IPL 2023 : আইপিএল-২০২৩ ৰ আটাইতকৈ দামী ক্ৰিকেটাৰৰ শাৰীত কোন কোন আছে ? জানিবলৈ পঢ়ক —

217648 ipl auction 2023 live updates indian premier league full list of players teams sold players crore spent csk mumbai indians chennai super kings rcb kkr ben stokes

IPL :

শেষ হ’ল কাটাৰ বিশ্বকাপ ফুটবল ২০২২ । এতিয়া আহিল ক্ৰিকেটৰ গৰম বতাহ অৰ্থাৎ আইপিএল ২০২৩ । ৯০ মিনিটৰ খেল শেষ হোৱাৰ পাছত এতিয়া ক্ৰীড়া অনুৰাগী ব্যস্ত হৈছে আইপিএলৰ ২০ অভাৰৰ খেললৈ ।

সদ্য আইপিএলৰ সমূহ দল ব্যস্ত হৈছে ক্ৰিকেটাৰ বেচা-কিনাৰ দৌৰত । শুকুৰবাৰে আইপিএলৰ নিলাম প্ৰক্ৰিয়া সমাপ্ত হৈছে ।

এইবাৰ আইপিএলৰ নিলামত ৪০৫ জন ক্ৰিকেটাৰৰ নাম আছিল । ইয়াৰে ২৭৩ জন ভাৰতীয় খেলুৱৈ হোৱাৰ লগতে ১৩২ জন বিদেশী খেলুৱৈ আছিল ।

ইয়াৰ ভিতৰত ইতিমধ্যে ৮০ জন ক্ৰিকেটাৰৰ বিক্ৰী সম্পন্ন হৈছে । এই প্ৰক্ৰিয়াত মুঠ ১৬৭ কোটি টকা ব্যয় কৰিছে সমূহ দলে ।

নিলামৰ শেষত এতিয়া সকলোৱে জানিবলৈ উদগ্ৰীৱ হৈ আছে যে কোনোজন ক্ৰিকেটাৰ আটাইতকৈ বেছি মূল্যত বিক্ৰী হৈছে ?

সেই অনুসৰি, কলকাতা নাইট ৰাইডাৰ্চে সৰ্বাধিক দামী ক্ৰিকেটাৰ ক্ৰয় কৰিছে । এই বছৰ আটাইতকৈ দামী ক্ৰিকেটাৰ ৰূপে চিহ্নিত হৈছে ৱেষ্ট ইণ্ডিছৰ আন্দ্ৰে ৰাচেল । আইপিএল অংশ লোৱাৰ বাবে ৰাচেলে ১৬ কোটি টকা লাভ কৰিছে ।

কলকাতা দলৰ দ্বিতীয় সৰ্বোচ্চ মূল্য পাইছে শ্ৰেয়চ আয়াৰে । তেওঁৰ দাম উঠিছে ১২ কোটি ২৫ লাখ টকা । বিগত আইপিএলত আয়াৰে দলক নেতৃত্ব দিছিল ।

কেকেআৰৰ আটাইতকৈ মূল্যবান ক্ৰিকেটাৰৰ তালিকাৰ তিনি নম্বৰ স্থানত আছে বৰুণ চক্ৰৱৰ্তী । তেওঁক ১২ কোটি টকা দি ক্ৰয় কৰিছে কৰ্তৃপক্ষই ।

বিগত খেলত চেন্নাই চুপাৰ কিংচে কিন্তু আটাইতকৈ দামী খেলুৱৈৰ তালিকাৰ শীৰ্ষত মহেন্দ্ৰ সিং ধোনীক ৰাখিছিল যদিও এই বৰ্ষত এই স্থান লাভ কৰিছে বেন ষ্টোকচে । এইবাৰ তেওঁক ১৬ কোটি ২৫ লাখ টকা প্ৰদান কৰা হৈছে । ইয়াৰলগতে চেন্নাই চুপাৰ কিংনচে এইবাৰ ৰবীন্দ্ৰ জাদেজাক চুক্তিবদ্ধ কৰিছে । ইয়াৰবাবদ তেওঁক ১৬ কোটি টকা দিয়া হৈছে ।

একেদৰে চিএচকেৰ আটাইতকৈ দামী ক্ৰিকেটাৰৰ তালিকাত তিনি নম্বৰত আছে দীপক চাহাৰ । তেওঁক ১৬ কোটি টকা দিছে কৰ্তৃপক্ষই ।

বাংগাল’ৰ দলত এই বৰ্ষত আটাইতকৈ দামী খেলুৱৈ ৰূপে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলিক ৰাখিছে । তেওঁৰ দৰ হৈছে ১৫ কোটি টকা ।

দৰৰ হিচাপত বিৰাটৰ পাছতেই অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰ গ্লেন মাক্স ওয়েল আছে । তেওঁক দলে ১১ কোটি টকা প্ৰদান কৰিছে ।

