Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Transman : দেশত এই প্ৰথম ! লিঙ্গ পৰিবৰ্তনৰ পাছত সন্তান জন্ম দিছে যুৱকে , সংগীয়ে কৰিলে ফটো শ্বেয়াৰ

    Transman : দেশত এই প্ৰথম ! লিঙ্গ পৰিবৰ্তনৰ পাছত সন্তান জন্ম দিছে যুৱকে , সংগীয়ে কৰিলে ফটো শ্বেয়াৰ

    Guwahti 5 Police Reserve Closed :ট্ৰাকৰ গৰাকীৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ

    Guwahti 5 Police Reserve Closed :ট্ৰাকৰ গৰাকীৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ

    Weapon recovered in Nalbari :নলবাৰীৰ চেংনৈৰ বনাঞ্চলত আৰক্ষী- চি আৰ পি এফৰ অভিযান

    Weapon recovered in Nalbari :নলবাৰীৰ চেংনৈৰ বনাঞ্চলত আৰক্ষী- চি আৰ পি এফৰ অভিযান

    Taliban : নাৰী শিক্ষাত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ , অধ্যাপকক প্ৰহাৰ কৰি কাৰাগাৰত ভৰালে তালিবানে

    Taliban : নাৰী শিক্ষাত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ , অধ্যাপকক প্ৰহাৰ কৰি কাৰাগাৰত ভৰালে তালিবানে

    Taliban : তালিবান আক্ৰমণৰ টাৰ্গেত মুম্বাই ! এনআইএ বিভাগত ভাবুকিৰ ই -মেইল

    Taliban : তালিবান আক্ৰমণৰ টাৰ্গেত মুম্বাই ! এনআইএ বিভাগত ভাবুকিৰ ই -মেইল

    Former Minister late Anjan Dutt’s Property Seized:সাৰদা কেলেংকাৰী সন্দৰ্ভত কঠোৰ স্থিতি এনফৰ্চমেণ্ট ডিৰেক্টৰেট

    Former Minister late Anjan Dutt’s Property Seized:সাৰদা কেলেংকাৰী সন্দৰ্ভত কঠোৰ স্থিতি এনফৰ্চমেণ্ট ডিৰেক্টৰেট

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home Opinion

Opinion : এনডিটিভিৰ জয় নে পৰাজয় ?

প্ৰাঞ্জলসেন ডেকা

publisher by publisher
December 5, 2022
in Opinion
Reading Time: 2 mins read
0
Opinion : এনডিটিভিৰ জয় নে পৰাজয় ?
1
SHARES
6
VIEWS
ShareShareShareShare

Opinion :

দ্য ৱৰ্ল্ড দিছ উইক ! শুকুৰবাৰৰ নিশাৰ আধাঘণ্টীয়া সেই অনুষ্ঠানটোৱে দূৰদৰ্শনৰ প্ৰতি আমাৰ দৰে বহুতৰে আকৰ্ষণ কে’বাগুণে বৃদ্ধি কৰিছিল । সম্পূৰ্ণ চৰকাৰী প্ৰতিষ্ঠান দূৰদৰ্শনত সেই পৰ্যন্ত কোনো ব্যক্তিগত সংস্থাক বাতৰি সংক্ৰান্তীয় অনুষ্ঠান পৰিৱেশনৰ সুযোগ দিয়া হোৱা নাছিল । টিভিৰ বাতৰি সম্পূৰ্ণৰূপে চৰকাৰৰ নিয়ন্ত্ৰণাধীন হোৱাই নহয়, দূৰদৰ্শনৰ বাদে আন কোনো ব্যক্তিগত টিভি চেনেল আৰম্ভও হোৱা নাছিল ।

ADVERTISEMENT

ইংৰাজী ভাষাৰ হোৱা সত্ত্বেও প্ৰচাৰৰ লগে লগে অনুষ্ঠানটোৱে দেশজুৰি বিপুল জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয় । ইয়াত সপ্তাহটোৰ বিশ্বৰ মূল ঘটনাসমূহ অতি আকৰ্ষণীয়ভাৱে দাঙি ধৰা হৈছিল । সেয়া আছিল ভাৰতীয় টিভি দৰ্শকৰ বাবে এক নতুন অনুভৱ– তথ্য আৰু জ্ঞানৰ ।

RelatedPosts

Opinion : আভ্যন্তৰীণ সংঘাতৰ বিড়ম্বনা

Opinion : কোনে কাক কৰিছে হস্তক্ষেপ ?

