Spare : প্ৰকাশৰ পূৰ্বেই এমেজনৰ ‘বেষ্টছেলাৰ’ হ’ল হেৰীৰ জীৱনীগ্রন্থ %

download 1 1

Spare :

ব্রিটেইনৰ যুৱৰাজ হেৰীৰ আত্মজীৱনী গ্ৰন্থ ‘স্পেয়াৰ’ অচিৰে প্ৰকাশ পাব। পেংগুইন প্রকাশনে হেৰীৰ আত্মজীৱনীখন প্ৰকাশ কৰিব।

‘ডেইলি মেইল’ কাকতৰ এক প্রতিবেদনত উল্লেখ কৰা অনুসৰি, হেৰীৰ জীৱনীগ্ৰন্থৰ জৰিয়তে মুনাফা অর্জন কৰিবলৈ হ’লে পেংগুইনে কমেও ১৭ লাখ কপি গ্ৰন্থ বিক্ৰী কৰিব লাগিব। অর্থাৎ যুৱৰাজ হেৰীৰ আত্মজীৱনীখন আমেৰিকা আৰু ব্ৰিটেইনত ‘বেষ্টছেলাৰ’ হিচাপে স্বীকৃতি হ’ব লাগিব।

হেৰীয়ে এইখন গ্ৰন্থত তেওঁৰ শৈশৱৰ পৰা আৰম্ভ কৰি ব্ৰিটিছ ৰাজপৰিয়ালৰ বিভিন্ন গোপনীয় কথা প্ৰকাশ কৰিছে। আত্মজীৱনীখন লিখাৰ বাবে পেংগুইনৰ স’তে হেৰীয়ে ১৬৪ কোটিটকীয়া চুক্তিত আবদ্ধ হৈছিল।

তথ্য অনুসৰি, পেংগুইনে হেৰীৰ স’তে চাৰিখন গ্ৰন্থৰ বাবে চুক্তিত আবদ্ধ হৈছিল। ‘স্পেয়াৰ’ৰ বাহিৰে আন তিনিখন গ্ৰন্থৰ এখন তেওঁ পত্নী মেগানৰ স’তে যৌথভাৱে ৰচনা কৰিব।

আন দুখন গ্ৰন্থৰ এখন নেতৃত্ব বিষয়ক আৰু আনখন মানৱ কল্যাণ বিষয়ক হ’ব। ‘ডেইলি মেইল’ৰ আন এক প্রতিবেদনত উল্লেখ কৰা মতে,প্ৰকাশৰ পূৰ্বেই এমেজনত হেৰীৰ জীৱনীগ্ৰন্থখন ‘বেষ্টছেলাৰ’ স্বীকৃত হ’ল। যথেষ্ট সংখ্যক লোকে ইতিমধ্যে এমেজনত ‘স্পেয়াৰ’ ক্ৰয়ৰ বাবে অগ্রিম বুকিং সম্পন্ন কৰিলে।

Exit mobile version