Cm Himanta Biswa Sarma:
ADVERTISEMENT
অসম চৰকাৰৰ তৃতীয় বৰ্গৰ খালী পদসমূহ পূৰণৰ বাবে কাইলৈৰ পৰা ২৯ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব কম্পিউটাৰ-দক্ষতা পৰীক্ষা ৷
পৰীক্ষাৰ যাবতীয় প্ৰস্তুতি সন্দৰ্ভত মঙলবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই মিলিত হয় জ্যেষ্ঠ বিষয়া বৰ্গৰে ৷
পৰীক্ষা প্ৰক্ৰিয়াৰ স্বচ্ছ পৰিচালনাৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে বিষয়াসকলক নিৰ্দেশনা প্ৰদান কৰে ৷
মুখ্যসচিব পৱন কুমাৰ বৰঠাকুৰৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত ভিডিঅ কনফাৰেন্সিঙৰ জৰিয়তে অতিৰিক্ত মুখ্য সচিব আৰু তৃতীয় বৰ্গৰ নিযুক্তি আয়োগৰ অধ্যক্ষ আশিস কুমাৰ ভুটানী,মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা আৰু গৃহ বিভাগৰ প্ৰধান সচিব নিৰজ বাৰ্মাও অংশগ্ৰহণ কৰে ৷