National Press Day : গুৱাহাটীত জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ

দিল্লীৰ দূৰদৰ্শনত যে এনে ধৰণৰ আন্তৰ্জাতিক পৰ্যায়ৰ অনুষ্ঠান প্ৰস্তুত হ’ব পাৰে, হয়তো তাৰ আগলৈ ধাৰণা নাছিল; কিয়নো তেতিয়ালৈকে দৰ্শকে কেৱল দূৰদৰ্শনৰ বাতৰিহে চোৱাৰ সুযোগ পাইছিল । কেতবোৰ ধৰা-বন্ধা শব্দৰ ব্যৱহাৰো প্ৰায় নিৰস হিন্দী আৰু ইংৰাজীত বাতৰি পাঠ কৰা হৈছিল ।

দূৰদৰ্শনৰ বাতৰিৰ ক্ষেত্ৰত আজিও ছবিখন বিশেষ সলনি হোৱা নাই । চৰকাৰী প্ৰতিষ্ঠানৰ ‘পৱিত্ৰতা’ ৰক্ষা কৰি আজিও দূৰদৰ্শনত কেতবোৰ শব্দ ব্যৱহাৰ কৰা নহয় বুলিলেই চলে । তদুপৰি সেই সময়ত বাতৰিত ভিজুৱেল তেনেই কম ব্যৱহাৰ হোৱা হেতুকে টিভিৰ বাতৰিৰ দৌৰ সিমানেই বুলি দৰ্শকৰ মাজত বদ্ধমূল ধাৰণা আছিল ।

চৰকাৰী বাতৰি অৰ্থাৎ চৰকাৰৰ মুৰব্বীসকলৰ প্ৰচাৰৰ বাবেই যেন দূৰদৰ্শন, তেনে নীতিয়েই অনুসৰণ কৰা হৈছিল । সেই ধাৰাবাহিকতা অৱশ্যে আজিও কম-বেছি পৰিমাণে অক্ষুণ্ণ আছে ।

‘দ্য ৱৰ্ল্ড দিছ উইক’ৰ নিবেদক আছিল প্ৰণয় ৰয় । দেখনিয়াৰ ছ্যুট আৰু উজ্জ্বল টাই পৰিধান কৰি কে’বাটাও টিভিক বেকগ্ৰাউণ্ডত লৈ দৃশ্যমান হোৱা এইগৰাকী প্ৰণয় ৰয়ে এই অনুষ্ঠানৰ জৰিয়তে ভাৰতীয় টিভি সাংবাদিকতাৰ এক নতুন যাত্ৰাৰ পাতনি মেলিছিল ।

সেই প্ৰথমবাৰলৈ ভাৰতীয় দৰ্শকে আন্তৰ্জাতিক টিভি চেনেলৰ শৈলীৰ স’তে পৰিচিত হোৱাৰ সুযোগ লাভ কৰে । তেওঁৰ এই অনুষ্ঠান আছিল দূৰদৰ্শনৰ সাধাৰণ বাতৰিৰ তুলনাত সম্পূৰ্ণ পৃথক আৰু অভিনৱ ।

ধৰা-বন্ধা কঠিন শব্দাৱলীৰ পৰিৱৰ্তে দৰ্শকে ব্যৱহাৰ কৰা সহজ-সৰল বাৰ্তালাপৰ ভাষা ব্যৱহাৰ কৰা হেতুকে ইংৰাজীত প্ৰচাৰিত হোৱা সত্ত্বেও ‘দ্য ৱৰ্ল্ড দিছ উইক’ অতি জনপ্ৰিয় হৈছিল ।

তদুপৰি উন্নতমানৰ দৃশ্যাংশৰ লগতে ভয়চ অভাৰ দি নতুন ধৰণত অনুষ্ঠানটো প্ৰচাৰ কৰা হৈছিল । গতিকে ‘দ্য ৱৰ্ল্ড দিছ উইক’ৰ লগে লগে প্ৰণয় ৰয়ৰ জনপ্ৰিয়তাও বৃদ্ধি পাবলৈ ধৰে ।

অৱশ্যে বুদ্ধিদীপ্ত উজ্জ্বল চেহেৰাৰ প্ৰণয় ৰয়ক তেতিয়া টিভি স্ক্ৰীনত দেখাৰ সময়ত বহুতেই ভাবিব পৰা নাছিল যে পৰৱৰ্তী সময়ত তেৱেঁই ভাৰতীয় টিভি সাংবাদিকতাৰ ভৱিষ্যৎ প্ৰমাণিত হ’ব ।

