Japan : গাঁৱত বসবাস কৰিলে নাগৰিকক লাখ লাখ টকা দিব জাপান চৰকাৰে

WhatsApp Image 2023 01 05 at 16.45.18

Japan :

উন্নত জীৱন যাপনৰ আশাৰে গাঁও ত্যাগ কৰি চহৰমুখী হয় মানুহ । ফলত চহৰ অঞ্চলৰ জনসংখ্যা অত্যধিক হ’বলৈ ধৰিছে।

আনহাতে,যুৱ প্ৰজন্মৰ সংখ্যা হ্রাসত বয়োজ্যেষ্ঠ লোকৰে ভৰি পৰিছে গ্রামাঞ্চল । এই সমস্যাৰ সমাধানৰ বাবে জাপান চৰকাৰে এক নতুন কৌশল উদ্ভাৱন কৰিলে।

জাপানৰ চহৰ অঞ্চলৰ বাসিন্দাই বসবাসৰ বাবে গ্রামাঞ্চললৈ উভতি গ’লে তেনে ব্যক্তিক চৰকাৰে বিপুল পৰিমাণৰ আর্থিক সাহায্য প্রদান কৰিব।

ইতিমধ্যে একাধিক চহৰৰ কৰ্প’ৰেচনক এই প্ৰকল্পৰ অধীনলৈ অনা হৈছে । কর্মক্ষম দম্পতিসকলক প্রতি সন্তানৰ বাবে ১০ লাখ য়েনৰ বিনিময়ত চহৰ ত্যাগ কৰি গ্রামাঞ্চলত বসবাসৰ প্ৰস্তাৱ চৰকাৰে আগবঢ়াইছে ।

ভাৰতীয় মুদ্ৰাত চহৰ ত্যাগ কৰা দম্পতিয়ে প্ৰতি সন্তানৰ বিপৰীতে ছয় লাখ টকাৰো অধিক ধন লাভ কৰিব। ক’ভিড অতিমাৰীৰ পাছৰে পৰা ট’কিঅ’, ওছাকাৰ দৰে বৃহৎ চহৰত বাসিন্দাৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে জাপানৰ গ্ৰামাঞ্চলত যুৱ প্ৰজন্মৰ সংখ্যা হ্ৰাস পাইছে।

ফলত কৃষি কর্ম আদি বাধাগ্রস্ত হৈছে। গ্রামীণ সমাজ ব্যৱস্থাও ক্ষতিগ্রস্ত হৈছে । এনে পৰিস্থিতিত গাঁৱত বসবাসৰ বাবে চহৰীয়া লোকক উৎসাহিত কৰিবলৈ জাপান চৰকাৰে নগদ ধন প্ৰদানৰ এই আঁচনি ঘোষণা কৰিলে।

ট’কিঅ’ৰ ২৩ অঞ্চলত জনঘনত্ব অত্যধিক আৰু এইসমূহ অঞ্চলৰ পৰা এই প্রকল্প আৰম্ভ কৰা হ’ব। প্ৰশাসনৰ ধাৰণা অনুসৰি, এই প্রকল্প ৰূপায়ণ কৰাৰ পাছত আগন্তুক চাৰি বছৰত কমেও ১০ হেজাৰ নাগৰিকে ট’কিঅ’ ত্যাগ কৰি গ্ৰামাঞ্চলত আশ্রয় গ্রহণ কৰিব।

Exit mobile version