Appointment Letter Distribution Ceremony:শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰত ৮২৮ যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ

নিযুক্তি পত্ৰ বিতৰণ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

WhatsApp Image 2023 01 19 at 7.42.00 PM

Appointment Letter Distribution Ceremony:

একলাখ নিযুক্তি প্ৰদান প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত অসম চৰকাৰৰ চাৰিটা বিভাগৰ অধীনত ৮২৮ যুৱক-যুৱতীৰ মাজত বিতৰণ কৰা হয় নিযুক্তি পত্ৰ

এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি ৰূপে ভাগ লৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয়,মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মৰ সৱল নেতৃত্বত আজি নিযুক্তি প্ৰাপ্তসকলকে ধৰি এতিয়ালৈকে মুঠ ৪০,৫০২গৰাকীক নিযুক্তি প্ৰদান কৰা হৈছে ।

আজিৰ দিনটোৱে স্বৰ্ণিল দিন ৰূপে স্বাক্ষৰ বহন কৰি যাৱ ৷ আগন্তুক দিনত একলাখ নিযুক্তি লক্ষ্য পূৰণ কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷

উল্লেখ্য যে আজি নিযুক্তিপ্ৰাপ্ত সকলৰ ভিতৰত স্বাস্থ্য বিভাগৰ ৫৪১ গৰাকী চিকিৎসক আৰু ৩৪ গৰাকী খাদ্য সুৰক্ষা বিষয়া, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগত ২৩৬ গৰাকী চিকিৎসকৰ লগতে ভূমি সংৰক্ষণ বিভাগত ১৩ গৰাকী সহকাৰী ভূমি সংৰক্ষণ বিষয়া আৰু জল সম্পদ বিভাগত ৪ গৰাকী শাখা সহায়ক (তৃতীয় বৰ্গ) নিযুক্তি দিয়া হয়।

অনুষ্ঠানত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, ৰাজ্যৰ মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰ, অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্ৰসাদ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব ডাঃ সিদ্ধাৰ্থ সিং, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক অভিযান সঞ্চালক ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া, শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ ধ্ৰুৱজ্যোতি বৰা, ৰাজ্যৰ চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মনৰ লগতে স্বাস্থ্য বিভাগকে ধৰি চাৰিওটা বিভাগৰে কাৰ্যবাহী সকল উপস্থিত থাকে ৷

Exit mobile version