সেইবাৰ বিল ক্লিণ্টন প্ৰথমবাৰলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত অৱতীৰ্ণ হৈছে । সেই নিৰ্বাচনৰ বাতৰি সংগ্ৰহৰ বাবে প্ৰণয় ৰয় আমেৰিকাত উপস্থিত হৈছেগৈ ।

এঠাইত ক্লিণ্টনে প্ৰচাৰ চলাই আছে । সমৰ্থক, সাংবাদিক আদিৰ ভিৰৰ মাজত ক্লিণ্টন । টিভি কেমেৰা (তেতিয়া আকাৰটো যথেষ্ট ডাঙৰ আছিল) লৈ সাক্ষাৎকাৰ গ্ৰহণৰ সুযোগ নাই ।

প্ৰণয় ৰয়ে দূৰৈৰ পৰাই প্ৰশ্ন কৰিলে– সমৰ্থকৰ স’তে বাৰ্তালাপত ব্যস্ত হৈ পিছমুৱা দি থকা ক্লিণ্টনে প্ৰশ্নটো শুনি ঘূৰি লৈ তাৰ উত্তৰ দিলে । তেনেকৈয়ে কে’বাটাও গুৰুত্বপূৰ্ণ প্ৰশ্নৰ তেওঁ উত্তৰ দিলে ।

ভাৰতীয় টিভি সাংবাদিক এগৰাকীক আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতিয়ে ভিৰৰ মাজতো ইমান গুৰুত্ব সহকাৰে সঁহাৰি দিয়া দেখি পুলকিত হৈছিলো আমাৰ দৰে বহু দৰ্শকে । স্কুলীয়া ছাত্ৰ হ’লেও সেই কথাটো আজিও মনত ৰৈ গৈছে । তেতিয়াৰে পৰাই প্ৰণয় ৰয়ৰ প্ৰতি এক গভীৰ শ্ৰদ্ধাই মনত থিতাপি লৈছিল ।

সি যি কি নহওক, প্ৰণয় ৰয় ভাৰতীয় টিভি সাংবাদিকতাৰ অগ্ৰদূত হৈ পৰা ঘটনাও আছিল আমোদজনক । ১৯৮৮ত কেন্দ্ৰত ৰাজীৱ গান্ধীৰ চৰকাৰ । প্ৰধানমন্ত্ৰীয়ে দূৰদৰ্শনৰ তদানীন্তন সঞ্চালক প্ৰধান ভাস্কৰ ঘোষক মাতি নি দূৰদৰ্শনৰ বাতৰি সংক্ৰান্তীয় অনুষ্ঠানবিলাক অধিক আকৰ্ষণীয় কৰাৰ দায়িত্ব দিয়ে । তাৰ বাবে নতুন প্ৰতিভা, নতুন শৈলী আৰু নতুন চিন্তা-চৰ্চাক স্থান দিবলৈ প্ৰধানমন্ত্ৰী গান্ধীয়ে পৰামৰ্শ দিয়ে ।

ঘটনাক্ৰমে সেই বছৰতে অৰ্থনীতিবিদ প্ৰণয় ৰয় আৰু তেওঁৰ সাংবাদিক পত্নী ৰাধিকা ৰয়ে এনডিটিভি অৰ্থাৎ নিউ দিল্লী টেলিভিছন নামেৰে এটি সংস্থা আৰম্ভ কৰে । সঞ্চালক প্ৰধান ঘোষে তেওঁলোকক দূৰদৰ্শনৰ বাবে ‘দ্য ৱৰ্ল্ড দিছ উইক’ অনুষ্ঠান প্ৰস্তুতৰ দায়িত্ব অৰ্পণ কৰে । প্ৰতিটো খণ্ডৰ বাবে দূৰদৰ্শনে ৰয় দম্পতীৰ সংস্থাক অৰ্থাৎ এনডিটিভিক দুই লাখকৈ টকা আদায় দিয়ে ।

অনুষ্ঠানটো ইমানে জনপ্ৰিয় হ’বলৈ ধৰিলে যে পৰৱৰ্তী পৰ্যায়ত এনডিটিভিয়ে দূৰদৰ্শনৰ শ্লট (সময়) ক্ৰয় কৰি নিজৰ অনুষ্ঠান প্ৰচাৰ কৰিবলৈ ল’লে । তাৰ বিপৰীতে বিজ্ঞাপনৰ দ্বাৰা যথেষ্ট উপাৰ্জন কৰিবলৈ লয় আৰু লাহে লাহে ৰয় দম্পতী টিভি উদ্যোগীত পৰিণত হয় ।

