Bihar Liqour Death:সুৰা নিষিদ্ধ বিহাৰত অঘটন !

বিশাক্ত সুৰা সেৱন কৰি কৰুণ মৃত্যুক সাবটিলে ৬৩জনে,গোপনে সুৰা বেহা কৰি অহা শতাধিকক আটক আৰক্ষীৰ

WhatsApp Image 2022 12 16 at 16.09.38

Bihar Liqour Death:

সুৰামুক্ত বিহাৰ কৰাৰ লক্ষ্যৰে নিতীশ কুমাৰ চৰকাৰে সুৰা নিষিদ্ধ ঘোষণা কৰিছিল যদিও সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে একাংশ সুৰা ব্যবসায়ীৰে ৷ ইতিমধ্যে এই সুৰা সেৱন কৰি মৃত্যু হৈছে অৰ্ধ শতাধিক লোক ৷

বিগত সপ্তাহত ৰাজ্য খনৰ চাপৰা আৰু বৈশালী জিলাত বিশাক্ত সুৰা সেৱন কৰাৰ ফলত মৃত্যু ঘটে ১৭ জনকৈ লোকে ৷ শেহতীয়া খবৰ অনুসৰি অকল চাপৰা জিলাতে এই পৰ্যন্ত মৃত্যু হৈছে ৬০ জন লোকৰ ৷

শেহতীয়াকৈ সাৰণ জিলাত বিশাক্ত সুৰা সেৱনৰ ফলত মৃত্যু হয় ৬ জনকৈ লোকৰ৷ সুৰা ট্ৰেজেডিৰ মৃতকৰ সংখ্যা বৃদ্ধি পাই গৈ আছে। বৰ্তমানলৈ ৬৩ গৰাকীয়ে হেৰুৱালে প্ৰাণ। আনহাতে বিষাক্ত সুৰা সেৱন কৰি বৰ্তমানেও অৰ্ধ শতাধিক লোক চিকিৎসালয়ত হৈছে ভৰ্তি ৷

এই ঘটনাৰ তীব্ৰ জোকাৰণি সৃষ্টি কৰে ৰাজ্যৰ সৰ্বত্ৰে ৷ আনকি ইয়াৰ প্ৰভাৱ পৰে বিহাৰ বিধানসভাত ৷ আজি ৰাজ্য বিধানসভাত বিৰোধী দল বিজেপিৰ বিধায়ক সকলে বিশাক্ত সুৰাত মৃত্যু সন্দৰ্ভত নিতীশ চৰকাৰক দায়ী কৰি চৰকাৰৰ পদত্যাগৰ দাবী কৰে ৷

ইয়াকে লৈ শাসক জে ডি ইউ – আৰ জেডি আৰু বিজেপি বিধায়কৰ মাজত বিধানসভা মজিয়াত হতাহতি পৰ্যন্ত হয় ৷ বিজেপি বিধায়ক সকলে হাতত চকী দাঙি চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দি বিধানসভাৰ মজিয়া উত্তাল কৰি তোলে ৷

আনহাতে বিশাক্ত সুৰাত মৃত্যুৰ সংখ্যা বাঢ়ি যোৱাত চৰকাৰৰ থৰকাছুটি হেৰুৱাইছে ৷  সুৰাৰ গোপন বেহাৰ স’তে জড়িত থকাৰ বিৰুদ্ধে চৰকাৰৰ কঠোৰ হোৱাৰ ইংগিত পোৱাৰ পিছতে আৰক্ষীয়ে চলাই বিভিন্ন স্থানত অভিযান ৷

অভিযানত আৰক্ষীয়ে বৰ্তমানলৈ আটক কৰিছে ১২৬গৰাকী লোকক । একেদৰে সাৰণ জিলাত তালাচী চলাই জব্দ কৰে চাৰি হাজাৰ লিটাৰ দেশীয় অবৈধ সুৰা ৷

বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে দুপৰীয়ালৈকে চিকিৎসাধীন হৈ থকা লোক সকলৰ মাজৰ পৰা মৃত্যুৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাই গৈ আছে ৷

চাপৰা,বৈশালী আৰু সাৰণ জিলাত বিশাক্ত সুৰাত মৃত্যু সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলা প্ৰশাসন চিন্তাম্বিত হৈ পৰিছে ৷ সুৰা ট্ৰেজেডীক লৈ নীতিশ কুমাৰ চৰকাৰৰ প্ৰশাসনিক ব্যৰ্থতা বুলি অভিহিত কৰিছে সৰ্বসাধাৰণ জনতাই ৷

ইতিমধ্যে চৰকাৰে নিজৰ ভাৱমূৰ্ত্তি উজ্জ্বল কৰাৰ মানসেৰে ৰাজ্য খনৰ আবকাৰী বিভাগৰ যুটীয়া সচিব নিৰঞ্জন কুমাৰ আৰুো যুটীয়া আবকাৰী আয়ুক্ত কৃষ্ণ পাছৱানক তদন্ত দায়িত্ব অৰ্পণ কৰে ৷

দায়িত্ব পোৱাৰ পিছতে দুই শীৰ্ষ আমোলাই সাৰণ জিলাৰ মশ্ৰাক আৰক্ষী থানাত উপস্থিত হৈ সুৰা ব্যৱসায়ৰ বিৰুদ্ধে পঞ্জীভূক্ত গোচৰৰ তদন্ত আৰম্ভ কৰে ৷

Exit mobile version