Ex Army Union : কলাইগাঁও আঞ্চলিক প্ৰাক্তন সৈনিক সন্থাৰ ভৱনৰ কাম আৰম্ভ

WhatsApp Image 2022 12 15 at 18.43.35

Ex Army Union :

প্ৰাক্তন সৈনিকসকলৰ সংঘৱদ্ধ অনুষ্ঠান কলাইগাঁও আঞ্চলিক প্ৰাক্তন সৈনিক সন্থাৰ ভৱনৰ কামৰ আজি আনুষ্ঠানিকভাৱে আৰম্ভ কৰে বিটিচিৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱাই ।

উল্লেখ্য ওদালগুৰি জিলাৰ ২ নং কলাইগাঁও নিবাসী সমাজহিতৈষী কৃষ্ণকান্ত বড়োৱে দান কৰা ভূমিত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত পৰিষদীয় সমষ্টি উন্নয়ন পুঁজিৰ আৱন্তিত্ব ধনেৰে নিৰ্মাণ কৰিবলগীয়া ভৱনৰ আৰম্ভ কৰে বিটিচিৰ কাৰ্যবাহী সদস্য বৰুৱাই ।

এই উপলক্ষে কলাইগাঁও আঞ্চলিক প্ৰাক্তন সৈনিক সন্থাৰ সভাপতি ৰামেশ্বৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত কাৰ্যবাহী সদস্য বৰুৱাই ভৱনটো আটকধুনীয়াকৈ নিৰ্মাণৰ পোষকতা কৰি আগন্তুক দিনত প্ৰয়োজনত অনুদান আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে ।

দুবছৰীয়া কাৰ্যকালত মুদৈবড়ি পৰিষদীয় সমষ্টিত ১৩টাকৈ পথ পকীকৰণৰ লগতে বিভিন্ন শিতানৰ জৰিয়তে যুদ্ধকালীন তৎপৰতাৰে আন্তঃগাঁথনি নিৰ্মাণৰ কথা সদৰী কৰি কাৰ্যবাহী সদস্যগৰাকীয়ে কলাইগাঁৱত বড়োলেণ্ড গেষ্ট হাউছকে ধৰি বিভিন্ন জনকল্যাণমুখী আঁচনি হাতত লোৱা বুলি মন্তব্য কৰে ।

বৰুৱাই ভূমি দানৰ দৰে মহানুভৱতাক প্ৰশংসা কৰি প্ৰাক্তন সৈনিকসকলে জনসাধাৰণৰ স্বাৰ্থত কাম কৰিব বুলি আশা ব্যক্ত কৰে ।

ভূমি দাতা কৃষ্ণকান্ত বড়োৱে ভাষণ প্ৰসংগত ভাৰতীয় সেনাৰ ত্যাগক কুৰ্ণিশ জনাই দেশৰ স্বাৰ্থত অতন্দ্ৰ প্ৰহৰীৰ ভূমিকা গ্ৰহণ কৰা প্ৰাক্তন সৈনিকসকল সমাজৰ স’তে সু-সম্পৰ্ক বজাই ৰখা বুলি মতপোষণ কৰে ।

কলাইগাঁও আঞ্চলিক প্ৰাক্তন সৈনিক সন্থাৰ সম্পাদক দধি কাকতিয়ে আঁতধৰা অনুষ্ঠানত দৰং জিলা সৈনিক কল্যাণ পৰিষদৰ প্ৰশাসনিক বিষয়া দিলীপ কুমাৰ ডেকাই প্ৰাক্তন সৈনিকসকলৰ কল্যাণাৰ্থে গ্ৰহণ কৰা চৰকাৰী আঁচনিসমূহৰ বিষয়ে বহলাই বাখ্যা কৰে ।

প্ৰাক্তন সৈনিক সন্থাৰ মুখ্য উপদেষ্টা ৰজনীকান্ত নাথে ভাষণ প্ৰদান কৰা অনুষ্ঠানত ভাৰতীয় সেনা বিষয়াৰ লগতে ভকতপাৰা-মুদৈবড়ি প্ৰাক্তন সৈনিক সন্থাৰ সভাপতি বানেশ্বৰ বাগলাৰী আৰু সম্পাদক কুঞ্জ বড়োকে ধৰি দৰং-ওদালগুৰি জিলাৰ শতাধিক প্ৰাক্তন সৈনিক-পৰিয়াল আৰু বিশিষ্ট লোক উপস্থিত থাকে ।

Exit mobile version