অকল সেয়ে নহয়, প্ৰণয় ৰয়ে দূৰদৰ্শনত নিৰ্বাচনী সমীক্ষা আৰু ফলাফলক লৈ একেৰাহে দুই-তিনিদিন ধৰি ধাৰাবাহিক বিশ্লেষণ আগবঢ়াইছিল, সিয়ে টিভিৰ সাংবাদিকতাক এক নতুন মাত্ৰা প্ৰদান কৰিছিল ।

বিনোদ ডুৱা, দোৰব চোপাৰিৱালা, পাছলৈ যোগেন্দ্ৰ যাদৱ আদিক লৈ দিনে-নিশাই নিৰ্বাচনী ফলাফলৰ যি অনুষ্ঠান পৰিৱেশন কৰিছিল দেশৰ শ শ নিউজ চেনেলে আজিও তাৰ ওচৰ চাপিব পৰা নাই ।

নিৰ্বাচনী বিশ্লেষণো যে ইমান আকৰ্ষণীয় হ’ব পাৰে আৰু দৰ্শকে ঘণ্টাৰ পাছত ঘণ্টা টিভিৰ সন্মুখত মন্ত্ৰমুগ্ধ হৈ বহি থাকিব পাৰে, সেয়া প্ৰণয় ৰয়ে প্ৰমাণ কৰি দিছিল । পাছলৈ জন্ম পোৱা প্ৰতিটো চেনেলে আজিও তাকেই অনুসৰণ কৰি আহিছে ।

‘দ্য ৱল্ডৰ্ দিছ উইক’ আৰম্ভ কৰাৰ ১০ বছৰ পাছত ১৯৯৮ত এনডিটিভিয়ে আন্তৰ্জাতিক মিডিয়া বেৰন ৰূপাৰ্ট মাৰ্ডকৰ ষ্টাৰ নিউজৰ স’তে মিলি ভাৰতৰ প্ৰথমটো ২৪ ঘণ্টাৰ নিউজ চেনেল আৰম্ভ কৰে । ভাৰত চৰকাৰৰ উদাৰীকৰণ নীতিৰ সুবাদতে ইতিমধ্যে সংবাদ মাধ্যমত বিদেশী পুঁজিৰ বিনিয়োগৰ পথ প্ৰশস্ত হয় ।

ইয়াৰ লগে লগে দেশৰ আটাইতকৈ শক্তিশালী ব্যক্তিগত খণ্ডৰ নিউজ চেনেলত পৰিণত হয় এনডিটিভি । ইয়াত ষ্টাৰ নিউজৰ বিনিয়োগ আৰু এনডিটিভিৰ কণ্টেণ্ট । ২০০০ৰ আশে-পাশে এনডিটিভিয়ে বছৰি প্ৰায় ২০ নিযুত ডলাৰ ব্যয় কৰিবলৈ লয় য’ৰ এক বৃহৎ অংশই আছিল ষ্টাৰ নিউজৰ ।

ইতিমধ্যে আজ তক আৰু জী আদিয়েও ভুমুকি মাৰে; কিন্তু শক্তিশালী আন্তঃগাঁথনি আৰু বহু প্ৰতিভাবান সাংবাদিকৰ জৰিয়তে ইতিমধ্যে এনডিটিভিয়ে এক সুকীয়া আৰু সন্মানীয় স্থান অধিকাৰ কৰি লয় ।

আৰম্ভণিৰ সময়ছোৱাৰ পৰাই এনডিটিভিৰ স’তে জড়িত হৈ পৰা সাংবাদিক অথবা এংকৰসকলৰ অধিকাংশই পৰৱৰ্তী সময়ত নিজে একো একোগৰাকী আগশাৰীৰ টিভি ব্যক্তিত্ব হৈ পৰে । ইয়াৰে কে’বাগৰাকীয়েও আন আন জনপ্ৰিয় তথা প্ৰভাৱশালী নিউজ চেনেলক নেতৃত্ব প্ৰদান কৰে ।

ৰাজদীপ সৰদেশাই, বৰ্খা দত্ত, বিক্ৰম চন্দ্ৰা, ছোনিয়া সিং, অৰ্ণৱ গোস্বামী, শ্ৰীনিবাসন জৈন, বিষ্ণু সোম, মায়া মৰিচন্দানী প্ৰমুখ্যে এনডিটিভিৰ প্ৰথমছোৱাৰ সাংবাদিকসকল শক্তিশালী ৰাজনৈতিক তথা আমোলাতান্ত্ৰিক যোগসূত্ৰধাৰী । সেইসকলৰ প্ৰত্যেকেই কেন্দ্ৰীয় চৰকাৰৰ প্ৰভাৱশালী পদত কাৰ্যনিৰ্বাহ কৰা শীৰ্ষস্থানীয় আমোলা, কূটনীতিক অথবা ৰাজনৈতিকভাৱে শক্তিশালী ব্যক্তিৰ সন্তান অথবা নিকটাত্মীয় ।

