Asom Sattra Mahasabha : ধৰ্মান্তৰকৰণ বিৰোধী আইনআৰু সত্ৰৰ ভূমি পুনৰ উদ্ধাৰৰপ্ৰচেষ্টালৈঅসম চৰকাৰক পূৰ্ণ সমৰ্থন অসম সত্ৰ মহাসভাৰ

মুখ্যমন্ত্ৰীক ভূয়সী প্ৰশংসা অসম সত্ৰ মহাসভাৰ,বিজেপি চৰকাৰৰ যুগান্তকাৰী পদক্ষেপ কুসুম কুমাৰ মহন্ত

WhatsApp Image 2022 12 18 at 17.31.59

Asom Sattra Mahasabha :

অসম তথা অসমীয়াৰ প্ৰাণ স্বৰূপ অসমৰ একাংশ সত্ৰৰ ভূমি বে দখলমুক্ত কৰাত বিচক্ষণ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বি জে পি চৰকাৰখনে যি যুগান্তকাৰী পদক্ষেপ লৈছে সেইয়া অসম সত্ৰ মহাসভাই ভূয়সী প্ৰশংসা কৰিছে।

এক বাৰ্তাত মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্তব্য কৰে যে অসমৰ সত্ৰসমূহৰ ভূমি বেদখল মুক্ত কৰিবলৈ সক্ৰিয় ভাবে লোৱা ব্যৱস্থাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা তথা অসম চৰকাৰ আন্তৰিক কৃতজ্ঞতাৰ পাত্ৰ ।

তেওঁ লগতে মন্তব্য কৰে যে ধৰ্মান্তকৰণৰ বিৰুদ্ধে আইনৰ গণ্ডিত যি ব্যৱস্থা লৈছে তাৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰক আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰে।

চিন্তনীয় বিষয় এই যে খ্ৰীষ্টান মিচনাৰীয়ে অসমত যিটো হাৰত খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত কৰিছে আৰু বাংলাদেশী মুছলমানৰ আঁগ্ৰাসনে ইতিমধ্যে সনাতন হিন্দু ধর্মৰ প্ৰতি চৰম ভাবুকি আনিছে ।

ইতিমধ্যে ধৰ্মান্তৰিত হোৱা সকলক চৰকাৰী ভাবে জনজাতি মৰ্য্যদা কৰ্তন কৰাৰ ব্যৱস্থা কৰিবলৈ সজোৰে দাবী উত্থাপন কৰে অসম সত্ৰ মহাসভাই ।

প্ৰসংগ ক্ৰমে মহাসভাৰ প্ৰধান সম্পাদক জনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰে যে অসমৰ ১২৫০ সত্ৰৰ ভিতৰত ৮৫০ খন সত্ৰই বৰ্তমানলৈকে চৰকাৰী অনুদান পোৱা নাই।

চালিত বৰ্ষৰ মে’ মাহত মুখ্যমন্ত্ৰী  লগ কৰি এই বিষয়ে অৱগত কৰি অসমৰ দুখীয়া সত্ৰৰ তালিকা প্ৰস্তুত কৰি জমা দিয়া হয় যদিও অদ্যপৰিমিত অসমীয়া কৃষ্টি সংস্কৃতিৰ ৰূপৰেখা স্বৰূপ সেই ভগ্নপ্ৰায় সত্ৰ সমূহে কোনো চৰকাৰী সাহায্য লাভ কৰা নাই ।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ইতিমধ্যে এখন তালিকা প্ৰস্তুত কৰি জমা দিয়া হৈছে। সত্ৰ মহাসভাই আশা কৰে যে অতি সোনকালে যাতে উক্ত সত্ৰসমূহে অনুদান লাভ কৰে।

অসম সত্ৰ মহাসভাৰ হৈ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তই চৰকাৰক কৃতজ্ঞতা প্ৰকাশ কৰি উল্লেখ কৰে যে যোৱা বছৰ অসমৰ জনপ্ৰিয় বিজেপি চৰকাৰে “অসম দৰ্শন” আচনিৰ অধীনত অসমৰ ৮ (আঠ) হাজাৰ নামঘৰলৈ চৰকাৰী অনুদান আগবঢ়ায় যিদৰে উৎসাহিত কৰিলে একেদৰে এই বছৰতো তেনে অনুদানৰ ব্যৱস্থা কৰি উৎসাহিত কৰাৰ গভীৰ প্ৰত্যাশা পুহি ৰাখিছে সত্ৰ মহাসভাই যাতে অস্তিত্বৰ সংকটত থকা অসমৰ সত্ৰ নামঘৰ সমূহ পুনৰ্জীৱিত কৰিব পৰা যায়।

মহাসভাৰ প্ৰধান সম্পাদক জনে পুনৰ দোহাৰে যে অসমীয়া জাতিৰ সংকট কালত ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে লোৱা আইনী ব্যৱস্থা তথা সত্ৰৰ বেদখলীকৃত ভূমি পুনৰ উদ্ধাৰৰ বাবে মুখ্যমন্ত্ৰীৰ যি প্ৰচেষ্টা সেইয়া আন্তৰিকতাৰে প্ৰশংসা কৰিছে অসম সত্ৰ মহাসভাই ।

Exit mobile version