Bollywood : ‘’ এক দুজে কে লিয়ে “ ৰ সফল অভিনেত্ৰী ৰতি অগ্নিহোত্ৰী হঠাৎ ক’ত অন্তৰ্ধ্যান হ’ল ?

জানক অভিনেত্ৰী গৰাকীৰ দুখৰ কাহিনী

WhatsApp Image 2022 12 13 at 19.25.41

Bollywood :

৮০ ৰ পৰা ৯০ দশকৰ লৈকে বলীউডৰ এগৰাকী সফল অভিনেত্ৰী আছিল ৰতি অগ্নিহোত্ৰী । বলীষ্ঠ অভিনেতা কমল হাচানৰ লগত কৰা ‘এক দুজে কে লিয়ে’-এ অভিনেত্ৰীগৰাকীক এৰাতিৰ ভিতৰতে জনপ্ৰিয়তাৰ শীৰ্ষত উপণীত কৰাইছিল ।

দৰ্শকৰ সমান্তৰালকৈ সমালোচকেও অভিনেত্ৰীগৰাকীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল । বলীউডৰ প্ৰায়ে জনপ্ৰিয় অভিনেতাৰ লগত অভিনয় কৰিছিল ৰতিয়ে ।

কিন্তু কেৰিয়াৰৰ শীৰ্ষ স্থানত থকা সময়তে অভিনেত্ৰীগৰাকী হঠাৎ চিনেমা জগতৰ পৰা অন্তৰ্ধ্যান হৈছিল । ১৯৮৫ চনৰ পিছতেই অভিনেত্ৰীগৰাকী কোনো চিনেমাত অভিনয় কৰা নাছিল । অৰ্থাৎ সেই বছৰতেই ৰতি অনিল ভিৰওয়ানিৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল ।

ইয়াৰ পিছতেই ৰতিৰ বলীউড জগতৰ লগত দূৰত্ব বাঢ়ি যায় । এনেদৰেই বলীউড উদ্যোগৰ পৰা ৰতি হেৰাই গৈছিল । এইয়া আছিল অভিনেত্ৰীগৰাকীৰ আটাইতকৈ ভুল সিদ্ধান্ত ।

স্বামী-সন্তানৰ লগত সংসাৰ কৰিবলৈকে সময়তকৈ আগেই অভিনেত্ৰীগৰাকীয়ে বলীউডক বিদায় জনাইছিল । ৯০ দশকৰ পিছত ৰতিক আকৌ ডাঙৰ পৰ্দাত দেখা পোৱা নাছিল ।

দাম্পত্য জীৱনকলৈ অভিনেত্ৰীগৰাকীয়ে যি সপোন দেখিছিল সেই সকলো ভংগ হৈছিল তেওঁৰ । বিয়াৰ পাছত ক্ৰমাৎ গাৰ্হস্থ্য হিংসাৰ মাজত সোমাই পৰিছিল ৰতি । সেইসময়ত অভিনেত্ৰীগৰাকীক স্বামীয়ে প্ৰচণ্ড মাৰ-পিট কৰিছিল ।

ৰতিৰ স্বামী অনিল আছিল পেশাগতভাৱে এজন স্থপিত । এখন স্বচ্ছল ঘৰলৈ বিয়া হৈছিল তেওঁ । কিন্তু ৰতিৰ সংসাৰৰ সুখ নাছিল । ইয়াৰমাজতে ৰতিয়ে এটা পুত্ৰ সন্তান জন্ম দিয়ে । বিয়াৰ পিছৰ পৰাই সংসাৰত নিতৌ হোৱা অশান্তি , স্বামীৰ দ্বাৰা মাৰ-পিট , এই সকলোবোৰ একমাত্ৰ সন্তান ছেলেৰ মুখলৈ চাই সহ্য কৰিছিল ৰতিয়ে ।

কিন্তু এটা সময়ত আৰু অভিনেত্ৰীগৰাকীয়ে এই সকলোবোৰ সহ্য কৰিব নোৱাৰা হ’ল । স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি অৱশেষত অভিনেত্ৰীগৰাকীয়ে পুলিচৰ কাষ চাপিবলগীয়া হয় ।

দাম্পত্য জীৱনৰ ৩০ বছৰ পৰ্যন্ত স্বামীৰ অত্যাচাৰ সহ্য কৰিছিল ৰতিয়ে । অত্যাচাৰ ইমানেই বেছি হৈ গৈছিল যে , এটা সময়ত স্বামীয়ে ৰতিক হত্যা কৰাৰ চেষ্টা কৰিছিল । তেতিয়াই অভিনেত্ৰীগৰাকীয়ে পুলিচৰ ওচৰত স্বামীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে ।

সেইসময়ত এই কথাও ওলাইছিল যে , ৰতি অন্ত:সত্ত্বা হৈ থকা অৱস্থাতো স্বামীৰ অত্যাচাৰৰ বলি হ’বলগীয়া হৈছিল । এনেদৰেই বিয়াৰ দুবছৰৰ পিছতেই অৰ্থাৎ ছেলেৰ জন্মৰ সময়তো অত্যাচাৰ সহিছিল তেওঁ ।

অভিনেত্ৰীগৰাকীয়ে সকলো দুখ-কষ্ট সহ্য কৰি যোৱাৰ সময়তে এদিন তেওঁৰ স্বামীৰ আচল ৰূপ ছেলেৰ সন্মুখত ধৰা পৰে । ইয়াৰপিছত আৰু পুত্ৰ ছেলেই মাকক এক মুহুৰ্তৰ বাবেও এৰি দিয়া নাছিল ।

আনকি ৰতিয়ে নিজেই সংবাদমাধ্যমৰ আগত কৈছিল যে , ছেলেয়ে তেওঁৰ জীৱন সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰিছিল ।
এনে দুৰ্বিসহ জীৱনৰ বাবেই ৰতি দীৰ্ঘদিন ধৰি কেমেৰাৰ পৰা আতৰি আছিল ।

২০০১ চনত পুনৰ অভিনয় আৰম্ভ কৰে । ২০১৫ চনত ৰতিৰ স্বামীৰ লগত বিবাহ বিচ্ছেদ হয় । বৰ্তমান ছেলেৰ লগত সুখেৰে দিন পাৰ কৰিছে এসময়ৰ জনপ্ৰিয় অভিনেত্ৰী ৰতি অগ্নিহোত্ৰীয়ে ।

Exit mobile version