গতিকে বহুতে এনডিটিভিক অভিজাত শ্ৰেণীৰ বুলি কটাক্ষ নকৰাকৈ থকা নাছিল । অৱশ্যে এই এনডিটিভিয়েই ৰৱিশ কুমাৰৰ দৰে সাধাৰণ পৰিয়ালৰ পৰা অহা বহু সাংবাদিককো সুযোগ দিয়াৰ লগতে কামত স্বাধীনতা প্ৰদান কৰি আহিছে, যাৰ জৰিয়তে সেইসকলে নিজৰ লগতে চেনেলৰো সুনাম বৃদ্ধি কৰিবলৈ সক্ষম হৈছে । এনেদৰেই প্ৰণয় ৰয় ভাৰতীয় টিভি সাংবাদিকতাৰ জনক স্বৰূপ হৈ পৰে অৱধাৰিতভাৱেই ।

১৯৪৯ৰ ১৫ অক্টোবৰত কলকাতাৰ এটি সম্ভ্ৰান্ত পৰিয়ালত জন্ম গ্ৰহণ কৰা প্ৰণয় ৰয়ৰ পিতৃ এটি ব্ৰিটিছ কোম্পানীৰ ভাৰতীয় গোটৰ শীৰ্ষস্থানীয় বিষয়া হোৱাৰ বিপৰীতে আইৰিছ মূলৰ মাতৃ আছিল শিক্ষয়িত্ৰী ।

আনহাতে, তেওঁৰ ককাক পৰেশ লাল ৰয়ক ভাৰতীয় বক্সিঙৰ পিতৃস্বৰূপ আখ্যা দিয়া হয় । কেম্ব্ৰিজ স্কুলত শিক্ষাগ্ৰহণ কৰা পৰেশ লালে ১৯১৪ত ইংলণ্ডত বক্সিং চেম্পিয়নশ্বিপ জয় কৰিছিল । পৰেশ লালৰ ভ্ৰাতৃ ইন্দ্ৰ লাল আকৌ প্ৰথমজন ভাৰতীয় পাইলটৰূপে স্বীকৃত ।

বিশ্বযুদ্ধৰ সময়ত তেওঁ ৰয়েল ফ্লাইং কোম্পানীত সেৱা আগবঢ়াইছিল । শৈশৱত ককাকে মৰমতে প্ৰণয় ৰয়ক ‘তুফানী’ বুলি মাতিছিল আৰু পৰৱৰ্তী জীৱনত সেয়া কৰ্মৰ জৰিয়তে তেওঁ প্ৰমাণ কৰিছিল ।

আনহাতে, ৬০ৰ দশকত ডেৰাডুনৰ স্কুলত অধ্যয়নৰত অৱস্থাত প্ৰণয় ৰয় আৰু ৰাধিকা ৰয়ৰ পৰিচয় ঘটে । প্ৰণয় ৰয় বিখ্যাত ডুন স্কুলৰ ছাত্ৰ আৰু ৰাধিকা ৱেলহাম গাৰ্লছ স্কুলৰ ছাত্ৰী আছিল ।

ৰাধিকা প্ৰখ্যাত বাওঁপন্থী নেত্ৰী বৃন্দা কাৰাটৰ ভগ্নী । স্কুল উত্তীৰ্ণ কৰি জলপানি লাভ কৰি প্ৰণয় ৰয়ে উচ্চ শিক্ষাৰ বাবে লণ্ডনলৈ যাত্ৰা কৰে । পাছত ৰাধিকায়ো লণ্ডনত শিক্ষাগ্ৰহণ কৰে । শিক্ষা সাং কৰি ১৯৭২ত দুয়ো বিবাহ পাশত আৱদ্ধ হয় আৰু দিল্লীত বাস কৰিবলৈ লয় ।

তাৰ পাছতে ৰাধিকা ৰয়ে ‘ইণ্ডিয়ান এক্সপ্ৰেছ’ আৰু ‘ইণ্ডিয়া টুডে’ত কাম কৰিবলৈ লয় । ইফালে, প্ৰণয় ৰয়ে অৰ্থনীতিত পিএইচডি গ্ৰহণ কৰি দিল্লী স্কুল অৱ ইক’ন’মিকছত অধ্যাপনা আৰম্ভ কৰে ।

