Air Pollution in Delhi : দিল্লীত ভয়াৱহ বায়ু প্ৰদূষণৰ প্ৰতিবাদ বিজেপি বিধায়কৰ

অক্সিজেন চিলিণ্ডাৰ আৰু মুখত মাস্ক পিন্ধি বিধানসভালৈ আহিল বিজেপি বিধায়ক

WhatsApp Image 2023 01 16 at 4.07.44 PM 1

Air Pollution in Delhi :

দেশৰ ৰাজধানী চহৰ দিল্লীত ভয়াৱহ বায়ু প্ৰদূষণ ৷ তীব্ৰ ঠাণ্ডা লহৰৰ মাজতে ভুতৰ ওপৰত দানহ পৰাৰ দৰে শেহতীয়াকৈ ভয়াৱহ ৰূপত বায়ু প্ৰদুষণে দিল্লীবাসীৰ বাবে ভয়াৱহ সংকট কঢ়িয়াই আনিছে ৷

শাসনাধিষ্ঠ আম আদমী পাৰ্টিৰ প্ৰাদেশিক চৰকাৰ খনে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যৰ্থতা প্ৰদৰ্শন অভিযোগ কৰিছে বিৰোধী দল বিজেপিয়ে ৷

দিল্লীত ভয়াৱহ বায়ু প্ৰদূষণৰ প্ৰতিবাদ বিজেপি বিধায়কৰ ৷ সোমবাৰে দিল্লীৰ বিজেপি বিধায়ক সকলে অক্সিজেন চিলিণ্ডাৰ আৰু মুখত মাস্ক পিন্ধি দিল্লী বিধানসভালৈ আহি অভিনৱ প্ৰতিবাদ কৰে ৷

Exit mobile version