The world’s most educated country  : আমেৰিকা বিশ্বৰ আটাইতকৈ শিক্ষিত দেশ নহয় ! ভাৰতৰ স্থান কি জানো আহক

e063a29e 7e68 4c29 9f7f 6418eb2a865c

The world’s most educated country  :

বিশ্বৰ আটাইতকৈ শিক্ষিত দেশ : যদি আপোনাক সোধা হয় যে বিশ্বৰ আটাইতকৈ শিক্ষিত দেশ কোনখন ? তেন্তে আপোনাৰ উত্তৰ নিশ্চিতভাৱে আমেৰিকা বা ব্ৰিটেইন হ’ব ৷ কিন্তু আমি আপোনাক কওঁ যে এই তালিকাত এনে বহুতো দেশ আছে যি আমেৰিকা আৰু ব্ৰিটেইনকো অতিক্ৰম কৰিছে ।

সাম্প্ৰতিক সময়ত শিক্ষাৰ বিষয়ে সজাগতা যথেষ্ট বৃদ্ধি পাইছে । প্ৰতিজন অভিভাৱকে বিচাৰে যে তেওঁলোকৰ সন্তানে ভালদৰে অধ্যয়ন কৰক। বহুতো দেশত চৰকাৰে শিশুৰ শিক্ষাৰ বাবে সম্পূৰ্ণ সহযোগিতা কৰে । সকলো প্ৰচেষ্টাৰ মাজতে বিশ্বই শিক্ষাৰ ক্ষেত্ৰত কিমান দূৰ যাব পাৰিছিল সেই সম্পৰ্কীয় এখন তালিকা প্ৰকাশ কৰা হৈছে ।

এই তালিকাত কোনবোৰ দেশ কিমান শিক্ষিত ? সেই দেশবোৰক ক্ৰম অনুযায়ী স্থান দিয়া হৈছে । এই তালিকাখন অৰ্থনৈতিক সহযোগিতা আৰু উন্নয়ন সংস্থাই (অইচিডি) প্ৰকাশ কৰিছে৷ যাক শিক্ষা প্ৰতিবেদন বুলি কোৱা হৈছে ।

এই দেশ কেইখনক আটাইতকৈ শিক্ষিত লোক আছে :
অৰ্থনৈতিক সহযোগিতা আৰু উন্নয়ন সংস্থাই প্ৰকাশ কৰা শিক্ষা প্ৰতিবেদনত কানাডাক আটাইতকৈ শিক্ষিত দেশ হিচাপে স্থান দিয়া হৈছে । দেশখনত ৫৯.৯৬ শতাংশ লোক শিক্ষিত ।

জাপান দ্বিতীয় স্থানত আছে য’ত জনসংখ্যাৰ ৫২.৬৮ শতাংশ শিক্ষিত। লাক্সেমবাৰ্গে তৃতীয় স্থান লাভ কৰিছে । ইয়াত ৫১.৩১ শতাংশ লোক শিক্ষিত । ইয়াৰ বিপৰীতে বিশ্বৰ অন্যতম ধনী আৰু শক্তিধৰ ৰাষ্ট্ৰ মাৰ্কিন যুক্তৰাষ্ট্ৰই তালিকাৰ ষষ্ঠ স্থানত আছে ৷আনহাতে ব্ৰিটেইন অষ্টম স্থানত আছে ।

দক্ষিণ কোৰিয়া আমেৰিকা যুক্তৰাষ্ট্ৰক অতিক্ৰম কৰি তালিকাৰ চাৰি নম্বৰত আছে আৰু ইজৰাইল তালিকাৰ পঞ্চম স্থান লাভ কৰিছে । আয়াৰলেণ্ডে ব্ৰিটেইনৰ ওপৰৰ সপ্তম স্থান দখল কৰিছে ।
মনকৰিবলগীয়া যে বিশ্বৰ বৃহৎ জনসংখ্যাৰ দেশ ভাৰতে শীৰ্ষ ১০ ৰ কোনো ঠাইত স্থান লাভ কৰিব নোৱাৰিলে ।

ভাৰতৰ স্থিতি কি :

অইচিডিৰ প্ৰতিবেদন অনুসৰি ভাৰতৰ মুঠ জনসংখ্যাৰ মাত্ৰ ২০.৪ শতাংশই মহাবিদ্যালয়-বিশ্ববিদ্যালয় বা বৃত্তিমূলক পাঠ্যক্ৰমত নাম ভৰ্তি কৰি পাঠ্যক্ৰম সম্পূৰ্ণ কৰিবলৈ সক্ষম হয় ।

আপুনি জানি আচৰিত হ’ব যে এই সংখ্যাটো সমগ্ৰ বিশ্বৰ জনসংখ্যাৰ ৩৯ শতাংশ যিয়ে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ত অধ্যয়ন কৰিছে ।

শেহতীয়াকৈ ভাৰতে বিজ্ঞান আৰু প্ৰযুক্তি খণ্ডতবিশ্বৰ উন্নত দেশবোৰৰ স’তে ফেৰ মাৰিবলৈ সক্ষম হৈছে যদিও শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি থকাটো চৰকাৰৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰিছে ৷

এনেক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে শিক্ষা ব্যৱস্থা উন্নীত কৰণত বিশেষ অগ্ৰাধিকাৰ দিয়াটো প্ৰয়োজন ৷

Exit mobile version