Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Gamosa : অসমীয়া গামোচালৈ সুৰক্ষা কৱচ

publisher by publisher
December 15, 2022
in India, Assam, News
Reading Time: 1 min read
0
Gamosa : অসমীয়া গামোচালৈ সুৰক্ষা কৱচ
3
SHARES
29
VIEWS
ShareShareShareShare

Gamosa :

অসমীয়া শিপিনীসকলৰ বাবে সুখৰ বতৰা কঢ়িয়াই স্বাভিমানৰ প্ৰতীক অসমীয়া গামোচাই অৱশেষত লাভ কৰিলে ভৌগোলিক সূচক অর্থাৎ জিআই টেগ । এই সূচক তথা চিহ্ন লাভ কৰাৰ লগে এতিয়াৰ পৰা অসমীয়া গামোচা একে নামেৰে বহিঃৰাজ্যত উৎপাদন কৰিব নোৱাৰিব আৰু বহিঃৰাজ্যৰ পৰা একে নামেৰে অহা হুবহু নকল গামোচা বিক্ৰী কৰাটো আইনমতে দণ্ডণীয় হ’ব।

ADVERTISEMENT

মঙলবাৰে কেন্দ্ৰীয় চৰকাৰৰ ভৌগোলিক পৰিচয় পঞ্জীয়ক কার্যালয়ে অসমীয়া গামোচালৈ এই স্বীকৃতি প্রদান কৰে। উল্লেখ্য যে অসমীয়া গামোচাৰ ভৌগোলিক সূচক বিচাৰি প্রথমে কৃষি বিশ্ববিদ্যালয়ে আবেদন কৰিছিল যদিও এই আবেদনত বিভিন্ন দিশ উপস্থাপন নোহোৱাত হস্ততাঁত বস্ত্ৰশিল্প বিভাগ আৰু অসম বিজ্ঞান-প্রযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদে যৌথভাবে আবেদন কৰিছিল।

RelatedPosts

Himanta Biswa Sarma:যুদ্ধকালীন পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰৰ চতুৰ্থ বর্ষপূর্তিত নহয় কোনো বিশেষ অনুষ্ঠান

জিআই স্বীকৃতিৰ পাছতো বহিঃৰাজ্যত মেচিনত প্ৰস্তুত গামোচাৰ অবাধ বেহা অসমত

Richest CM in India has a net worth of 930 crore. দেশৰ ধনাঢ্য মুখ্যমন্ত্ৰী দহ গৰাকী কোন কোন

ইয়াৰ পাছতে ভৌগোলিক পৰিচয় পঞ্জীয়কৰ কাৰ্যালয়ে আলোচনাৰ মাধ্যমেৰে হস্ততাঁত বিভাগক মূল আবেদনকাৰী হিচাপে ৰাখি কৃষি বিশ্ববিদ্যালয় আৰু অসম বিজ্ঞান-প্রযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদক সহায়ক সংগঠনৰূপে অন্তর্ভুক্ত কৰিছিল।

ইয়াৰ পাছতে পৰিৱেশ পৰিষদৰ হৈ নডেল বিষয়া ড° জয়দ্বীপ বৰুৱাৰ নেতৃত্বত বিজ্ঞানী ক্ৰমে দেৱাশিষ দত্ত, সিদ্ধাৰ্থ দেৱনাথ, দীপামণি বৈশ্য আৰু কৃষি বিশ্ববিদ্যালয়ৰ ড° গাৰ্গী শৰ্মাৰ নেতৃত্বত দলটোৱে গৱেষণাৰ কাম আৰম্ভ কৰিছিল।

এই দলটোৰ প্ৰচেষ্টাৰ ফলতে মঙলবাৰে অসমৰ গামোচাই এই সুৰক্ষা কৱচ লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে গৱেষক দলটোৰ অন্যতম সদস্য তথা বিজ্ঞানী দেৱাশিষ দত্তই এই সন্দৰ্ভত ‘দৈনিক অগ্রদূত’ৰ আগত কয় যে অসমীয়া গামোচাই অৱশেষত সুৰক্ষা কৱচ লাভ কৰিবলৈ সক্ষম হ’ল।

অসমীয়া গামোচা বুলি ক’লে বিহুৱান, তিয়নি গামোচা, ফুলাম গামোচা, আনাকাটা গামোচাকে ধৰি মুঠ আঠ প্ৰকাৰৰ গামোচালৈ এই স্বীকৃতি প্রদান কৰা হৈছে বুলি কয়।

