ULFA{I} : মাহমৰাত সন্ধানহীন ছাত্ৰী, ‘আলফালৈ আহিছো’ বুলি হোৱাটছএপ বাৰ্তা প্ৰেৰণ

WhatsApp Image 2022 12 05 at 20.39.49

ULFA{I} :

চৰাইদেউ জিলাৰ অন্তৰ্গত মাহমৰা মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাধীন)ত যোগদান কৰাৰ খবৰে সম্প্ৰতি জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে । আলফা (স্বা)ত যোগদান কৰা ছাত্ৰীগৰাকীৰ নাম অৰ্পিতা গগৈ ।

উল্লেখ্য যে, চৰাইদেউ জিলাৰ কাকতিবাৰী আৰক্ষী থানা এলেকাধীন মাহমৰা কোঁৱৰ গাঁও নিবাসী দীলিপ গগৈ আৰু ঊষা গগৈৰ কন্যা অৰ্পিতা যোৱা ২৮ নৱেম্বৰৰ পৰাই সন্ধানহীন হৈ আছিল ।

লক্ষ্যণীয় যে, অৰ্পিতা নিৰুদ্দেশ হোৱাৰ এদিনৰ পাছতে অচিনাকি মোবাইল ফোনৰ পৰা অৰ্পিতাৰ পৰিয়াললৈ এক চাঞ্চল্যকৰ হোৱাটছএপ বাৰ্তা আহে । নিজকে অৰ্পিতা বুলি চিনাকি দি “আলফা (স্বাধীন)ত যোগদান কৰাৰ কথা উল্লেখ কৰি সম্প্ৰতি অৰুণাচলৰ নামচাইত বাহৰ পতা বুলি কয় ।

ইফালে, এই চাঞ্চল্যকৰ হোৱাটছএপ বাৰ্তাটো লাভ কৰি শংকিত হৈ পৰে অৰ্পিতাৰ পিতৃ-মাতৃ ৷

লগে লগে পৰিয়ালৰ তৰফৰ পৰা কাকতীবাৰী আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে ৷

মনকৰিবলগীয়া যে, নিজকে অৰ্পিতা বুলি চিনাকি দি প্ৰেৰণ কৰা হোৱাটছএপ বাৰ্তাত “আলফাত যাম আমি” বুলি উল্লেখ কৰাত স্বাভাৱিকতেই একাধিক যুৱক-যুৱতী নিষিদ্ধ সংগঠনলৈ যোৱাৰ ইংগিত দিছে ।

ইফালে, বিগত এটা সপ্তাহেও নিৰুদ্দেশ হোৱা যুৱতীগৰাকীৰ উদ্ধাৰৰ বাবে কাকতীবাৰী আৰক্ষীয়ে যথোচিত ব্যৱস্থা গ্ৰহণ নকৰা বুলি পৰিয়ালৰ লোকে আজি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷

আৰক্ষীক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো যুৱতীগৰাকীৰ সন্ধান উলিওৱাত আৰক্ষী ব্যৰ্থ হোৱাত আজি মুকলিকৈ সংবাদ মাধ্যমৰ কাষ চাপে যুৱতীগৰাকীৰ পৰিয়াল ৷

যুৱতীগৰাকীৰ মাতৃয়ে সংবাদ মাধ্যমৰ জৰিয়তে হাতযোৰ কৰি চৰাইদেউ জিলা আৰক্ষী প্ৰশাসনক সন্ধানহীন ছাত্ৰীগৰাকীক উদ্ধাৰ কৰিবলৈ কাতৰ আহ্বান জনাইছে ৷

আনহাতে, যুৱতীগৰাকী যদি সঁচাকৈয়ে আলফা (স্বাধীন)ত যোগদান কৰিছে, তেন্তে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাকো ঘৰৰ ছোৱালী ঘৰলৈ পঠিয়াই দিবলৈ কাতৰ আহ্বান জনাইছে অৰ্পিতাৰ পিতৃ-মাতৃয়ে ৷

Exit mobile version