Drugs Seized In Karimgang:কৰিমগঞ্জত জব্দ ৫০ কোটি টকাৰ ইয়াবা টেবলেট, গ্ৰেপ্তাৰ ১

WhatsApp Image 2023 01 17 at 7.25.13 PM 1

Drugs Seized In Karimgang:

কৰিমগঞ্জ চহৰৰ সমীপৰ বাগৰগুল চেক পইণ্টত আৰক্ষীয়ে মঙলবাৰে এখন বাহনৰ পৰা বিপুল পৰিমাণৰ নিচা জাতীয় ইয়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে আটক কৰে এগৰাকী ব্যাক্তিক ।

কৰিমগঞ্জ জিলা আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই কয় যে, জব্দ কৰা ইয়াবা টেবলেট সমূহৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত ৫০ কোটি টকা।  মিজোৰামৰ পৰা অহা এখন বাহনৰ পৰা কেইবাটাও পেকেটত ৭.৬ লাখ ইয়াবা টেবলেট জব্দ কৰে ।

ধৃত ব্যক্তিজন কৰিমগঞ্জ জিলাৰ বাসিন্দা জামালুদ্দিন বুলি চিনাক্ত কৰা হৈছে । তেওঁ মিজোৰামৰ পৰা নিচাজাতীয় সামগ্ৰী কঢ়িয়াই নিয়াৰ সন্দেহ কৰিছে আৰক্ষী বিষয়াসকলে।

সম্প্ৰতি সৰবৰাহকাৰীটোক সোধাপোচা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

Exit mobile version