Lifestyle : এই ৮ বিধ খাদ্য দ্বিতীয়বাৰৰ বাবে কেতিয়াও গৰম কৰি নেখাব :

76c87a4c 850d 4325 b7f7 56afbc5e36a9

Lifestyle :

সময়ৰ অভাৱত আজিকালি বহুতেই এবাৰ খাদ্য ৰান্ধি কে’বাদিনলৈ খোৱা দেখা যায় । বিশেষকৈ বিভিন্ন খাদ্য ফ্ৰিজত ৰাখি খোৱাৰ অভ্যাস সকলোৰে আছে ।

কিন্তু কিছুমান খাদ্য পুনৰ গৰম কৰি খোৱা শৰীৰৰ বাবে খুবেই ক্ষতিকাৰক । আজি আমি আঠ বিধ এনে খাদ্যৰ কথা উল্লেখ কৰিম যি খাদ্য পুনৰ গৰম কৰি খাব নেলাগে ।

১/ কাঠফুলা : কাঠফুলাত প্ৰচুৰ পৰিমাণে ফাইবাৰ আৰু এনজাইম থাকে । যাৰবাবে ই সহজে হজমো হয় । ইয়াত থকা উপকাৰী বেক্টেৰিয়াই যেনেকৈ হজম কৰাত সহায় কৰে তেনেকৈ কোলনৰ পুষ্টি উপাদান শোষণ বৃদ্ধিত সহায় কৰে । ইয়াত থকা বেক্টেৰিয়া উপাদানৰ কাৰণে কাঠফুলা এবাৰ ৰন্ধাৰ পিছত দ্বিতীয়বাৰলৈ গৰম কৰি খোৱাটো পেটৰ কাৰণে অত্যন্ত ক্ষতিকাৰক ।

২/ মূৰ্গী মাংস : বহুতে সময় ৰাহি কৰিবলৈ এবাৰ মূৰ্গী মাংস ৰান্ধি বাৰে বাৰে গৰম কৰি খোৱা দেখা যায় । কিন্তু ই একেবাৰে উচিত নহয় । কাৰণ মূৰ্গী মাংসত প্ৰচুৰ পৰিমাণে প্ৰোটিন থাকে । ৰন্ধাৰ পিছত পুনৰ গৰম কৰিলে প্ৰোটিনৰ কম্পোজিশ্যন সলনি হয় । যাৰকাৰণে ই পেটত বদহজমৰ সৃষ্টি কৰে ।

৩/ চাহ : আমাৰ বহুতেই জানে যে , এবাৰ চাহ বনোৱাৰ পিছত আমি দ্বিতীয়বাৰ চাহ গৰম কৰি খাব নেলাগে । কাৰণ চাহত টনিক এচিদ থাকে । তৈয়াৰ কৰা চাহ পুনৰ গৰম কৰি খালে লিভাৰৰ ক্ষতি হ’ব পাৰে ।

৪/ ভাত : ভাত ৰন্ধাৰ সময়ত এবিধ বেক্টেৰিয়া উৎপন্ন হয় । ৰন্ধা ভাত পুনৰ গৰম কৰিলে সেই বেক্টেৰিয়াৰ পৰিমাণ দুগুণ বৃদ্ধি হয় । যি মানুহৰ ডায়েৰিয়া ৰোগৰ সৃষ্টি কৰিব পাৰে ।

৫/ আলু : আলু ভাজি বা সিদ্ধ কৰাৰ পিছত ঠাণ্ডা হোৱাৰ সময়ত তাত বটুলিজম নামৰ এবিধ বেক্টেৰিয়াৰ সৃষ্টি হয় । পুনৰ গৰম কৰিলে এই বেক্টেৰিয়াৰ পৰিমাণ আৰু বেছি বাঢ়ি গৈ ফুড পয়জনিং পৰ্যন্ত হ’ব পাৰে ।

৬/ কণী : কণীতো অধিক পৰিমাণৰ প্ৰোটিন তথা এণ্টি অক্সিডেণ্ট থাকে । এবাৰ ৰন্ধাৰ পিছত পুনৰ গৰম কৰিলে কণীত এক টক্সিন তৈয়াৰ হয় , যি মানুহৰ দেহত বদহজমৰ সৃষ্টি কৰে ।

৭/ পোৰা তেল : আমাৰ বহুতেই আহাৰ তৈয়াৰ কৰোতে থাকি যোৱা অৱশিষ্ট তেলত পুনৰ আন এবিধ খাদ্য ৰান্ধে । কিন্তু ই অতি ক্ষতিকাৰক । পোৰা তেল গৰম কৰি পুনৰ ব্যৱহাৰ কৰিলে কেন্সাৰৰ দৰে মৰাত্মক ৰোগৰ আশংকা বাঢ়ে ।

৮/ পালেং শাক : পালেং শাক এবাৰ ৰন্ধাৰ পিছত পুনৰ গৰম কৰি খাব নেলাগে । যিহেতু পালেং শাকত অত্যাধিক পৰিমাণৰ নাইট্ৰেটচ থাকে । এবাৰ ৰন্ধা পালেং শাক পুনৰ গৰম কৰি খালে শৰীৰত ক্ষতিকাৰক টক্সিন অধিক মাত্ৰাত তৈয়াৰ হয় ।

Exit mobile version