Jongal Balahu Garh Visit Cm : ৰহাৰ ঐতিহাসিক জোঙাল বলহ গড় পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

জোঙালবলহু পৰ্যটন ক্ষেত্ৰ'ৰ নিৰ্মাণৰ ভূমি পুজন কাৰ্যসূচীত অংশগ্ৰহণ

6cb39f21 d5ec 4b33 86e9 521861409549

Jongal Balahu Garh Visit Cm :

দিনজোৰা কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা আজি দুপৰীয়া উপস্থিত হয় নগাঁৱৰ ৰহাত ৷ ৰহাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত থকা ঐতিহাসিক জোঙাল বলহ গড় পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে তিৱা ৰজা জোঙাল বলহুৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা জ্ঞাপন কৰে ৷

ইয়াৰ পাছতে মুখ্যমন্ত্ৰী গৰাকীয়ে’ জোঙালবলহু পৰ্যটন ক্ষেত্ৰ’ৰ নিৰ্মাণৰ ভূমি পুজন কাৰ্যসূচী অংশগ্ৰহণ কৰে ৷ এই উপলক্ষে আয়োজিত সভাত অংশ লৈ মুখ্যমন্ত্ৰী শৰ্মাই কয়,তিৱাসকলৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক জোঙাল বলহু দিৱসৰ আজি এই পৱিত্ৰ ক্ষণত মই বীৰযোদ্ধা গৰাকীলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছো ৷

তিৱা ৰজাসকলৰ ভিতৰত অন্যতম জোঙাল বলহুৱে ৰাজকীয় শাসন ব্যৱস্থাৰে জনগোষ্ঠীটোৰ আৰ্থ-সামাজিক আৰু আধ্যাত্মিক জীৱনধাৰাৰ যি পৰিৱৰ্তন সাধন কৰিছিল তাৰ দ্বাৰা কেৱল এই জনগোষ্ঠীয়েই নহয় বৰঞ্চ সামগ্ৰিকভাৱে সমগ্ৰ ৰাজ্যখনে এক নতুন প্ৰেৰণাৰে আগবাঢ়ি যাবলৈ সক্ষম হৈছিল বুলি মন্তব্য কৰে ৷

অসমীয়া জাতিসত্তা নিৰ্মাণত অসমৰ নৃগোষ্ঠীয় জনগোষ্ঠীসমূহৰ লোক-পৰম্পৰা, সাংস্কৃতিক জীৱনশৈলী আৰু তেওঁলোকৰ সম্পদৰাজিয়ে গুৰুত্বপূৰ্ণ অৰিহণা যোগাই আহিছে৷ এই জনগোষ্ঠীসমূহৰ ৰাজকীয় শাসন ব্যৱস্থা, জনমুখী সেৱা আৰু আন জনহিতকৰ ব্যৱস্থাৰাজিয়ে একো একোটা জনগোষ্ঠীৰ উত্তৰণৰো মাপকাঠী হৈ পৰিছিল৷

সেই দিশৰ পৰা তিৱা ৰাজকীয় শাসন অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায়৷ আজি নগাঁও জিলাৰ জোঙাল বলহু পৰ্যটন ক্ষেত্ৰৰ ভূমি পূজন অনুষ্ঠানত উপস্থিত থাকি গৌৰৱবোধ কৰে বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

শৰ্মাই আৰু কয় যে জোঙাল বলহু ক্ষেত্ৰ নিৰ্মাণ হৈ উঠিলে আমাৰ নতুন প্ৰজন্মই তিৱা জনগোষ্ঠীৰ বৰ্ণাঢ্য জীৱনগাথা, বৰ্ণিল সাংস্কৃতিক জীৱনবোধৰ বিষয়ে জানিবলৈ অধিক সুবিধা লাভ কৰিব৷ এই প্ৰকল্পটো সময় নিৰ্ধাৰিতভাৱে সম্পূৰ্ণ কৰিবলৈ পৰ্যটন বিভাগক আহ্বান জনায় ৷

অনুষ্ঠানত কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকা, জয়ন্ত মল্লবৰুৱা, কেশৱ মহন্ত, পৰিমল শুক্লবৈদ্য, বিধায়কত্ৰয় ৰমাকান্ত দেউৰী,শশীকান্ত দাস আৰু ৰূপক শৰ্মা, অসম পৰ্যটন উন্নয়ম নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ আৰু উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ প্ৰমুখ্যে গণ্য-মান্য লোকসকল উপস্থিত থাকে।

Exit mobile version