Tihu:টিহু ষাঠিকুছিৰ শ্ৰীশ্ৰজয়হৰি পিতাৰ থানত ১০৮ টি শিশু গৰখীয়া সেৱা সম্পন্ন 

WhatsApp Image 2023 01 16 at 6.38.05 PM

Tihu :

টিহুৰ গোৱৰাদল-ষাঠিকুছি অঞ্চলৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীজয়হৰি পিতাৰ থানৰ ধৰ্মীয় সভা মহোৎসৱ আৰু কৃষ্ণ সহিতে বাৰগোপাল আৰু ১০৮ টি (মুঠ ১২১) শিশুৰ গৰখীয়া সেৱা পুৱা ৬.৩০ বজাত মেজি প্ৰজ্বলনেৰে আৰম্ভ হয় ৷

মেজি প্ৰজ্বলন কৰে থান পৰিচালনা সমিতিৰ সভাপতি চন্দন ভট্টাচাৰ্য্যই ৷ পুৱা ৭ বজাত মন্দিৰৰ চাৰিদিশে ভাগৱত প্ৰদক্ষিণৰ পাছত আসন স্থাপন কৰে থানৰ দেউৰী যতীন্দ্ৰ নাথ মেধিয়ে ৷ থান পৰিচালনা সমিতিৰ সভাপতিয়ে মন্দিৰত ১০৮ গছি বন্তি প্ৰজ্বলন কৰাৰ পাছত থান চৌহদত থকা প্ৰয়াত থান অধিকাৰীৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা হয় ৷

পাছত মন্দিৰত নাম-প্ৰসংগ আৰু গছপুলি ৰোপণ কৰা হয় ৷ ইয়াৰ পিছতে পুৱা ৯ বজাত এঘাৰজনী অকুমাৰী ছোৱালীৰ দ্বাৰা পানী তোলা অনুষ্ঠান অনুষ্ঠিত হয় ৷ উক্ত অনুষ্ঠানৰ শুভ উদ্বোধন কৰে অ বি চি মৰ্চা অসমৰ ৰাজ্যিক উপ-সভানেত্ৰী ভনিতা মেধিয়ে ৷

৮.৪৫ বজাত থানৰ পদাধিকাৰ গনেশ তামুলীয়ে আসন গ্ৰহণ কৰাৰ পাছতে ১০ বজাত অনুষ্ঠিত হ’য় কৃষ্ণ সহিতে বৰগোপাল আৰু ১০৮ জন শিশুৰ গৰখীয়া সেৱা অনুষ্ঠান ৷ উক্ত অনুষ্ঠানত থানৰ গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি নৃপেন্দ্ৰ নাথ শৰ্মাই বন্তি প্ৰজ্বলন আৰু উত্তৰ-পূৱ কৰ্কট চিকিৎসালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ অধ্যক্ষ তথা থান পদাধিকাৰ গণেশ তামুলীয়ে গৰখীয়া সেৱা অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পাছতে শ্ৰীকৃষ্ণৰ অষ্টোত্তৰ শতনাম পাঠ কৰে আধ্যাত্মিক গীতা সত্ৰ বজালীৰ সত্ৰাধিকাৰ আচাৰ্য মথুৰা মোহন তালুকদাৰে ৷

১১.৩০ বজাত দুৰ্গা হোমিঅ’ হোল নলবাৰীৰ স্বত্বাধিকাৰী জিতেন্দ্ৰ দত্ত,নৈশ উচ্চতৰ মাধ্যমিক বিদ্যালয় গুৱাহাটীৰ প্ৰাক্তন অধ্যক্ষ ড° সৰ্বানন্দ বৰ্মন,অসম বাণিজ্য উন্নয়ন সংস্থা অসম চৰকাৰৰ উপাধ্যক্ষ মধুৰাম ডেকা আৰু এন ই ভাৰত-২৪ৰ মূখ্য কাৰ্য্যবাহী বিষয়া দুলাল বৰাই শিশু গৰখীয়া সকলক প্ৰসাদ আৰু ভোগ বিতৰণ কৰাৰ পিছত ৰাজ্যৰ বিভিন্ন ঠাইৰ ভক্তই শিশু গৰখীয়াসকলক বিভিন্ন বস্তু আগবঢ়াই ৷

থানখনত পুৱাৰে পৰা ভক্ত-দৰ্শনাৰ্থীয়ে ভিৰ কৰে ৷ দুপৰীয়া ১২ বজাত থান পৰিচালনা সমিতিৰ সভাপতি চন্দন ভট্টাচাৰ্য্যৰ
সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত মাজুলীৰ দক্ষিণপাটৰ গৃহশ্ৰামী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱগোস্বামীয়ে মূখ্য অতিথি হিচাপে উপস্থিত থাকি কয় যে,“ ধৰ্মই সংস্কৃতি আৰু জাতিৰ লগতে সমাজৰ স্বৰূপ নিৰ্ণয় কৰে । ধৰ্মই সমাজ সুসংগঠিত কৰি আমাক জাতীয় জীৱনত আগবাঢ়ি যোৱাত সহায় কৰে । ভগৱান শ্ৰীকৃষ্ণই গৰখীয়া সকলৰ লগত নিজৰ ছাঁ টোৰ দৰে আছিল । আজিৰ এই পবিত্ৰ দিনত দেৱশিশু গৰখীয়া সকলক সেৱা কৰি ভগৱানৰ আশীষ লাভ কৰে”।

সভাত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ অসম ক্ষেত্ৰৰ বৌদ্ধিক প্ৰমুখ শংকৰ দাসে অতিথি হিচাপে উপস্থিত থাকি ভাষণ আগবঢ়াই বেদ শব্দৰ অৰ্থ জ্ঞান আৰু বেদ সংস্কৃতিৰ গুৰি ধৰোতা বুলি উল্লেখ কৰি বেদ নপঢ়িলে সনাতন ধৰ্মৰ কথা নাযানে বুলিওঁ তেওঁ কয় ৷

থান পদাধিকাৰ গনেশ তামুলী,নলবাৰীৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাখনত বিশিষ্ট সমাজসেৱীকা বিদ্যা তামুলীয়ে বৰগীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে ৷

১২.৩০ বজাত ভক্ত সকলৰ মাজত সামূহিকভাৱে ভোগ বিতৰণ কৰা হয় ৷ সন্ধিয়া ৰঙিয়াৰ পিতাম্বৰ হাট বজালীৰ পাঠক নিপন দত্ত কলিতা আৰু সংগীবৃন্দৰ দ্বাৰা নাগাৰা নাম পৰিৱেশন কৰা হয় ৷ কাইলৈ পুৱা বন্তি প্ৰজ্বলন, ভাগৱত পাঠ,মহিলাৰ নাম পৰিৱেশণৰ পাছত আবেলি গৰেশ্বৰ ৰামপুৰৰ পাঠক উৰ্বশী ৰাজবংশী,কৈঠালকুছি নাকেৰবাৰীৰ পাঠক বিজিত হালৈ আৰু ধনজিৎ বৰ্মনে নাগাৰা নাম পৰিৱেশন কৰিব ৷

৩ মাঘৰ পুৱা বন্তি প্ৰজ্বলন,ভাগৱত পাঠ আৰু আবেলি স্থানীয় মহিলা সকলৰ দ্বাৰা নাম-প্ৰসংগ কৰা হ’ব ৷

Exit mobile version