Pakistan : পাকিস্তানত এবছৰত ৫০০ শতাংশ মূল্যবৃদ্ধি পিঁয়াজৰ

2019 8largeimg28 Wednesday 2019 073212906

Pakistan :

পাকিস্তানত ২০২২ৰ জানুৱাৰীত প্রতি কিলো পিঁয়াজৰ মূল্য আছিল ৩৬ টকা। সম্প্রতি দেশখনৰ বজাৰত প্রতি কিলো পিঁয়াজ ২২০ টকা মূল্যত বিক্ৰী হৈছে।

অর্থাৎ এবছৰত দেশখনত পিঁয়াজৰ ৫০০ শতাংশ মূল্যবৃদ্ধি হ’ল। জানুৱাৰী ২০২২ত পাকিস্তানত মূল্যবৃদ্ধিৰ হাৰ আছিল ১৩ শতাংশ আৰু সম্প্ৰতি এই হাৰ ২৫ শতাংশলৈ বৃদ্ধি পাইছে।

ইফালে, দেশখনত বিদেশী মুদ্রা ভাণ্ডাৰো আঠ বছৰৰ সৰ্বনিম্ন হ’ল। দেশখনৰ ঋণৰ বোজা মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ৰ ৭৮ শতাংশলৈ বৃদ্ধি পালে।

বিগত নমাহ ধৰি দেশখনত অব্যাহত থকা ৰাজনৈতিক অস্থিৰতাই অৰ্থনীতিত নেতিবাচক প্রভাৱ পেলাইছে। ২০২২ৰ জুনৰ পৰা ছেপ্টেম্বৰলৈকে অব্যাহত থকা বানৰ ফলতো দেশখনৰ বিস্তীর্ণ অঞ্চলৰ ব্যাপক ক্ষতি হৈছিল।

এই বানত ১.৫ কোটিৰো অধিক দেশবাসী প্ৰভাৱিত হৈছিল আৰু ১২.৫ বিলিয়ন ডলাৰৰ ক্ষতি হৈছিল। ২০২০ৰ ডিচেম্বৰত পাকিস্তানী ৰূপয়াৰ মূল্য ডলাৰৰ বিপৰীতে ১৬০.১ ৰূপয়া আছিল আৰু ২০২২ৰ ডিচেম্বৰত ৰূপয়া দুৰ্বল হৈ ডলাৰৰ বিপৰীতে ২২৪.৮ ৰূপয়া হৈছিল।

Exit mobile version