ইফালে, ভৌগোলিক সূচকৰ অৰ্থ ব্যাখ্যা কৰি গৱেষক দত্তই কয়, ‘এই ভৌগোলিক সূচক হ’ল এনে এবিধ চিহ্ন, যিয়ে এবিধ বিশেষ প্রকৃতিগত বা কৃষিজাত উৎপাদিত সামগ্রীক প্রতিনিধিত্ব কৰে।

এই চিহ্ন লাভ কৰা সামগ্ৰী পৃথিৱীৰ এক বিশেষ স্থান তথা ভৌগোলিক অঞ্চলৰ পৰা উৎপাদিত হোৱাটো বুজায়। এই চিহ্ন লাভৰ লগে লগে এই সামগ্ৰীবিধৰ লগতে সেই সংশ্লিষ্ট অঞ্চলৰ কিছুমান বিশিষ্ট গুণাগুণ আৰু মৰ্যাদা জড়িত হৈ থাকে, যিদৰে মুগা সূতা কেৱল অসমতে উপলব্ধ।

সমান্তৰালভাৱে এই সূচকক বিশুদ্ধতাৰ প্রতীক হিচাপেও চিহ্নিত কৰা হয়।’ উল্লেখ্য যে যেতিয়া এবিধ সামগ্রীত এই ভৌগোলিক সূচক ব্যৱহাৰ কৰা হয়, তেতিয়া সামগ্ৰীবিধ বিশুদ্ধ আৰু এটা বিশেষ অঞ্চলৰ পৰাহে যে উৎপাদিত বুজিব পাৰি বুলি তেওঁ কয়।

ইয়াৰ উদাহৰণ দাঙি ধৰি তেওঁ পুনৰ কয় যে যেতিয়া দার্জিলিং চাহৰ পাকেট এটা ক্ৰয় কৰা হয়, তাত জিআই তথা ভৌগোলিক সূচক লগাই থোৱা থাকে। অর্থাৎ সেই পেকেটৰ ভিতৰত এশ শতাংশ দার্জিলিঙত উৎপাদিত চাহহে আছে, তাত বেলেগ ৰাজ্যত উৎপাদিত চাহ নাথাকে, সেয়া এই সূচকে নিশ্চিত কৰে।

অসমীয়া গামোচাই এই সূচক লাভ কৰাৰ পাছত এতিয়াৰ পৰা অসমীয়া গামোচা কেৱল অসমতে উৎপাদিত হ’ব বুলি তেওঁ কয়। দত্তই পুনৰ কয়, ভৌগোলিক “এই জৰিয়তে সূচকৰ সামগ্ৰীবিধৰ বিশুদ্ধতা সন্দৰ্ভত গ্রাহক নিশ্চিত হ’ব পাৰে।

লগতে স্থানীয় তথা সেই সংশ্লিষ্ট অঞ্চলৰ উৎপাদকসকলকো সহায় কৰে৷’ সমান্তৰালভাৱে জিআই একমাত্র এনে এটা চিহ্ন, যিয়ে কেৱল এজনক নহয় গোটেই সম্প্রদায়টোক সুৰক্ষা আৰু প্রতিনিধিত্ব কৰে বুলি দত্তই মন্তব্য কৰি কয়, ‘জিআই চিহ্ন এজন মানুহে আবেদন কৰিব নোৱাৰে। এই চিহ্নৰ বাবে সংস্থাই আবেদন কৰিব লাগিব আৰু সেই সংস্থাটোৱে সেই বিশেষ সামগ্রী বিধৰ উৎপাদনৰ লগত জড়িত মানুহখিনিক প্রতিনিধিত্ব কৰিব লাগিব। যেনে অসমীয়া গামোচাখনক চাবলৈ গ’লে ইয়াৰ দায়িত্বত আছে হস্ততাঁত বিভাগ।

এটা চৰকাৰী প্রতিষ্ঠান আৰু তেওঁলোকে অসমীয়া শিপিনীসকলৰ সুৰক্ষাৰ বাবে সম্পূৰ্ণ দায়বদ্ধ। যদি চাহৰ ক্ষেত্ৰত প্ৰত্যক্ষ কৰে ইয়াৰ দায়িত্বত আছে টি ব’ৰ্ড অফ ইণ্ডিয়া।

