Nagaon Cattle Theft : নগাঁৱত গৰু চোৰ কৰিবলৈ আহি

চোৰৰ দলে কাণ কাটিলে গৃহস্থৰ

b944ea4d 45da 416f bda5 e16a5f145c03

Nagaon Cattle Theft :

গৰুৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ স্থিতি লৈছে যদিও গৰু সৰবৰাহকাৰীৰ সন্ত্ৰাস দিনৰ দিনে বৰং বৃদ্ধিহে পাইছে ৷এই ক্ষেত্ৰত আৰক্ষীয়ে লোৱা নাই সময়োচিত ব্যৱস্থা ৷

নগাঁৱতো ক্ৰমাগতভাৱে বৃদ্ধি পাইছে গৰু চোৰৰ তাণ্ডৱ৷ চোৰে গৰু চোৰ কৰিবলৈ আহি গৃহস্থৰ কাণ কটাৰ দৰে চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় সোমবাৰে নিশা জুৰীয়াত৷

চোৰৰ আক্ৰমণত আহত হয় দুজনকৈ লোক ৷ প্ৰাপ্ত খবৰ মতে যোৱা নিশা দলনি জুৰীয়া নিবাসী গুলজাৰ হুছেইন আৰু নবী হুছেইনৰ বাসগৃহত চোৰৰ দল এটাই গৰু চোৰৰ লক্ষ্যৰে প্ৰৱেশ কৰে৷

ৰাজ্যত চোৰৰ তাণ্ডৱ; গৰু চোৰ কৰিবলৈ আহি চোৰে কাটি নিলে গৃহস্থৰে কাণ। ৰাজ্যত প্ৰতিদিনেই বৃদ্ধি পাইছে চোৰৰ তাণ্ডৱ। এইবাৰ চোৰৰ স্থান হৈছে নগাঁও। গৰু চোৰ কৰিবলৈ আহি চোৰে কাটি নিলে গৃহস্থৰে কাণ।

চোৰৰ আক্ৰমণত আহত হ’ল দুজনকৈ লোক। নগাঁৱৰ জুৰীয়াত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। দেওবাৰে নিশা দলনিজুৰীয়াৰ নবী হুছেইন আৰু গুলজাৰ হুছেইনৰ বাসগৃহত গৰু চুৰিৰ চেষ্টা চলাইছিল চোৰে।

এখন টাটা মবাইলত অহা চোৰৰ দলটোক বাধা প্ৰদান কৰে গৃহস্থ নৱী হুছেইনে৷ চোৰৰ দলে নৱী হুচেইনক গাড়ীত উঠাই কাটি পেলাই তেওঁৰ এখন কাণ৷

পাছত মুৰ্মষ অৱস্থাত আদবাটত পেলাই চোৰৰ দল উধাও হয় ৷ আনহাতে চোৰৰ দলে গাড়ীৰে আঘাত কৰে আন এজন গৃহস্থ গুলজাৰ হুছেইনক ৷

নিশাই ঘটনাৰ বিষয়ে জানিব পাৰি আৰক্ষীয়ে অভিযান চলাই বাটমাৰীৰ পৰা আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰে নৱী আৰু গুলজাৰ হুছেইনক ৷ দুয়োকে নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ আৰক্ষীয়ে ইতিমধ্যে গৰু চোৰৰ দলটোৰ সন্ধানত আৰম্ভ কৰিছে অভিযান ৷

Exit mobile version