Lifestyle : চাৰ্টৰ কলাৰ দাগ পৰিষ্কাৰ কৰাৰ সহজ উপায়

WhatsApp Image 2022 12 09 at 21.24.37

Lifestyle :

চাৰ্ট পৰিষ্কাৰ কৰি ধোৱা খুবেই কষ্টকৰ কাম । যেতিয়া চাৰ্টৰ জেদি দাগ নুঠে , তেন্তে এইকাম অতিকৈ কষ্টকৰ হৈ উঠে । সেইয়েহে আজি আমি পঢ়ুৱৈসকলক এনে জেদি দাগ আতৰোৱাৰ সহজ পদ্ধতিৰ বিষয়ে অৱগত কৰিম ।

১/ লিকুইড ডিচ ডিটাৰজেণ্ট : সাধাৰণতে আমি কাঁহি-বাটি আদি ধুবলৈ লিকুইড দিচ ডিটাৰজেণ্ট ব্যৱহাৰ কৰো । এই ডিটাৰজেণ্ট কাপোৰৰ জেদি দাগ উঠোৱা কামতো ব্যৱহাৰ কৰিব পাৰি । কাৰণ ইয়াত প্ৰাকৃতিক নেমুৰ ৰস মিহলি হৈ থাকে । ঠাণ্ডা পানীত অলপ ডিটাৰজেণ্ট দি চাৰ্টৰ কলাৰ ডুবাই ৰাখি অলপ পিছত দুহাতেৰে ঘহি দিলেই চাৰ্টৰ এনে জেদি দাগ গুচি যায় ।

২/ বেকিং চোডা : পানীত আপোনাৰ চাৰ্টটো ডুবাই ৰখা সময়ত কলাৰত লাগি থকা জেদি দাগত অলপ বেকিং চোডা দি কিছুসময় ৰাখি থব লাগে । দেখিব আপোনাৰ কলাৰৰ দাগ নাইকীয়া হৈ গৈছে ।

৩/ ব্ৰাচৰ ব্যৱহাৰ : সাধাৰণ নিয়মত কাপোৰ ধোৱাৰ সময়ত দাগযুক্ত স্থানত চাবোন বা ডিটাৰজেণ্ট দি অলপ গৰম পানীত ডুবাই ৰাখিব লাগে । পিছত ব্ৰাচৰ সহায়ত ভালকৈ ঘহি দিলে দাগ সহজে উঠি যাব । পিছত অৱশ্যে ঠাণ্ডা পানীৰে ধুব লাগে ।

৪/ নেমুৰ ৰস : জেদি দাগত নেমুৰ ৰসো ব্যৱহাৰ কৰিব পাৰে । নেমুৰ ৰসত থকা প্ৰচুৰ এণ্টি অক্সিডেণ্টে কাপোৰৰ ময়লা দূৰ কৰাত সহায় কৰে । প্ৰথমতে ডিটাৰজেণ্টযুক্ত পানীত চাৰ্টৰ কলাৰ ডুবাই ৰাখিব লাগে আৰু অধিক দাগ লাগি থকা স্থানত নেমুৰ ৰস চেপি দিব লাগে । পাঁচ মিনিটৰ পিছত ধুই দিলে দেখিব আপোনাৰ চাৰ্টৰ কলাৰৰ জেদি দাগ দূৰ হৈ গৈছে ।

Exit mobile version