Uorfi Javed : কথা ক’ব নোৱাৰা হ’ল উৰ্ফি জাভেদ !

লেৰেংজাইটিছত আক্রান্ত অভিনেত্ৰী, কি এই ৰোগ ?

Urfi Javed Ive Struggled A Lot In My Career Im Still Struggling

Uorfi Javed :

চকুতলগা পোছাক পৰিধান কৰি কেনেদৰে সমালোচনাৰ মাজত থাকিব পাৰি সেয়া ভালকৈ জানে অভিনেত্রী উৰ্ফি জাভেদে । ঘৰৰ গেটেই হ‌ওক বা বিমানবন্দৰৰ সন্মুখত, তেওঁৰ চাৰিওপাশে পাপাৰাজিৰ ভিৰ থাকেই । কেতি‌য়া কি পোছাক পৰিধান কৰি কেমেৰাবন্দী হ’ব অভিনেত্রী তাৰ প্ৰতিয়ে লক্ষ্য সকলোৰে ।

এইবাৰ কোনো পোছাক পৰিধান কৰি নহয়, উৰ্ফিক দেখা গ’ল অন্য ৰূপত । চকুৰ তলত ক’লা দাগ, আউল লগা চুলি ডুবাইৰ হাস্পাতালৰ বিছনাত উৰ্ফি । চিকিৎসকসকলে জনাইছে, তেওঁ লেৰিংজাইটিছত (Laryngitis) আক্ৰান্ত ।

কি এই ৰোগ ?

এই ৰোগ মূলত ভ’কেল কর্ড বা স্বৰযন্ত্রৰ সংক্রমণ । ভাইৰাছ বা বেক্টেৰিয়াৰ আক্ৰমণত এই সংক্রমণ হয় ।

তিনি সপ্তাহৰ অধিক সময় ধৰি এই সংক্রমণ থাকিলে ৰোগী ক্রনিক লেৰিংজাইটিছত আক্রান্ত হয় । মূলত ভাইৰেল লেৰিংজাইটিছত আক্রান্ত ৰোগীৰ সংখ্যাই অধিক ।

তদুপৰি অতিৰিক্ত ধূমপান, মদ্যপান, স্বৰযন্ত্রৰ ওপৰত বৰ্ধিত চাপ, এলার্জি, ব্রংকাইটিছৰ বাবেও এই ৰোগত আক্ৰান্ত হ’ব পাৰে ।

এই ৰোগৰ উপসর্গ কি ?

১) কণ্ঠস্বৰত পৰিৱর্তন আৰু কথা কোৱাৰ সময়ত কর্কশ ভাব ।

২) ডিঙি বিষ, মূৰৰ বিষ, জ্বৰ ।

৩) শুকান কাহ ।

৪) শ্বাস লোৱাৰ সময়ত শব্দ হয় ।

কেনেদৰে ৰক্ষা পাব ?

১) অত্যধিক মাত্রাত পানী খাব লাগিব যাতে ভাইৰাছ আৰু বেক্টেৰিয়াবোৰ শৰীৰৰ পৰা ওলাই যাব পাৰে ।

২) যিকোনো প্ৰকাৰৰ ধোঁৱাৰ পৰা দূৰত থাকিব লাগিব ।

৩) কুহুমিয়া গৰম পানীত নিমখ দি দিনত যিমানবাৰ সম্ভৱ গার্গল কৰা ।

৪) গৰম পানীৰ ভাপ লোৱা ।

৫) এই ৰোগত আক্রান্ত হ’লে দ্রুত সুস্থ হোৱাৰ একমাত্র উপায় কথা কমকৈ কোৱা । কথা ক’লেই স্বৰযন্ত্রত ঘৰ্ষণ হ’ব আৰু সংক্রমণ বেছিকৈ বিয়পি পৰিব ।

Exit mobile version