Smart Phone : স্মাৰ্ট ফোনৰ আসক্তি কমোৱাৰ উপায়

WhatsApp Image 2022 12 03 at 21.05.54

Smart Phone :
প্ৰযুক্তিৰ উন্নয়নৰ দৌৰত মানুহৰ হাতে-হাতে আছে বিভিন্ন ধৰণৰ স্মাৰ্ট ফোন । দিনটোৰ বেছিভাগ সময়ে মানুহে স্মাৰ্ট ফোনৰ লগত পাৰ কৰে । কাম থাকক বা নেথাকক মানুহে কিন্তু হাতত থকা স্মাৰ্ট ফোনটো এৰিব নোৱাৰে ।

মানুহৰ এই আসক্তি লাহে-লাহে বাঢ়ি গৈ এটা সময়ত ই মানুহৰ শাৰীৰিক আৰু মানসিক ক্ষতি কৰে । গতিকে আজি আমি আপোনালোকক এই স্মাৰ্ট ফোনৰ পৰা আসক্তি কমোৱাৰ কেইটামান টিপছ আগবঢ়াম ।

গৱেষণাত এই কথা প্ৰকাশ পাইছে যে , এজন স্মাৰ্ট ফোন ব্যৱহাৰকাৰীয়ে দিনটোৰ গড়ে তিনি ঘণ্টা ১৫ মিনিট সময় ফোনৰ লগত ব্যয় কৰে । অৱশ্যে মহাবিদ্যালয়-বিশ্ব বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে ইয়াতকৈ আৰু অধিক সময় ফোনত ব্যয় কৰে ।

অৰ্থাৎ শিক্ষাৰ্থীসকলে গড়ে ১০ ঘণ্টাৰ বেছি সময় ফোনত ব্যস্ত থাকে । গৱেষকসকলে এই কথাও উল্লেখ কৰিছে যে , স্মাৰ্ট ফোনৰ অভ্যাস গঢ়িবলৈ মানুহৰ ২১ দিন সময় লাগে ।

একেদৰে এই অভ্যাস এৰিবলেও মানুহৰ ২১ দিনেই সময় লাগে । সেইয়েহে আজি আমি পঢ়ুৱৈসকলক স্মাৰ্ট ফোনৰ আসক্তিৰ পৰা বাচিবলৈ কেইটামান উপায় উল্লেখ কৰিম ।

১/ স্মাৰ্ট ফোন ব্যৱহাৰ কৰাৰ নিৰ্দিষ্ট সময় ঠিক কৰি ল’ব লাগে । পাৰিলে ৰাতিপুৱা আধা ঘণ্টা সময়, দুপৰীয়া ১৫ মিনিট সময় আৰু ৰাতি আধা ঘণ্টা সময় ল’ব লাগে ।

২/ স্মাৰ্ট ফোন ব্যৱহাৰ কৰাৰ সময় মিনিটত ৰাখক । প্ৰতিদিনে সময় কমাই আনিলে এটা সময়ত এই আসক্তি বহুখিনি কমি যাব ।

৩ / দিনটোৰ কোনো এটা সময়ত ফোনৰ চুইছ অফ ৰাখক । ফলত নিজে আৰাম পোৱাৰ লগতে ফোনটোৱেও আৰাম পাব ।

৪/ ফোনৰ নটিফিকেশ্যন লিমিট চেট কৰক । যাতে ক্ষণে ক্ষণে আপুনি চ’ছিয়েল মিডিয়া , মেচেজ , মেইল আদিৰ খবৰ নেপায় । ফলত ফোনৰ প্ৰতি আপোনাৰ ধ্যান কমি আহিব ।

৫/ দিনটোৰ কিছুসময় ফোনৰ ডাটা অফ ৰাখক । অৰ্থাৎ ইণ্টাৰনেট বন্ধ থাকিলে আপোনাৰ ফোনৰ বেটাৰি সঞ্চয় হোৱাৰ লগতে ফোনৰ পৰা ধ্যান আতৰোৱা সহজ হ’ব ।

৬/ পঢ়া-শুনা কৰা সময়ত নিজৰ ফোনটো অন্য ঠাইত থোৱাৰ ব্যৱস্থা কৰক । যদি নিজৰ লগত ফোন ৰাখে , তেন্তে ঘনে-ঘনে আপোনাৰ মনটো ফোনলৈ গৈ থাকিব ।

৭/ সপ্তাহৰ ছুটিৰ দিনা স্মাৰ্ট ফোন ব্যৱহাৰৰ পৰা বিৰত থাকক । এই সময়ত সাধাৰণ ফোন ব্যৱহাৰ কৰক । পাৰিলে ফোনটো অন্য ঠাইত ৰাখি কিতাপ পঢ়াৰ অভ্যাস কৰক ।

Exit mobile version