APDCL : নতুন বৰ্ষত পুনৰ বৃদ্ধি পাব বিদ্যুৎ মাচুল !

WhatsApp Image 2022 12 30 at 16.32.20

APDCL :

নিত্য ব্যৱহৃত সামগ্ৰীৰ সমান্তৰালকৈ বিদ্যুৎ মাচুলৰ বৰ্ধিত হাৰে ৰাজ্যবাসীক জ্বলা-কলা খোৱাই থকাৰ মাজতে পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ খবৰ আহিল ৰাজ্যবাসীলৈ ।

নতুন বছৰৰ আৰম্ভণিতে পুনৰ বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ প্ৰস্তাৱ ললে এপিডিচিএলে । প্ৰাপ্ত তথ্য মতে, লোকচানৰ ঘাটি পূৰণ কৰিবলৈকে পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত লৈছে বিভাগটোৱে ।

প্ৰতি ইউনিটত এটকা ৮০ পইচাকৈ বঢ়াবলৈ এই প্ৰস্তাৱ আগবঢ়োৱা হৈছে । ইতিমধ্যে এপিডিচিএলে অসম ৰাজ্যিক।বিদ্যুৎ নিয়ামক আয়োগক এই মাচুল বৃদ্ধিৰ প্ৰস্তাৱ দাখিল কৰিছে ।

তেনেক্ষেত্ৰত আয়োগে নতুন বৰ্ষৰ জানুৱাৰীৰ পহিলা সপ্তাহতে এই প্ৰস্তাৱ সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব । উল্লেখ্য যে, মাত্ৰ এসপ্তাহ পূৰ্বে প্ৰতি ইউনিটত ৩০ পইচাকৈ বৃদ্ধি কৰিছিল এপিডিচিএলে ।

Exit mobile version