Great Footballer Pele Passes Away :
২০২২ বৰ্ষৰ অন্তিম ক্ষণত বিশ্ববাসীৰ বাবে আহিল এটা দু:খবৰ । শতিকাৰ সৰ্বশ্ৰেষ্ঠ ফুটবলাৰ পেলেৰ দেহাৱসান । ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে কিংবদন্তি ফুটবলাৰজনে ।
দীৰ্ঘদিনধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল বিশ্বখ্যাত ফুটবলাৰজন । অৱশেষত চিকিৎসাধীন অৱস্থাতেই চিৰ বিদায় ললে পেলেই ।
ভৰিৰ যাদুকৰী শক্তিৰে মোহাচ্ছন্ন কৰি ৰখা ফুটবলাৰজনে ১৯৫৮ চনত ব্ৰাজিলৰ হৈ প্ৰথমবাৰলৈ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত অংশ লৈছিল ।
দেশৰ হৈ চাৰিবাৰকৈ ফুটবল বিশ্বকাপত প্ৰতিনিধিত্ব কৰিছিল এই তাৰকা ফুটবলাৰজনে । উল্লেখ্য যে, চাৰিবাৰকৈ বিশ্বকাপত প্ৰতিনিধিত্ব কৰা পেলেই ব্ৰাজিলৰ বাবে তিনিবাৰকৈ বিশ্বকাপ জয়ৰ সোৱাদ দিছিল ।
১৯৫৮, ১৯৬২ আৰু ১৯৭০ চনত বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত দুৰ্দান্ত প্ৰদৰ্শনেৰে বিজয়ৰ মুকুট পিন্ধি ফুটবল ইতিহাসত নিজৰ নাম খোদিত কৰিছিল । তেওঁৰ সান্নিধ্য আছিল প্ৰতিজন বিশ্বখ্যাত ফুটবলাৰৰ সপোন ।
বিশ্বকাপত নিজ দেশৰ হৈ পেলেই দিছিল ১২ টাকৈ গ’ল । ১৯৪০ চনত জন্মগ্ৰহণ কৰা পেলেৰ শিৰত জিলিকিছিল ৯২ বাৰ হেট্ৰিকৰ ৰাজমুকুট ।
আজি এই ব্ৰাজিলীয়ান ফুটবল সম্ৰাটজনৰ মৃত্যুৰ খবৰে মৰ্মাহত কৰিছে বিশ্বৰ সকলো প্ৰান্তৰ ফুটবলপ্ৰেমীক ।
ক্ৰিষ্টিয়ানো ৰোণাল্ডো, লিওনেল মেছি , কাইলিয়ান এমবাপ্পেৰ পৰা সকলো খ্যাত ফুটবলাৰে নিজৰ টুইটাৰ একাউন্টৰ যোগে এই ফুটবলৰ সম্ৰাটজনলৈ যাঁচিছে গভীৰ শ্ৰদ্ধাঞ্জলি।