Sikkim : অধিক সন্তান জন্ম দিলে মহিলা কৰ্মচাৰীয়ে লাভ কৰিব ধন !

কিন্তু ক'ত ?

WhatsApp Image 2023 01 18 at 4.09.15 PM

Sikkim :

ছিকিমত এতিয়াৰে পৰা সন্তান জন্ম দিলে মহিলা কৰ্মচাৰীয়ে বিশেষ ইনক্রিমেন্ট লাভ কৰিব। ছিকিম চৰকাৰে এই সন্দৰ্ভত এক প্ৰস্তাৱ দাখিল কৰিলে আৰু উক্ত প্ৰস্তাৱত উল্লেখ কৰা অনুসৰি দ্বিতীয়বাৰ মাতৃত্ব অর্জন কৰিলে ৰাজ্যখনৰ মহিলা কৰ্মচাৰীয়ে এটা ইনক্ৰিমেণ্ট আৰু তৃতীয় সন্তান জন্ম দিলে ডবল ইনক্রিমেন্ট লাভ কৰিব।

সাধাৰণ লোকেও অধিক সন্তান জন্ম দিলে চৰকাৰী সুবিধা লাভ কৰিব ৷ একেদৰে আইভিএফ পদ্ধতিৰে মাতৃত্ব অৰ্জন কৰা মহিলাক ৰাজ্য চৰকাৰে তিনি লাখ টকাৰ বিত্তীয় সাহায্য প্ৰদান কৰিব।

শেহতীয়াকৈ ছিকিমৰ মুখ্যমন্ত্রী প্রেম সিং তামাঙে এই কথা ঘোষণা কৰিলে। উল্লেখ্য যে বিগত কে’বাবছৰ ধৰি ছিকিমত প্ৰজনন হাৰ যথেষ্ট হ্ৰাস পাইছে।

ৰাজ্যৰ জনসংখ্যা বৃদ্ধিৰ বাবে দম্পতিসকলক উৎসাহিত কৰিবলৈ ছিকিম চৰকাৰে এই পদক্ষেপ গ্রহণ কৰিলে। সম্প্ৰতি ছিকিম চৰকাৰে প্ৰথম সন্তান জন্ম দিয়া মহিলা কৰ্মচাৰীক ৩৬৫ দিনৰ আৰু পুৰুষ কৰ্মচাৰীক ৩০ দিনৰ ছুটি প্ৰদান কৰি আহিছে।

Exit mobile version