আৰচিবিতে তৃতীয় সৰ্বোচ্চ মূল্যবান ক্ৰিকেটাৰ হিচাপে বিবেচিত হৈছে হৰ্ষল পেটেল । ভাৰতৰ এই অলৰাউণ্ডাৰজনক দলে ৰাখিবলৈ খৰচ কৰিছে ১০ কোটি ৭৫ লাখ টকা ।

মুম্বাই ইণ্ডিয়ান্স দলৰ তালিকাৰ শীৰ্ষত থকা খেলুৱৈজন হৈছে অষ্ট্ৰেলিয়াৰ তৰুন ক্ৰিকেটাৰ কেমৰণ গ্ৰিনে । আইপিএলত এইবাৰ তেওঁৰ দাম উঠিছে ১৭ কোটি ৫০ লাখ টকাত ।

একেদৰে দ্বিতীয় স্থানত আছে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মা । মুম্বাই দলৰ নেতৃত্ব দিবলগীয়া ৰোহিতক দলটোৱে ১৬ কোটি টকা প্ৰদান কৰিছে ।

মুম্বাইৰ তৃতীয় স্থানত আছে ভাৰতীয় দলৰ উইকেটৰক্ষক ঈশান কিশান । তেওঁক ১৫ কোটি ২৫ লাখ টকা দিছে দলটোৰ মুৰব্বী নীতা আম্বানীয়ে ।

চানৰাইজাৰ্চ হায়দৰাবাদ দলে এই বৰ্ষত আটাইতকৈ দামী ক্ৰিকেটাৰ ৰূপে ইংলেণ্ডৰ হেৰি ব্ৰুকক ৰাখিছে । ইয়াৰবাবদ খেলুৱৈজনক ১৩ কোটি ২৫ লাখ টকা দিয়া হৈছে ।

একেদৰে দ্বিতীয় স্থানত আছে অলৰাউণ্ডাৰ ওৱাচিংটন সুন্দৰ । তেওঁক দলে ৮ কোটি ৭৫ লাখ প্ৰদান কৰিছে ।
হায়দৰাবাদৰ তৃতীয় স্থানত আছে ৰাহুল ত্ৰিপাঠী । তেওঁক দলে ৮ কোটি টকা দি ক্ৰয় কৰিছে ।

পঞ্জাৱ কিংচ ইলেভেন দলে এই বছৰৰ বাবে আটাইতকৈ দামী শ্যাম কাৰেনক ক্ৰয় কৰিছে । ২৪ বছৰ বসয়ীয়া এই যুৱ খেলুৱৈজনক দলে ১৮ কোটি ৫০ লাখ টকা প্ৰদান কৰিছে ।

দ্বিতীয় স্থানত পঞ্জাৱে ইংলেণ্ডৰ লিয়াম লিভিংষ্টোনক ক্ৰয় কৰিছে । যাৰবাবদ তেওঁক ১১ কোটি ৫০ লাখ টকা দিয়া হৈছে ।
একেদৰে দৰ হিচাপত দলটোৰ তৃতীয় স্থানত আছে দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ বোলাৰ পাচ্ছেন । তেওঁক দলটোৱে ৯ কোটি ২৫ লাখ টকাৰে ক্ৰয় কৰিছে ।

দিল্লী কেপিটেলচে এই বছৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে উইকেটৰক্ষক ঋষভ পন্থক ক্ৰয় কৰিছে । যাৰবাবদ তেওঁক ১৬ কোটি টকা দিছে ।

ঋষভৰ পাছতেই স্থান লাভ কৰিছে ভাৰতীয় দলৰ অলৰাউণ্ডাৰ অক্ষৰ পেটেল । তেওঁক দলে ১২ কোটি টকাৰে ক্ৰয় কৰিছে ।
তৃতীয় স্থানত আছে ভাৰতীয় দলৰ খেলুৱৈ পৃথ্বী শ’কে । তেওঁক দলে ৮ কোটি টকাত ক্ৰয় কৰিছে ।

একেদৰে ৰাজস্থান ৰয়েলছে এই বাৰ আটাইতকৈ দামী ক্ৰিকেটাৰ হিচাপে সঞ্জু চেমচনক ৰাখিছে । যাৰবাবে দলে ১৪ কোটি টকা প্ৰদান কৰিছে ।

দ্বিতীয় স্থানত আছে ইংলেণ্ডৰ জচ বাটলাৰ । এই উইকেটৰক্ষকজনৰ কাৰণে দলে ১০ কোটি টকা আগবঢ়াইছে । তৃতীয় স্থানত আছে বোলাবেৰক । তেওঁৰ বাবে দলে ১০ কোটি টকা খৰচ কৰিছে ।

Exit mobile version