Madras High Court : তামিলনাডুৰ সকলো মন্দিৰত নিষিদ্ধ কৰা হ’ল মোবাইল আৰু কেমেৰা

WhatsApp Image 2022 12 03 at 20.37.15

Madras High Court :

তামিলনাডুৰ মন্দিৰত প্ৰৱেশ কৰিলেই এইবাৰ বাধ্যতামূলক ভাবে জমা দিব লাগিব কেমেৰা আৰু মোবাইল । মাদ্ৰাজ উচ্চ ন্যায়ালয়ে শুকুৰবাৰে এক ৰাজহুৱা স্বাৰ্থৰ মোকৰ্দমাত (পিআইএল) ৰায় দিয়ে যে ৰাজ্যখনৰ কোনো মন্দিৰত মোবাইল ফোন আৰু কেমেৰা নিবলৈ অনুমতি নাই ।

আদালতে চৰকাৰক মন্দিৰৰ “পৱিত্ৰতা আৰু বিশুদ্ধতা” সুৰক্ষিত কৰাৰ বিষয়ে সতৰ্ক হৈ থাকিবলৈ কয় ।

মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰ মাধৱন আৰু জে সত্য নাৰায়ণৰ বিচাৰপীঠে ইয়াৰ নিৰ্দেশত কয় যে ভক্তসকলে যাতে সঠিক কাপোৰ পিন্ধে আৰু মন্দিৰত প্ৰৱেশ কৰে সেয়া চৰকাৰে সুনিশ্চিত কৰিব লাগে।

এই নিৰ্দেশৰ ব্যাখ্যা কৰি আদালতে কয় যে বহুতো ভক্ত মন্দিৰত প্ৰৱেশ কৰি ফটো তুলিবলৈ আৰম্ভ কৰে । ফলস্বৰূপে, আন ভক্তসকলৰ মন-সংযোগত ব্যাঘাত ঘটে । সেয়েহে, ব্যৱস্থা কৰিব লাগে যাতে কোনেও ফটো তুলিব নোৱাৰে তাৰ ব্যৱস্থা কৰা উচিত ।

কিছুদিন পূৰ্বে তামিলনাডুৰ থুথুকুডি জিলাৰ প্ৰাচীন অৰুলমিগু সুব্ৰহ্মণ্য মন্দিৰৰ পৰিচালনা সমিতিৰ এজন সদস্যই মাদ্ৰাজ উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থৰ গোচৰ ৰুজু কৰে ।

আবেদনকাৰীয়ে আদালতক জনাই যে বহুতো ভক্ত মন্দিৰত প্ৰৱেশ কৰি তেওঁলোকৰ সন্মতি অবিহনে দেৱদেৱতা, মূল্যৱান সামগ্ৰী আৰু আনকি আন ভক্তসকলৰো ফটো তুলে।

ইয়াৰ ফলস্বৰূপে, মন্দিৰৰ সামগ্ৰিক নিৰাপত্তাৰ ক্ষেত্ৰত এক ব্যৱধান আহি পৰে বুলিও তেওঁ অভিযোগ কৰে।

গোচৰটোৰ ৰায় প্ৰদান কৰোঁতে, উচ্চ ন্যায়ালয়ে তামিলনাডুৰ সকলো মন্দিৰত মোবাইল ফোন আৰু কেমেৰাৰ স’তে প্ৰৱেশ নিষিদ্ধ কৰিছে।

মীনাক্ষী মন্দিৰকে ধৰি তামিলনাডুৰ বহুতো মন্দিৰত ইতিমধ্যে কেমেৰা আৰু ফোন নিবলৈ নিষিদ্ধ কৰা হৈছে। এইবাৰ দক্ষিণৰ এই ৰাজ্যখনতো সকলো মন্দিৰত এই নিষেধাজ্ঞা জাৰি কৰা হৈছে।

Exit mobile version