পাছত তেওঁ নিৰ্বাচনী সমীক্ষকৰ কামো কৰিবলৈ লয় । ১৯৯৮ত দুয়ো এনডিটিভি স্থাপন কৰে আৰু নিজৰ নিজৰ পদৰ পৰা অব্যাহতি লৈ ভাৰতীয় টিভি সাংবাদিকতাক জন্ম দিয়াৰ কামত মনোনিৱেশ কৰে ।

যোৱা প্ৰায় তিনি দশক ধৰি সাহস আৰু নিৰপেক্ষতাৰে টিভি সাংবাদিকতা কৰি অহাৰ অন্তত এই এনডিটিভিক কুক্ষিগত কৰিবলৈ অগ্ৰসৰ হৈছে বিশ্বৰ তৃতীয় আৰু এছিয়াৰ সৰ্বাধিক ধনী পুঁজিপতি গৌতম আদানী ।

২০১৪ত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে চৰকাৰ গঠনৰ পাছৰে পৰা প্ৰণয় ৰয় আৰু এনডিটিভিক প্ৰথমে চৰকাৰ বিৰোধী আখ্যা দিয়া হয় । চৰকাৰৰ মুৰব্বীসকলৰ পছন্দ নোহোৱা বিষয়বিলাক আৰু ইয়াৰ স’তে জড়িত উত্তৰবিহীন প্ৰশ্নবোৰ দাঙি ধৰা বাবেই লাহে লাহে তেওঁলোকক ৰাষ্ট্ৰবিৰোধী তথা হিন্দুবিৰোধী আদিও আখ্যা দিয়া হয় ।

ইয়াৰ বিপৰীতে নাগৰিকৰ অধিকাৰ, তথা সামাজিক স্বতন্ত্ৰতাৰ ওপৰত চৰকাৰী হস্তক্ষেপৰ বিৰোধীসকলৰ বাবে একমাত্ৰ কণ্ঠৰূপে দায়িত্ব পালন কৰি আহিছে এনডিটিভিয়ে । আনসকলৰ দৰে চৰকাৰৰ ওচৰত সেও নমনা হেতুকে এনডিটিভিৰ ওপৰত বিভিন্ন অভিযোগ উত্থাপন কৰি গোচৰ-তদন্ত আদি চলোৱা হৈছে, প্ৰণয় ৰয়ৰ বাসগৃহত চিবিআইৰ তালাচী পৰ্যন্ত চলিছে যদিও কোনো এটা গোচৰেই এই পৰ্যন্ত প্ৰমাণ কৰিবলৈ চৰকাৰী পক্ষ সক্ষম হোৱা নাই ।

অন্যান্য বিভিন্ন ধৰণেও চাপ সৃষ্টি কৰা হৈছে যদিও নিজৰ দায়িত্ব পালনৰ পৰা এনডিটিভি পিছ হোঁহকি অহা দৰ্শকৰ দৃষ্টিগোচৰ হোৱা নাই ।

শেহতীয়া দশকসমূহৰ পৰা এই কথাকে অনুধাৱন কৰিব পাৰিছো যে দেশত এতিয়া কোনো সংবাদ প্ৰতিষ্ঠানক স্বাধীন আৰু মুক্তভাৱে চলিবলৈ দিয়া নহ’ব । বাতৰি কাকতেই হওক অথবা নিউজ চেনেল– প্ৰায়বোৰেই চৰকাৰৰ ঘনিষ্ঠ পুঁজিপতি গোষ্ঠীৰ হাতত ।

যিখন ৰাজ্যত তেনে পুঁজিপতি গোষ্ঠীৰ অভাৱ, তাত বিত্তশালী সহযোগীয়ে সংবাদ প্ৰতিষ্ঠান হস্তগত কৰি লৈছে । ফলত প্ৰণয় ৰয় অথবা দেশত সম্প্ৰতি দুৰ্লভ হৈ পৰা সাংবাদিকৰ দ্বাৰা পৰিচালিত স্বাধীন সংবাদ প্ৰতিষ্ঠান নানা নিৰ্যাতন তথা চাপৰ সন্মুখীন হ’বলগীয়া হৈছে ।

এখন শত্ৰুভাৱাপন্ন চৰকাৰৰ হেঁচাৰ মাজত সংবাদ প্ৰতিষ্ঠান চলাই নিয়াটো কিমান কষ্টসাধ্য, সেয়া ভুক্তভোগীয়েহে অনুভৱ কৰিব পাৰে । অসমো ইয়াৰ ব্যতিক্ৰম নহয় ।

