিলজীৰ দহ হাজাৰ অশ্বাৰোহী সৈন্যৰ বিশাল বাহিনীক পৰাজিত কৰা লগতে ৰণভূমিত কচুকটা দিছিল। একেটা আৰ্হিত আজমলে অসমৰ সনাতন সভ্যতা-সংস্কৃতিলৈ আক্রমন নমাই আনিছে।

আজমল বাহিনীৰ এই আগ্রাসনক অসমবাসীয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আকৌ এবাৰ পৰাজিত কৰিব বুলি বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই মতপোষণ কৰে।

মহাৰাজা পৃথুৱে সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি পদাতিক সেনাৰ এক বিশাল ফৌজ গঠন কৰি বতিয়াৰক পৰাজিত কৰাৰ দৰে মুখ্যমন্ত্ৰীয়েও অসমৰ সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি আজমলৰ নেতৃত্বত ন-ৰূপত আৰম্ভ হোৱা খিলজী-মোগলৰ সাংস্কৃতিক, ৰাজনৈতক আগ্রাসন অসমবাসীয়ে প্রতিহত কৰিব বুলি শমইি মতপোষণ কৰে।

বিজেপিৰ ৰাজ্যিক মুখপাত্ৰজনৰ মতে, পমুৱা মুছলমানৰ ৰাজনৈতিক আৰু সামাজিক স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি বদৰুদ্দিন আজমলে মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ্ক লক্ষ্য কৰি কৰা অশোভনীয় বক্তব্য এক পৰিকল্পিত কুচকাৱাজ

উল্লেখযোগ্য যে অসম চৰকাৰে সত্ৰৰ ভূমি বেদখল সম্পৰ্কত চৰজমিন তদন্তৰ বাবে বিধায়ক প্রদীপ হাজৰিকাৰ অধ্যক্ষতাত গঠন কৰি দিয়া আয়োগে ২ ডিচেম্বৰৰ দিনা তেওঁলোকৰ প্রথম প্রতিবেদন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ্ক প্ৰদান কৰে।

এই প্রতিবেদন দাখিল কৰাৰ কেইঘণ্টামানৰ পিছতেই বদৰুদ্দিন আজমলে অসংসদীয় শব্দ প্রয়োগেৰে মুখ্যমন্ত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি লয়। আমি সকলোৱে জানো যে সত্ৰৰ ভূমি পমুৱা মুছলমানে বেদখল কৰি আছে ।

এই পমুৱা সকলেই আজমলৰ ভোটবেংক। নিজৰ ভোটবেংক সুৰক্ষিত কৰি ৰখাৰবাবেই আজমলে অশ্লীল শব্দ প্ৰয়োগেৰে মুখ্যমন্ত্ৰীক আক্ৰমণ কৰা বুলি শৰ্মাই কয়।

Exit mobile version