Assam : আৰক্ষীৰ সহযোগত কাঠ পৰিবাহী প্ৰতিখন ট্ৰাকৰ পৰা লাখ টকা আদায়

download 14

Assam :

প্ৰহসনত পৰিণত হৈছে ৰাজ্যত ছিণ্ডিকেট বন্ধৰ শ্ল’গান। অবৈধ ব্যৱসায় বাদেই, ছিণ্ডিকেট চক্ৰৰ তাণ্ডৱত বৈধভাৱে কৰা ব্যৱসায়তো চকুৰে সৰিয়হ ফুল দেখিছে ব্যৱসায়ীয়ে।

আৰক্ষীৰ ছত্ৰছায়াত এনে ছিণ্ডিকেট ৰমৰমীয়াকৈ অব্যাহত আছে। শেহতীয়াকৈ ইয়াৰ বিৰুদ্ধে আনুষ্ঠানিক অভিযোগ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান আৰু আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগক দাখিল কৰিছে একাংশ কাঠ ব্যৱসায়ীয়ে।

ইয়াকে লৈ অসম আৰক্ষীৰ মজিয়াত অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি হৈছে। তথ্য সহকাৰে এই অভিযোগ দাখিল কৰিছে উত্তৰ-কামৰূপ বন সংমণ্ডলৰ দ্বাৰা অনুজ্ঞাপত্ৰপ্ৰাপ্ত কাঠ ব্যৱসায়ীসকলে।

স্মাৰকপত্ৰত ব্যৱসায়ীসকলে উল্লেখ কৰিছে যে সম্পূৰ্ণ বৈধভাৱে চৰকাৰে নিৰ্ধাৰণ কৰা ৰাজহ প্ৰদান কৰি তেওঁলোকে কাঠৰ ব্যৱসায় চলাই আহিছে; কিন্তু কাঠ সৰবৰাহৰ ৰাস্তাত বিভিন্ন স্থানত আৰক্ষী আৰু ছিণ্ডিকেট চক্রই তেওঁলোকৰ বাহনসমূহ বৈধ নথিপত্র থকা সত্ত্বেও জব্দ কৰি বলপূর্বক ধন আদায় কৰে।

ধন নিদিলেই নানান ভুৱা অভিযোগৰে বাহনবোৰ আৰক্ষী থানাত আবদ্ধ কৰি ৰখা হয়। ইয়াৰ এক উদাহৰণো স্মাৰকপত্ৰখনত উল্লেখ কৰা হৈছে।

যোৱা পহিলা নৱেম্বৰত গোবিন্দ সৰকাৰ আৰু জিতু দাস নামৰ দুজন লোকৰ নেতৃত্বত এক ছিণ্ডিকেট বাহিনীয়ে উত্তৰ কামৰূপ বন সংমণ্ডলৰ অনুজ্ঞাপত্ৰ থকা পাঁচ শতাধিক কাঠ ব্যৱসায়ীক প্ৰতিখন কাঠৰ গাড়ীৰ বাবদ এক লাখ টকাকৈ
আদায় দিবলৈ ভাবুকি প্ৰদান কৰে।

সেই ধন নিদিলে বৈধ কাঠকো অবৈধ ৰূপ দি থানাত আবদ্ধ কৰি ৰখা হ’ব বুলি ভাবুকি দিয়ে। লগতে স্মাৰকপত্ৰখনত উল্লেখ কৰা হৈছে যে যোৱা চাৰি আৰু সাত নৱেম্বৰত এ এছ-২৫ ডি চি-৯১০১ আৰু এ এছ-০১ পি চি-২৭৯২ নম্বৰৰ কাঠভৰ্তি দুখন গাড়ী নগাঁও জিলাৰ বাগৰি আৰক্ষী থানাৰ এটা দলে জব্দ কৰি থানালৈ লৈ যায়।

গোবিন্দ সৰকাৰ নামৰ ছিণ্ডিকেট চলোৱা লোকজনৰ নেতৃত্বতে আৰক্ষীয়ে এই কাম কৰে। পথত ধন আদায় নিদিয়াৰ বাবেই ট্রাককেইখন আবদ্ধ কৰা হয়। আৰক্ষীক কাঠৰ বৈধ পৰিবহণৰ নথিপত্র দেখুওৱা সত্ত্বেও ট্রাক দুখন মোকলাই দিয়া নহ’ল; বৰঞ্চ আৰক্ষীয়ে ট্রাক দুখন বন বিভাগক হস্তান্তৰ কৰে।

ভাৰ্গৱ চৌধুৰীয়ে ‘দৈনিক অগ্ৰদূত’ক কয় যে তেজপুৰ, নগাঁও আদিকে ধৰি বিভিন্ন স্থানত কাঠ সৰবৰাহক লৈ বৃহৎ ছিণ্ডিকেট চক্র গঢ়ি উঠিছে।

চৌধুৰীয়ে দিয়া হিচাপ অনুসৰি, তিনিচুকীয়াৰ পৰা ৰঙিয়ালৈ বৈধভাৱে কাঠ অনাৰ বাবদ এখন ট্রাকৰ আনুষংগিক খৰচ হিচাপে অতি বেছি পাঁচ হেজাৰ টকা ব্যয় হয়।

তাৰ বিপৰীতে ছিণ্ডিকেট চক্ৰৰ তাণ্ডৱত ৰাস্তাতে এতিয়া ডেৰ-দুই লাখ টকা ব্যয় হয়। প্রসংগক্রমে চৌধুৰীয়ে কয়, ‘অলপতে তেজপুৰত এখন কাঠ কঢ়িওৱা ট্রাক আৰক্ষীয়ে আবদ্ধ কৰে। ট্রাকৰ চালকৰ লগত কাঠ পৰিবহণৰ সকলো নথিপত্ৰ আছিল।

সেইবোৰ দেখুওৱা সত্ত্বেও আৰক্ষীয়ে গুৰুত্ব নিদিলে। নথিপত্ৰবোৰ জাল বুলিহে আৰক্ষীয়ে দাবী কৰে। পাছত অনলাইনযোগে উলিওৱা জিএছটিৰ ৰছিদ দেখুওৱাতহে গাড়ীখন এৰি দিবলৈ বাধ্য হয়। ছিণ্ডিকেট চক্রক ধন নিদিয়াৰ বাবেই এই হাৰাশাস্তি কৰা হয়।

Exit mobile version