উৎপাদক গোটক সুৰক্ষিত কৰিব পৰা সংস্থাকে ইয়াৰ দায়িত্ব দিয়া হয়। ফলত সংশ্লিষ্ট সংস্থাটোৱে পঞ্জীকৃত স্বত্বাধিকাৰী হোৱাৰ লগে লগে ইয়াৰ উৎপাদনত জড়িত লোকসকলে এই চিহ্ন ব্যৱহাৰ কৰিব পাৰে; কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে এই ব্যৱসায়ৰ লগত জড়িত হ’ল বুলিয়েই যিকোনো এজন মানুহে ইচ্ছামতে ইয়াক ব্যৱহাৰ কৰিব পাৰিব।

যদি তেওঁ এই চিহ্ন ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে তেওঁ প্ৰাধিকৃত ব্যৱহাৰকাৰী হ’ব লাগিব অর্থাৎ এই সূচকৰ বাবে আবেদন কৰিব লাগিব।’

উল্লেখ্য যে এই সূচক লাভৰ পাছতে অসমীয়া গামোচাৰ নকল বজাৰখন নাইকিয়া হৈ পৰিব বুলি আশা প্রকাশ কৰি তেওঁ কয় যে কেৱল হাতে বোৱা গামোচাইহে এই স্বীকৃতি লাভ কৰিছে।

আনহাতে, পাঁচ বছৰীয়া যুঁজখনৰ বর্ণনা কৰি গৱেষকজনে কয়, ‘এটা ভৌগোলিক স্থানৰ পৰা যে গামোচা উৎপন্ন তাক প্রতিষ্ঠা কৰিবলৈ আমি সক্ষম হৈছো। ইয়াক প্ৰমাণ কৰিবলৈ যথেষ্ট গৱেষণাৰ প্ৰয়োজন হৈছিল।

যিদৰে মুগা সূতাৰ বাবে কৌটিল্য অৰ্থশাস্ত্ৰৰ পৰা তথ্য দিয়া হৈছিল, সেই একেধৰণে গামোচাৰ ক্ষেত্ৰত ১৮৮০ৰ উপৰি শতিকা পুৰণি কিতাপৰ তথ্য দিয়া হৈছিল।

হস্ততাঁত শিল্প বিভাগৰ সহযোগত গোটেই গামোচাৰ ইতিহাস খুচৰি ইয়াক প্রস্তুত কৰা হৈছিল। ২০১৭ত ইয়াক আবেদন কৰা হৈছিল যদিও ক’ভিডৰ সময়ত বাধা আহিপৰাৰ কাৰণে অলপ সময়ৰ প্ৰয়োজন হল।’এই চিহ্ন লাভৰ পাছত এতিয়াৰে পৰা কেৱল অসমতে অসমীয়া গামোচা উৎপাদন হ’ব লাগিব আৰু মেছিনত প্ৰস্তুত কৰা গামোচাই এই স্বীকৃতি লাভ নকৰিব।

এই কথা সদৰী কৰি দত্তই কয়, ‘যিহেতু অসমৰ ভৌগোলিক অঞ্চলৰ বাবে এই স্বীকৃতি দিয়া হৈছে, সেয়ে অসমৰ বাহিৰত প্ৰস্তুত কৰি আনি ইয়াত বিক্ৰী কৰিব নোৱাৰিব। সম্পূৰ্ণ হস্ততাঁত হ’ব লাগিব আৰু পাৱাৰলুম বা মেছিনত প্রস্তুত কৰিব নোৱাৰিব।

মেছিনত প্ৰস্তুত কৰা গামোচা অসমীয়া গামোচা বুলি গণ্য কৰা নহ’ব।’ সমান্তৰালভাৱে এই স্বীকৃতি লাভৰ পাছতে বাহিৰৰ পৰা যি নকল গামোচা আহি আছিল তাক ৰোধ কৰাত সুবিধা হ’ল আৰু এতিয়াৰ পৰা অসাধু ব্যৱসায়ীক জিআই আইনৰ অধীনত ব্যৱস্থা গ্ৰহণৰ পথ মুকলি হ’ল।

তেওঁ অৱশেষত অসমীয়া গামোচাই বিশেষ আইনগত সুৰক্ষা লাভ কৰিবলৈ সক্ষম হ’ল বুলি কয়। উল্লেখ্য যে এই স্বীকৃতি লাভৰ পাছতে বহিঃৰাজ্যত প্রস্তুত কৰা গামোচা অসমীয়া গামোচা বুলি প্ৰস্তুত কৰিব নোৱাৰিব আৰু হুবহু প্রস্তুত কৰিব নোৱাৰিব।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: GamosaGI TagHimanta Biswa Sarma
publisher

publisher

Related Posts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
News

পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d