২০০৮-০৯ত এনডিটিভিৰ পৰিচালন কতৃৰ্পক্ষই বিশ্বপ্ৰধান কমাৰ্চিয়েল প্ৰাইভেট লিমিটেড (বিচিপিএল) নামৰ প্ৰতিষ্ঠানৰ পৰা ৪০৩ কোটি টকাৰ ঋণ গ্ৰহণ কৰিছিল । তেতিয়া সেই স্বল্পখ্যাত কোম্পানীটো আছিল ৰিলায়েন্সৰ অধীনস্থ ।

ইয়াৰ বিনিময়ত এনডিটিভিয়ে ২৯.১৮ শতাংশ কোম্পানীৰ শ্বেয়াৰ বন্ধক থৈছিল । যোৱা আগষ্টত আদানী গোটে বিচিপিএল অধিগ্ৰহণ কৰে । তাৰ পাছতে এনডিটিভিয়ে পৰিশোধ কৰিবলৈ সক্ষম নোহোৱা ঋণৰ বাবদ বন্ধক থোৱা শ্বেয়াৰ অধিগ্ৰহণৰ ইংগিত দিয়ে ।

চৰ্ত অনুসৰি কোম্পানীৰ স’তে কোনো আলোচনা অবিহনেই আদানী গোটে এনে পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰে বুলি আঙুলিয়াই দি এনডিটিভি ছেবিৰ দ্বাৰস্থ হয় যদিও এইক্ষেত্ৰত কোনো সকাহ লাভ কৰিবলৈ সক্ষম নহ’ল ।

ফলস্বৰূপে ২৯ নৱেম্বৰত এনডিটিভিয়ে উল্লেখিত পৰিমাণৰ শ্বেয়াৰ আদানী গোটক গতাই দিয়াৰ লগতে প্ৰণয় ৰয় আৰু ৰাধিকা ৰয়ে কোম্পানীৰ সঞ্চালক পদৰ পৰা পদত্যাগ কৰে । ইয়াৰ লগে লগে এনডিটিভিৰ স’তে ইয়াৰ প্ৰতিষ্ঠাতা দম্পতীৰ যাত্ৰাৰ ইমানতে সামৰণি পৰিল বুলি চৰ্চিত হৈছে; কিয়নো আদানী গোটৰ পদক্ষেপক প্ৰত্যাহ্বান জনাবলৈ যি বিপুল পৰিমাণৰ আৰ্থিক সক্ষমতাৰ প্ৰয়োজন সেয়া ৰয় দম্পতীৰ বাবে সম্ভৱ নহয় ।

একালত ‘ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ স্বত্বাধিকাৰ বিত্তশালী ব্যৱসায়ী ৰামনাথ গোৱেংকাৰ দৰে যুঁজাৰু নহ’লেও প্ৰণয় ৰয়ে বিভিন্ন প্ৰত্যাহ্বানৰ মাজতো কমনীয় আচৰণৰ জৰিয়তে এটি স্বাধীন নিউজ চেনেল সুদীৰ্ঘ প্ৰায় তিনি দশক পৰিচালনা কৰি আহিছে ।

শান্ত-সমাহিত কিন্তু পাণ্ডিত্যপূৰ্ণ আচৰণৰ হ’লেও ৰঙা চকু দেখুৱাই তেওঁক স্তব্ধ কৰাটো সম্ভৱ নহ’ল । টিভিৰ স্ক্ৰীণত প্ৰণয় ৰয়ে এক সভ্য বিতৰ্কৰ কলা প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে আৰু সেয়া আজিও এনডিটিভিয়ে অব্যাহত ৰাখিছে ।

চিঞৰ-বাখৰ কৰি ডাবি-ধমক দি নিজে আমন্ত্ৰণ কৰি অনা অতিথিক ভাষ্য দাঙি ধৰিবলৈ নিদি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলগীয়া হোৱা নাই; বৰঞ্চ অতি উত্তপ্ত পৰিস্থিতিতো তেওঁৰ শান্ত, ভদ্ৰ, মৰমিয়াল আচৰণৰ বাবেই উগ্ৰ অতিথিও নমনীয় হৈ পৰিবলৈ বাধ্য হোৱাটো প্ৰায় দেখিবলৈ পোৱা যায় ।

অকল সেয়ে নহয়, ৰয় দম্পতী আৰু এনডিটিভিক সততে বাওপন্থাৰ প্ৰতি নৰম আৰু বিজেপি-আৰএছএছ অৰ্থাৎ সোঁপন্থীৰ প্ৰতি কঠোৰ হোৱাৰ লগতে কংগ্ৰেছৰ সমৰ্থকৰূপে অভিহিত কৰি আহিছে এচামে । সংবাদ পৰিবেশনৰ ক্ষেত্ৰত এনডিটিভিৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ মানি ল’ব নোৱাৰি । পৰিমিত আৰু প্ৰয়োজনীয় বাতৰি তথা বিশ্লেষণ এনডিটিভিৰ বৈশিষ্ট্য ।

