Amitabh-Aaradhya : এখন ঘৰত থাকিও সপ্তাহত ছয় দিন নাতিনীৰ মুখ দেখিবলৈ নাপায় !

চৰম আক্ষেপ অমিতাভৰ

WhatsApp Image 2022 12 14 at 19.58.53

Amitabh-Aaradhya :

বয়স ৮০ বছৰৰ ওচৰা-ওচৰি । কিন্তু এই বয়সতো বিশ্ৰাম কৰাৰ সময় নাই অমিতাভৰ । সকলো সময়তে শ্বুটিঙক লৈ ব্যস্ত থাকে বিগ বি ।

হয় ছবিৰ শ্বুটিং, নয়তো কোনো বিজ্ঞাপনী কেম্পেইন, ইয়াৰ উপৰি কৌন বনেগা কৰৌৰপতিতো আছেই !

এইবাৰ কেবিচি-ৰ মঞ্চত নাতিনী আৰাধ্যাৰ স’তে নিজৰ সম্পর্কক লৈ অকপট অমিতাভ । কেবিচি ১৪-ৰ সাম্প্রতিক খণ্ডত অংশগ্ৰহণ কৰে একাধিক শিশুৱে, যাৰ ভিতৰত অমিতাভৰ স’তে হটছিটত বহি গেম খেলাৰ সুযোগ পায় কলকাতাৰ আয়াংশ ভাল’টিয়াৰে ।

আয়াংশৰ স’তে মন খুলি বাৰ্তালাপ কৰে অমিতাভে । আয়াংশৰ স’তে তেওঁৰ ককা-আইতাৰ সম্পর্কৰ গভীৰ বন্ধন দেখি আবেগিক হৈ পৰে বিগ বি ।

আয়াংশে জনায়, ককা-আইতাৰ স’তেই অধিকাংশ সময় অতিবাহিত কৰে তেওঁ । ১০ বছৰৰ প্রতিযোগী আয়াংশে উভতাই প্রশ্ন কৰে, নাতিনি আৰাধ্যাৰ স’তে তেওঁ কেনেদৰে সময় কটায় ?

উত্তৰত অমিতাভে কয়, ‘ম‌ই যি বৃত্তিত আছো, ম‌ই প্রতিদিনে পলাই ঘৰৰ পৰা ওলাই আহিবলগীয়া হয় । সেই সময়ত আৰাধ্যা স্কুলত থাকে । ম‌ই যেতি‌য়া কাম সমাপ্ত কৰি উভতি আহো, তেতিয়া তাই শোৱে । অতি কম সময় পাওঁ আমি একেলগে কটাবলৈ, কিন্তু দেওবাৰে আমি খুব ফূৰ্তি কৰো ।

এতিয়াতো আৰাধ্যা ডাঙৰ হৈছে । ডাঙৰৰ নিচিনা খেলা-ধূলা কৰিয়ে ভাল পায় । আমি কম্পিউটাৰত গেম খেলো, কেতিয়াবা টেনিছ, কেতিয়াবা ফুটবল ।’

সৰুকালত কেনেধৰণৰ খেল অমিতাভৰ প্ৰিয় আছিল ? কেবিচি-ৰ সঞ্চালকে জনায়, ‘গিল্লি ডণ্ডা’ (টাং গুটি) খেলি ভাল পাইছিল ।

ইয়াৰ পূৰ্বে কেবিচিৰ মঞ্চতেই অমিতাভে খোলচা কৰিছিল, নাতিনীৰ খং কমাবলৈ কি উপায় অৱলম্বন কৰে তেওঁ । বিগ বিয়ে জনাইছিল, ‘আৰাধ্যাই খং কৰিলে ম‌ই তাইক চকলেট দি তাইৰ মান ভংগ কৰো । আৰু ছোৱালীয়ে যে মূৰত মাৰে… হেয়াৰ বেণ্ড, গোলপীয়া তাইৰ প্রিয় ৰং । ম‌ই তাইক গোলপীয়া হেয়াৰ বেণ্ড কিনি দিওঁ, ক্লিপ লৈ যাওঁ । তেতিয়া তাইৰ মন গলি যায় ।’

অমিতাভে কয় টেকন’লজিৰ ফলত ব্যস্ততাৰ মাজতো নাতিনিৰ স’তে তেওঁৰ যোগাযোগ অটুট আছে । সময়ে সময়ে ফেচটাইমত কথা পাতে তেওঁলোকে, অৱশ্যে দেওবাৰৰ বাহিৰে একেলগে সময় কটোৱাৰ সুযোগ নহয় ।

অমিতাভ পুত্র অভিষেকৰ একমাত্র কন্যা আৰাধ্যা । ১১ বছৰ বয়সত অভিষেক-ঐশ্বর্য্যৰ কন্যাৰ । আৰাধ্যাৰ লগতে অমিতাভৰ কন্যাৰ ঘৰৰ দুই নাতি-নাতিনী আছে, নভ্যা আৰু অগস্ত্য ।

Exit mobile version