Cristiano Ronaldo:তাৰকা খেলুৱৈ খ্ৰিষ্টিয়ানো ৰোনাল্ডোক পাঁচহাজাৰ কোটি টকাত ক্ৰয় কৰিলে চৌদীয়ে

যোগদান চৌদী বিশ্ব খ্যাত আল নাছৰ ফুটবল ক্লাবত

WhatsApp Image 2022 12 31 at 13.42.34

Cristiano Ronaldo:

বিশ্বৰ জনপ্ৰিয় ফুটবলাৰ তথা পৰ্টুগালৰ খ্ৰিষ্টিয়ানো ৰোনাল্ডোক পাঁচ হাজাৰ কোটি টকাত ক্ৰয় কৰিলে চৌদী আৰৱীয়াই ৷ ইতিমধ্যে তাৰকা খেলুৱৈ গৰাকীয়ে যোগদান কৰিছে চৌদি আৰৱৰ ধনী ফুটবল ক্লাব ‘আল নাছৰত’ ।

উল্লেখ্য যে ৰোনাল্ডোৱে ২০২৫ বৰ্ষলৈ ক্লাবটিৰ সৈতে চুক্তিবদ্ধ হয় ৷ইয়াৰ পূৰ্বে খ্ৰিষ্টিয়ানো ৰোনাল্ডো ইংলেণ্ডৰ মানচেষ্টাৰ ইউনাইটেডৰ স’তে জড়িত আছিল ৷

কিন্ত কিছুদিনৰ পৰা ইংৰাজ ক্লাৱটোৰ সৈতে ব্যৱধান বৃদ্ধি পায় ৷ বহু বিৰ্তকৰ অন্তত ক্লাৱটিয়ে ততাতৈয়াকৈ চুক্তি ভংগ কৰে ৰোনাল্ডোৰ স’তে ৷

মনকৰিবলগীয়া যে বিশ্বখ্যাত খেলুৱৈ গৰাকী মাত্ৰ ৩৭ বছৰ বয়সতে চৌদী ক্লাৱটোৰ পৰা প্ৰতিবৰ্ষত দৰমহা হিচাপে লাভ কৰিব প্ৰায় ৭৫ মিলিয়ন ডলাৰ অৰ্থাৎ ১,৭৭০ কোটি টকা ৷

এতিয়াৰ পৰা ৰোনাল্ডোক মানচেষ্টাৰ ইউনাইটেডৰ জাৰ্ছিৰ পৰিৰ্ৱতে নতুন ৰূপত দেখা পাব আল নাছৰৰ জাৰ্ছিৰে

খ্ৰিষ্টিয়ানো ৰোনাল্ডো সদ্য সমাপ্ত কাটাৰ বিশ্বকাপেই তেওঁৰ জীৱনৰ শেষৰ খন বিশ্বকাপ বুলি সদৰি কৰিছিল ৷

Exit mobile version