দেশবাসীক চুই যাব পৰা যিকোনো বিষয়ক গুৰুত্ব সহকাৰে দাঙি ধৰি আহিছে এই চেনেলটোৱে । এইক্ষেত্ৰত পক্ষপাতিত্ব সাধাৰণ দৰ্শকৰূপে আমাৰ চকুত নপৰে শাসক হওক বা বিৰোধী– কোনো পক্ষৰ পছন্দ হওক বা নহওক, বিষয়বোৰতো কোনোবাই লোকচক্ষুৰ সমুখত দাঙি ধৰিবই লাগিব ! তাৰ বাবে দেশবিৰোধী আখ্যা পালেও উপায় কি ?

অদম্য সাহস আৰু হৃদয়স্পৰ্শ আদৰ্শৰে লালন-পালন কৰি অহা এটা অনুষ্ঠান এনেদৰে কোনো ধনাঢ্য পুঁজিপতিৰ হাতলৈ হস্তান্তৰিত হ’বলগীয়া হোৱাটো অতিকৈ দুৰ্ভাগ্যজনক । এটা উচ্চ মতাদৰ্শৰ উজ্জ্বল প্ৰতিভাক আজিৰ এই কঠোৰ নিষ্ঠুৰ পৃথিৱীত ধনবলৰ কাৰচাজিৰে আপাতদৃষ্টিত জয় কৰিলে এটি পুঁজিপতি গোষ্ঠীয়ে ।

ই যে স্বাধীন তথা নিৰপেক্ষ মুষ্টিমেয় সংবাদ গোষ্ঠীলৈ এক চূড়ান্ত সকীয়নি তাৰ উল্লেখৰ প্ৰয়োজন আছে জানো ? এগৰাকী প্ৰবীণ সাংবাদিকে এই প্ৰসংগতে কৈছে– এগৰাকী সাংবাদিকক এশিকনি দিবলৈ সম্পূৰ্ণ চেনেলটোৱে কিনি পেলালে ।

যিসময়ত এটাৰ পাছত আনটো প্ৰতিষ্ঠান খহি পৰিছে, খহাই পেলোৱা হৈছে তাত এটি চেনেল খহি পৰা অথবা খহাই পেলোৱাত চকুপানী টুকিবলৈ কিটো আছে !

তিনি দশকৰো অধিক কাল নিজৰ আদৰ্শত অটল থাকি ভাৰতীয় টিভি সাংবাদিকতাত এক উজ্জ্বল দৃষ্টান্ত সৃষ্টি কৰা এনডিটিভিয়ে শাসক পক্ষৰ ওচৰত সেও নামানিলে– সেই বাবে অৱশেষত চেনেলটোৱে হেৰুৱাবলগীয়া হ’ল । গতিকে আপুনিয়েই বিচাৰ কৰক– এনডিটিভি আৰু প্ৰণয় ৰয়ৰ জয় নে পৰাজয় ঘটিল !

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: NDTVpranjal sen dekaPrannoy RoyRadhika Roy
publisher

publisher

Related Posts

Opinion : ব্যক্তিৰ আচৰণত প্ৰতিফলিত সমাজ
Opinion

Opinion : ব্যক্তিৰ আচৰণত প্ৰতিফলিত সমাজ

January 9, 2023
Opinion : সংসদীয় গণতন্ত্ৰ কোন দিশে ?
Opinion

Opinion : সংসদীয় গণতন্ত্ৰ কোন দিশে ?

December 26, 2022
Opinion : আভ্যন্তৰীণ সংঘাতৰ বিড়ম্বনা
Opinion

Opinion : আভ্যন্তৰীণ সংঘাতৰ বিড়ম্বনা

December 19, 2022
Opinion : কোনে কাক কৰিছে হস্তক্ষেপ ?
Opinion

Opinion : কোনে কাক কৰিছে হস্তক্ষেপ ?

December 12, 2022
Opinion : লাভ জেহাদ, শ্ৰদ্ধাৰ হত্যা আৰু…
Opinion

Opinion : লাভ জেহাদ, শ্ৰদ্ধাৰ হত্যা আৰু…

November 28, 2022
Opinion : আৰু কিমান বোজা সহিম ?
Opinion

Opinion : আৰু কিমান বোজা সহিম ?

November 21, 2022
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: